ETV Bharat / bharat

SC rejects manish sisodia case: উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ থেকেচা খালে মনীষ চিছোদিয়াই

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ গোচৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা আবেদন আজি নাকচ কৰিলে ন্যায়ালয়ে (SC rejects manish sisodia case) ৷ চিছোদিয়াৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ চলিত বৰ্ষৰ জুলাই মাহত মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত দাখিল কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam cm defamation case against Manish Sisodia) ৷ মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানটোৱে পিপিই কিট ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰাৰ পাচতে কামৰূপ জিলাৰ আদালতত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল গোচৰ ।

SC rejects manish sisodia case
উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ থেকেচা খালে মনীষ চিছোদিয়াই
author img

By

Published : Dec 12, 2022, 8:21 PM IST

নেশ্যনেল ডেস্ক,12 ডিচেম্বৰ: উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ থেকেচা খালে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াই ৷ দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে দিল্লীত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ মালিকানাধীন প্ৰতিষ্ঠানৰ বিৰুদ্ধে তুলিছিল গুৰুতৰ অভিযোগ ৷ তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত পিপিই কিট যোগান ধৰি বৃহৎ কেলেংকাৰী ক’ভিডৰ কালছোৱাত সংঘটিত কৰাৰ অভিযোগ তুলিছিল মনীষ চিছোদিয়াই ৷

অভিযোগ উত্থাপন কৰাৰ পাচতেই কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ হৈছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta biswa sarma at Amingaon Court) আৰু মানহানি গোচৰ ৰুজু কৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে(Assam cm defamation case against Manish Sisodia) ৷

SC rejects manish sisodia case
উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ থেকেচা খালে মনীষ চিছোদিয়াই

এই মানহানি গোচৰটো খাৰিজ কৰিবলৈ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আবেদন জনাইছিল উচ্চতম ন্যায়ালয়ত ৷ দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীৰ এই আবেদন সোমবাৰে নাকচ কৰে উচ্চতম ন্যায়ালয়ে (SC rejects manish sisodia case) ৷ উল্লেখ্য যে, ছিছ’দিয়াৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ চলিত বৰ্ষৰ জুলাই মাহত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত দাখিল কৰিছিল (Assm CM at Amingaon CJM court) ৷

স্মৰ্তব্য যে, ৰিণিকি ভূঞা শৰ্মাই 1500 পিপিই কিট দান দিয়া বুলি দেখুৱাই এই কেলেংকাৰী গাপ দিয়াৰ চেষ্টা চলাইছিল বুলি মনীষ চিছোদিয়াই অভিযোগ তুলিছিল মন্ত্ৰী পত্নীৰ বিৰুদ্ধে ৷ ইয়াৰ পাচতেই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নীয়েও দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছিল ৷

সোমবাৰে ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ অভয় এছ ওকাক লৈ গঠিত বিচাৰপীঠে চিছোদিয়াই “বিনা চৰ্তত ক্ষমা খুজিব লাগিছিল” বুলি উল্লেখ কৰে (Manish sisodia defamation case) ৷ ৰাজহুৱা বিতৰ্কক এই পৰ্যায়লৈ লৈ গ’লে চিছোদিয়াই ফলাফলৰ মুখামুখি হ’ব লাগিব ন্যায়াধীশ কৌলে চিছোদিয়াক সকীয়াই দিয়ে । দেশৰ পৰিস্থিতি কি পৰ্যায় পাইছেগৈ তথা কি পৰ্যায়ত আছে, সেয়া উপলব্ধি কৰাৰ বিপৰীতে চিছোদিয়াই কেৱল অভিযোগহে উত্থাপন কৰিছিল বুলি ন্যায়াধীশগৰাকীয়ে কয় । চিছোদিয়াৰ আবেদনখন অৱশেষত আদালতে খাৰিজ কৰে বুলি ন্যায়াধীশগৰাকীয়ে জনায় ।

উল্লেখনীয় যে ,মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে অভিযোগ তোলাৰ পাচতে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই 1000 কোটি টকাৰ মানহানি গোচৰ তৰিছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে ৷

লগতে পঢ়ক: Teachers Protest : মৰ্যাদা প্ৰদানৰ দাবীত শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.