ETV Bharat / bharat

নৌসেনাৰ ১০গৰাকীকৈ মহিলা বিষয়াৰ অৱসৰ স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে

author img

By

Published : Dec 30, 2020, 5:39 PM IST

অহা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া আছিল ১০ গৰাকী মহিলা নৌসেনা বিষয়াই । সৰ্বোচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ শেষৰ ভাগলৈ হস্ৰ সেৱা আয়োগৰ মহিলা বিষয়াসকলক স্থায়ী আয়োগৰ মঞ্জুৰী দিবলৈ কেন্দ্ৰ আৰু নৌসেনাক নিৰ্দেশ দিছিল ।

নৌসেনাৰ ১০গৰাকীকৈ মহিলা বিষয়াৰ অৱসৰ স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে
নৌসেনাৰ ১০গৰাকীকৈ মহিলা বিষয়াৰ অৱসৰ স্থগিত কৰিলে উচ্চতম ন্যায়ালয়ে

নেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ: উচ্চতম ন্যায়ালয়ে অহা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া ১০ গৰাকী মহিলা নৌসেনা বিষয়াৰ অৱসৰ স্থগিত কৰে । বুধবাৰে ন্যায়াধীশ ইণ্ডিৰা বেনাৰ্জী আৰু অনিৰুদ্ধ বসুৱে মহিলা নৌসেনা বিষয়াৰ পক্ষৰ জ্যেষ্ঠ অধিবক্তা মীনাক্ষী আৰোৰাৰ প্ৰতিবেদনত গুৰুত্ব আৰোপ কৰে আৰু অন্তৱৰ্তীকালীন সকাহ দিয়ে ।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হোৱা শুনানিত বিচাৰপীঠে কয় যে, কেন্দ্ৰ আৰু নৌসেনা বাহিনীয়ে মহিলা নৌসেনা বিষয়াৰ অৱসৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া আগবঢ়াৱ পাৰে । লগতে অহা ১৯ জানুৱাৰীত পৰৱৰ্তী শুনানি গ্ৰহণৰ কথাও ঘোষণা কৰে । পৰৱৰ্তী শুনানি পৰ্যন্ত ১০ গৰাকী মহিলা নৌসেনা বিষয়াৰ অৱসৰ স্থগিত থাকিব বুলি স্পষ্ট কৰি দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে ।

অন্তৱৰ্তীকালীন নিৰ্দেশৰ দ্বাৰা মহিলা বিষয়াকেইগৰাকীৰ পক্ষত কোনো ধৰণৰ সমতা নাথাকিব বুলিও কয় । জ্যেষ্ঠ অধিবক্তা আৰ বালাশুভ্ৰমণিয়ামে কেন্দ্ৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰে । হস্ৰ সেৱা আয়োগৰ ১০ গৰাকী মহিলা বিষয়াৰ দ্বাৰা দুখন পৃথক আবেদন জনোৱা হৈছে । এই মহিলা নৌসেনা বিষয়াসকলৰ ভিতৰত আছে এন্নী নাগৰাজ আৰু চি ডি আৰ বিজয়েতা ।

মহিলা নৌসেনা বিষয়া কেইগৰাকীয়ে অহা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া আছিল । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৭ মাৰ্চত এক শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে হস্ৰ সেৱা আয়োগৰ মহিলা বিষয়াসকলক স্থায়ী আয়োগৰ মঞ্জুৰী দিবলৈ কেন্দ্ৰ আৰু নৌসেনাক নিৰ্দেশ দিছিল আৰু ৩ মাহৰ ভিতৰত সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । পিছত এই সময়সীমা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছিল ।

লগতে পঢ়ক:COVID-১৯ঃ ভাৰতত আক্ৰান্তৰ সংখ্যা ১,০২,৪৪,৮৫২ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.