ETV Bharat / bharat

মণিপুৰত মাৰণাস্ত্ৰসহ আটক ZUF(K)ৰ ৪ কেডাৰ

author img

By

Published : Jul 17, 2021, 10:33 AM IST

Updated : Jul 17, 2021, 10:53 AM IST

মণিপুৰত নিৰাপত্তা বাহিনীৰ জালত পৰিল উগ্ৰপন্থী সংগঠন ‘জেলিয়াংৰোং ইউনাইটেড ফ্ৰন্ট’ (Zeliangrong United Front)ৰ ৪ জন কেডাৰ । আৰক্ষীৰ সহযোগত নিৰাপত্তা বাহিনীয়ে যুটীয়া অভিযান চলাই ৰাজ্যখনৰ পূৱ ইম্ফল জিলাৰ পৰা উগ্ৰপন্থী সংগঠনটোৰ কেডাৰকেইজনক আটক কৰে । ধৃত কেডাৰকেইজনৰ পৰা অভিযানকাৰী দলটোৱে জব্দ কৰে অস্ত্ৰ-শস্ত্ৰ আৰু মোবাইল ফোন ।

SECURITY FORCES APPREHEND FOUR ZUF CADRES
মণিপুৰত নিৰাপত্তা বাহিনীৰ জালত পৰিল ZUFৰ ৪ জন কেডাৰ

নেশ্যনেল ডেস্ক, ১৭ জুলাই : মণিপুৰ(Manipur)ত আটক হ'ল উগ্ৰপন্থী সংগঠন ‘জেলিয়াংৰোং ইউনাইটেড ফ্ৰন্ট ’(Zeliangrong United Front)ৰ সক্ৰিয় সদস্য । বৃহস্পতিবাৰে নিৰাপত্তা বাহিনী (Security force)য়ে আটক কৰে সশস্ত্ৰ সংগঠনটোৰ ৪ জন সদস্যক । এক গোপন তথ্যৰ ভিত্তিত মণিপুৰৰ পূৱ ইম্ফল জিলাৰ প'ৰ'ম্পাট গাঁৱত স্পিয়াৰ কৰ্পছৰ নিৰাপত্তা বাহিনীয়ে আৰক্ষীৰ সহযোগত যুটীয়া অভিযান চলাইছিল । এই অভিযানতে জেলিয়াংৰোং ইউনাইটেড ফ্ৰন্টৰ সক্ৰিয় সদস্যকেইজন নিৰাপত্তা বাহিনীৰ জালত পৰে ।

ধৃত সদস্যকেইজনৰ পৰা নিৰাপত্তা বাহিনীয়ে দুটা আৰ পি জি(RPG), এটা এছ এল আৰ(SLR) আৰু এটা এইচ কে(HK) জব্দ কৰে । লগতে পুৰণি মামৰে ধৰা অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে অভিযানকাৰী দলটোৱে । সম্প্ৰতি ধৃত সদস্য কেইজনক নিৰাপত্তা বাহিনীয়ে পূৱ ইম্ফল আৰক্ষীক গটাই দিছে আৰু জব্দ কৰা অস্ত্ৰসমূহো অধিক অনুসন্ধানৰ বাবে আৰক্ষীক হস্তান্তৰ কৰিছে । বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, জেলিয়াংৰোং ইউনাইটেড ফ্ৰন্ট চমুকৈ ZUF(K)হৈছে জেলিয়াংৰোং নাগা জনজাতিৰ এক উগ্ৰপন্থী সংগঠন । এই উগ্ৰপন্থী সংগঠনটো নাগালেণ্ড আৰু মণিপুৰৰ পাহাৰীয়া অঞ্চলৰ নগা জনজাতি অধ্যুষিত এলেকাত সক্ৰিয় ।

ইতিমধ্যে মণিপুৰৰ এই উগ্ৰপন্থী সংগঠনটোৱে চৰকাৰৰ সৈতে কোনো শান্তি চুক্তি স্বাক্ষৰ নকৰে বুলি স্পষ্ট কৰি দিছে । লগতে জেলিয়াংৰোং জনজাতিৰ লোকৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিব বুলি কৈছে । আনহাতে, যোৱা ১১ জুনত অসমৰ কাছাৰ জিলাতো জেলিয়াংৰোং ইউনাইটেড ফ্ৰন্টৰ এজন সক্ৰিয় সদস্যক আটক কৰা হৈছিল ।

লগতে পঢ়ক:বিচনাৰ তলতে উদ্ধাৰ হস্ত নিৰ্মিত পিষ্টল সহ চোকা অস্ত্ৰ

Last Updated : Jul 17, 2021, 10:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.