ETV Bharat / bharat

PM Modi in Chittorgarh : গেহলট চৰকাৰক চোকা আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 3:35 PM IST

ৰাজস্থান শিল নিক্ষেপকাৰী, হিংসা সৃষ্টিকাৰী আৰু মহিলাৰ ওপৰত অত্যাচাৰ কৰা সকলৰ ৰম্যভূমিত পৰিণত হৈছে ৰাজস্থান ।উন্নয়ন আৰু সামাজিক সুৰক্ষাৰ বাবে ৰাইজক বিজেপিক ভোট দিবলৈ আহ্বান জনায় । গেহলট চৰকাৰক সমালোচনা প্ৰধানমন্ত্ৰীগৰাকীৰ ।

PM Modi in Chittorgarh
গেহলট চৰকাৰক আক্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,২ অক্টোবৰ : নিৰ্বাচনমুখী ৰাজ্য ৰাজস্থান,ছত্তীশগড়, তেলেংগানা, মধ্যপ্ৰদেশ আৰু মিজোৰামত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে । প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰসকলক আকৰ্ষণৰ বাবে নিজ নিজ কাৰ্যপন্থা হাতত লৈছে । কেন্দ্ৰত থকা বিজেপিয়েও ব্যাপক কাৰ্যসূচী হাতত লৈছে । বাকী ৰাজ্যকেইখনৰ লগতে ৰাজস্থানতো বিজেপিয়ে নিৰ্বাচনী তৎপৰতা হাতত লৈছে ।

কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্যখনত বিজেপিৰ শীৰ্ষ নেতাসকলৰ আগমন হোৱা দেখা গৈছে । সোমবাৰে ৰাজ্যখনত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থানৰ ভোটাৰসকলক বিবেক ভোট দিবলৈ আহ্বান জনায় । আনহাতে শাসনাধিষ্ঠিত কংগ্ৰেছৰ স্বাৰ্থৰ বাবে ৰাজ্যখন ক্ষতিগ্ৰস্ত হৈছে বুলিও তেওঁ অভিযোগ কৰে ।

প্ৰধানমন্ত্ৰীৰ অভিযোগ অনুসৰি ৰাজস্থান শিল নিক্ষেপকাৰী, হিংসা সৃষ্টিকাৰী আৰু মহিলাৰ ওপৰত অত্যাচাৰ কৰা সকলৰ এক প্ৰকৃত স্বৰ্গহৈ পৰিছে । ৰাইজক উদ্দেশ্যি তেওঁ কয় যে তেওঁলোকে নাজানে যে কেতিয়া তাত হিংসা আৰম্ভ হ'ব । ৰাইজে ৰাজস্থানত দুৰ্নীতিমুক্ত চৰকাৰ চাব নিবিচাৰে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে । যদি ৰাইজে উন্নয়ন আৰু সামাজিক সুৰক্ষা বিচাৰে, তেন্তে বিজেপিক ভোট দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ।

ৰাজস্থানৰ চিত্তোৰগড়ত এক ৰেলীত অংশ লৈ প্ৰধানমন্ত্ৰী মোদীয়ে শাসনাধিষ্ঠ কংগ্ৰেছক লক্ষ্য কৰি লয় । তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে যোৱা ৫ বছৰত ৰাজ্যখনত লুণ্ঠন চলাইছে । ৰাজ্যখন অপৰাধৰ তালিকাত শীৰ্ষত আছে । দুৰ্নীতি আৰু আইন-শৃংখলাৰ বিফলতাৰ ক্ষেত্ৰত ৰাজস্থান এখন আগশাৰীৰ ৰাজ্য বুলিও তেওঁ অভিযোগ কৰে । প্ৰধানমন্ত্ৰীৰ মতে ৰাজস্থানত মহিলাৰ ওপৰত অত্যাচাৰ বাঢ়ি আহিছে কিন্তু চৰকাৰে গুৰুতৰ বিষয়টো সন্দৰ্ভত উদাসীন । এই কাৰণেই ৰাইজে কংগ্ৰেছক ভোট দিছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ।

ভাষণৰ বেছিভাগ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল কংগ্ৰেছক সমালোচনা কৰে । বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছৰ দৰে বিজেপিয়ে ধন লুণ্ঠনত ব্যস্ত হৈ নাথাকে । প্ৰধানমন্ত্ৰীৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী গেহলটে নিজৰ চকী খন ৰক্ষা কৰিবলৈ ব্যস্ত হৈ আছে আৰু আনফালে দলৰ সহকৰ্মীসকলে পকেট গৰম কৰাৰ দৌৰত আছে ।

লগতে পঢ়ক :PM Narendra Modi in Rajasthan: ৰাজস্থানৰ চিত্তোৰগড়ত ৭ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.