নিউজ ডেস্ক, ২ জুন : ভাৰতীয় আইন আয়োগে (Law Commission of India) আইন মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত পৰামৰ্শ দিছে যে দেশদ্ৰোহৰ সৈতে সম্পৰ্কিত আইপিচিৰ ধাৰা ১২৪এ ভাৰতীয় দণ্ডবিধিত ৰাখিব লাগিব (124A of IPC dealing with Sedition) । অৱশ্যে ব্যৱস্থাটোৰ ব্যৱহাৰ সম্পৰ্কে যাতে অধিক স্পষ্টতা আনিব পাৰি তাৰ বাবে এই ক্ষেত্ৰত কিছুমান সংশোধনী হ'ব পাৰে । আইন আয়োগৰ প্ৰতিবেদনত (Law Commission report) কোৱা হৈছে, "আমি আৰু পৰামৰ্শ দিওঁ যে উক্ত ধাৰাৰ অধীনত প্ৰদান কৰা শাস্তিৰ নীতি সংশোধন কৰা হ'ব, যাতে ইয়াক আইপিচিৰ ষষ্ঠ অধ্যায়ৰ অধীনত আন অপৰাধৰ সৈতে সমতা স্থাপন কৰা হয় (Indian Penal Code) ।"
তদুপৰি, ধাৰা ১২৪এ-ৰ অপব্যৱহাৰ সম্পৰ্কীয় মতামতৰ বিষয়ে বিবেচনা কৰি আয়োগে পৰামৰ্শ দিয়ে যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত নিয়ন্ত্ৰণ ৰখা আৰ্হি নিৰ্দেশনা জাৰি কৰিব । এই সন্দৰ্ভত বিকল্পভাৱে এইটোও পৰামৰ্শ দিয়া হৈছে যে অপৰাধ প্ৰক্ৰিয়া বিধি, ১৯৭৩-ৰ (Code of Criminal Procedure, CrPC) ধাৰা ১৯৬(৩)-ৰ সৈতে সাদৃশ্যপূৰ্ণ এটা ব্যৱস্থা চিআৰপিচিৰ ধাৰা ১৫৪-ৰ প্ৰবন্ধন হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব পাৰে, যিয়ে আইপিচিৰ ধাৰা ১২৪এ-ৰ অধীনত (Section 124A of IPC) এটা অপৰাধৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পূৰ্বে প্ৰয়োজনীয় প্ৰক্ৰিয়াগত সুৰক্ষা প্ৰদান কৰিব ।
এই পৰামৰ্শলৈ কিয় আগবাঢ়ি যোৱা হৈছে তাৰ কাৰণবোৰ প্ৰতিবেদনত বিতংভাৱে বিবেচনা কৰা হৈছে । লগতে আয়োগৰ দৃঢ় বিশ্বাস যে ইয়াক অন্তৰ্ভুক্ত কৰিলে এই ব্যৱস্থাৰ ব্যৱহাৰৰ সৈতে সম্পৰ্কিত উদ্বেগবোৰ সমাধান কৰাত বহুদূৰ আগবাঢ়িব পৰা যাব বুলি প্ৰতিবেদনখনত লগতে কোৱা হৈছে । আনহাতে, ভাৰতৰ ২২ সংখ্যক আইন আয়োগৰ (22nd Law Commission of India) অধ্যক্ষ ন্যায়াধীশ ৰিতুৰাজ অৱস্থীয়ে 'দেশদ্ৰোহৰ আইনৰ ব্যৱহাৰ' সম্পৰ্কীয় প্ৰতিবেদনত কয়, "আমি ভাৰতত দেশদ্ৰোহ আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কীয় আইনৰ এক বিস্তৃত অধ্যয়ন কৰিছোঁ, ইয়াৰ উৎপত্তি আৰু বিকাশৰ সন্ধান কৰিছোঁ ।"
আয়োগে ঔপনিৱেশিক আৰু স্বাধীন ভাৰতত দেশদ্ৰোহৰ ইতিহাস, বিভিন্ন অধিকাৰৰ ক্ষেত্ৰত ৰাজদ্ৰোহৰ আইন আৰু বিষয়বস্তুৰ ওপৰত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিভিন্ন ঘোষণাৰ বিশ্লেষণ কৰে । আইন আয়োগৰ প্ৰতিবেদকে কৈছে যে ই ভাৰতীয় দণ্ডবিধি, ১৮৬০-ৰ (IPC) ধাৰা ১২৪এ-ৰ ব্যৱহাৰৰ অধ্যয়নৰ বাবে গৃহ মন্ত্ৰালয়ৰ পৰা এটা প্ৰসংগ লাভ কৰিছে আৰু যদি থাকে তেন্তে সংশোধনৰ পৰামৰ্শ দিছে ।
উল্লেখ্য যে আইপিচিৰ ধাৰা ১২৪এ-ৰ সাংবিধানিকতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক প্ৰত্যাহ্বান জনোৱা হৈছিল (Section 124A of IPC challenged before Supreme Court) । আনহাতে, ভাৰত চৰকাৰে উচ্চতম ন্যায়ালয়ক আশ্বাস দিয়ে যে চৰকাৰে ধাৰা ১২৪এ পুনৰ পৰীক্ষা কৰি আছে আৰু আদালতে একেটা কামৰ বাবে নিজৰ মূল্যৱান সময় ব্যয় নকৰিলেও হ'ব। উল্লেখ্য, ২০২২ চনৰ ১১ মে'ত প্ৰদান কৰা একেই প্ৰসংগ আৰু বিদ্বেষমূলক আদেশ অনুসৰি, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু সকলো ৰাজ্য চৰকাৰক কোনো এজাহাৰ পঞ্জীয়ন কৰা বা কোনো বলপূৰ্বক ব্যৱস্থা লোৱাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছিল । আনহাতে, ধাৰা ১২৪এ সন্দৰ্ভত অব্যাহত থকা সকলো তদন্ত স্থগিত ৰাখিছিল ।
ইয়াৰ উপৰি আদালতে লগতে নিৰ্দেশ দিছিল যে সকলো অমীমাংসিত বিচাৰ, আপীল আৰু প্ৰক্ৰিয়া স্থগিত ৰখা হ'ব । 22 সংখ্যক আইন আয়োগে অধ্যক্ষ আৰু অন্যান্য সদস্য নিযুক্তিৰ পিছত ২০২২ চনৰ ৭ নৱেম্বৰ তাৰিখৰ জাননীমৰ্মে তৎক্ষণাৎ এই প্ৰসংগটো গ্ৰহণ কৰে আৰু এই বিষয়ত চূড়ান্ত প্ৰতিবেদন বিবেচনাৰ বাবে দাখিল কৰে ।
লগতে পঢ়ক :Amit Shah in Manipur : কেন্দ্ৰীয় মন্ত্ৰীক ধন্যবাদ ৰাজ্যপাল অনুচুয়া উইকীৰ