নেশ্যনেল ডেস্ক,২৬ জুন : মণিপুৰৰ পৰিস্থিতি উন্নত হোৱা নাই যদিও নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থীৰ বিভিন্ন কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে আৰক্ষী আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ বৃহৎ পদক্ষেপ । ৰাজ্যখনত উগ্ৰপন্থীয়ে নিৰ্মাণ কৰা কেইবাটাও বাংকাৰ ধ্বংস কৰিবলৈ সক্ষম হৈছে নিৰাপত্তা বাহিনী । ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ১২ টা বাংকাৰ ধ্বংস কৰিছে নিৰাপত্তা বাহিনীয়ে । হিংসাত্মক ঘটনা সংঘটিত হোৱা বিভিন্ন জিলাত আছিল এই বাংকাৰসমূহ ।
মণিপুৰ আৰক্ষীয়ে জাৰি কৰা এক বিবৃতি অনুসৰি আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে তামেংলং, ইম্ফল পূব, বিষ্ণুপুৰ, কাংপোকপি, চুৰাচান্দপুৰ আৰু কাকচিং জিলাত তালাচী অভিযান চলাইছিল । সেই সময়তে পাহাৰ আৰু উপত্যকা অঞ্চলত থকা বাংকাৰসমূহ ধ্বংস কৰা হৈছে । বিবৃতিত উল্লেখ কৰা মতে অনুসন্ধানৰ সময়ত চাহুম্ফাই গাঁৱৰ ধানৰ পথাৰত তিনিটা ৫১ মিঃমিঃ মৰ্টাৰ শ্বেল আৰু তিনিটা ৮৪ মিঃমিঃ মৰ্টাৰ শ্বেল পোৱা গৈছে আৰু কাংভাই আৰু এছ কোটলিয়ান গাঁৱৰ মাজৰ এখন ধানৰ পথাৰত এটা আইইডি পোৱা গৈছে । বোমা বিশেষজ্ঞ দলে ঘটনাস্থলীতে মৰ্টাৰ শ্বেল আৰু আইইডি ধ্বংস কৰিছে ।
মণিপুৰ আৰক্ষীয়ে কোৱা মতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে যদিও কিছুমান ঠাইত বিক্ষিপ্ত ঘটনা নিয়ন্ত্ৰণত আছে । অৱশ্যে ৰাজ্যখনৰ বেছিভাগ জিলাত স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে । বিভিন্ন জিলাত সান্ধ্য আইন উলংঘন, পৰিত্যক্ত ঘৰত চুৰি, অগ্নিসংযোগৰ দৰে গোচৰত প্ৰায় ১৩৫ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
আৰক্ষীৰ বিবৃতি অনুসৰি এতিয়ালৈকে মুঠ ১১০০ টা অস্ত্ৰ, ১৩৭০২ টা গোলাবাৰুদ আৰু ২৫০ টা বিভিন্ন ধৰণৰ বোমা উদ্ধাৰ কৰা হৈছে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ফ্লেগ মাৰ্চ, নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে অভিযান অব্যাহত আছে । আৰক্ষীয়ে সাধাৰণ ৰাইজক ৰাজ্যখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো সম্ভৱ সহায় আগবঢ়াবলৈ আহ্বান জনাইছে । লগতে আৰক্ষীয়ে ৯২৩৩৫২২৮২২ ট'ল ফ্ৰী নম্বৰ মুকলি কৰিছে । বিভিন্ন উৰা বাতৰি সন্দৰ্ভত তথ্য প্ৰদান কৰাৰ লগতে আৰক্ষী বা নিৰাপত্তা বাহিনীক অস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সামগ্ৰী ঘূৰাই বা জমা দিবলৈ আহ্বান জনাইছে ।