নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী: শুক্ৰবাৰে মিজোৰামৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী ড০ আৰ লালথাংগালিনাই ঘোষণা কৰে যে, অহা ১ মাৰ্চৰ পৰা মিজোৰামৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা হ'ব । এই সন্দৰ্ভত এছ অ' পি জাৰি কৰা হ'ব আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্বাস্থ্যবিধি মানি চলিহে পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব বুলি মন্তব্য কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে । ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এই নিৰ্দেশনা কঠোৰ ভাৱে মানি চলিব লাগিব ।
শুক্ৰবাৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষা বিষয়াসকলৰে এক বৈঠকত মিলিত হয় । এই বৈঠকতে এছ অ' পি জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । শিক্ষামন্ত্ৰীগৰাকীয়ে জনোৱা মতে, সকলো বিদ্যালয়, মহাবিদ্যালয়, মিজোৰাম বিশ্ববিদ্যালয়, এনআইটি, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ প্ৰৱেশদ্বাৰত থাৰ্মেল স্ক্ৰীণিঙৰ ব্যৱস্থা কৰা হ'ব ।
লগতে পঢ়ক:মাত্ৰ দুটা দিনত মিজোৰামত ৩.৬ কোটিৰো অধিক মূল্যৰ হিৰ'ইন জব্দ