নেশ্যনেল ডেস্ক,৫ মে': কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । বুধবাৰে কেন্দ্ৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰাত উচ্চতম ন্যায়ালয়ে সন্মতি প্ৰকাশ কৰে । মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে আদালতৰ নিৰ্দেশ নমনাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অৱমাননা জাননী জাৰি কৰে ।
ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে দিল্লীলৈ অক্সিজেন যোগানৰ ক্ষেত্ৰত দিয়া নিৰ্দেশ পালন নকৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰক জবাবদিহি কৰে । লগতে শুনানিৰ সময়ত আদালতত সংশ্লিষ্ট বিষয়াসকলৰ ব্যক্তিগত উপস্থিতিৰ নিৰ্দেশ দিয়ে । ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।
মুখ্য ন্যায়াধীশ এন ভি ৰমানাৰ নেতৃত্বাধীন বিচাৰপীঠক ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ জৰিয়তে এই গোচৰৰ শুনানি গ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছিল । কিয়নো, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত গঠিত বিচাৰপীঠে দেশত ক'ভিড-১৯ পৰস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত নিজাববীয়াকৈ লোৱা এক গোচৰৰ শুনানি গ্ৰহণ কৰাত ব্যস্ত হৈ আছিল ।
মুখ্য ন্যায়াধীশ নেতৃত্বাধীন বিচাৰপীঠে কেন্দ্ৰৰ আবেদনক ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ ওচৰত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে । ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই বিষয়ৰ শুনানি বুধবাৰে হোৱাটো বিচাৰিছিল । কিন্তু বিচাৰপীঠে শুনানি প্ৰক্ৰিয়া ন্যায়াধীশ চন্দ্ৰচূড়ৰ বিচাৰপীঠৰ সুবিধা অনুসৰি গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক: বিদেশৰ পৰা লাভ কৰা সাহাৰ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী জয়শংকৰৰ