ETV Bharat / bharat

পুনৰ ৰাজনীতিলৈ আহিব নেকি শশিকলা...? - শশিকলা পুনৰ ৰাজনীতিলৈ অহাৰ সম্ভাৱনা আছে

শাসকীয় দলে মুখ থেকেচা খালে শশিকলা পুনৰ ৰাজনীতিলৈ অহাৰ সম্ভাৱনা আছে । ইতিমধ্যে ৰাজনৈতিক জীৱনৰ পৰা অব্যাহতি লোৱা শশিকলাৰ এক নাটকীয় মন্তব্যই চৰ্চা লাভ কৰিছে সমগ্ৰ তামিলনাডুত ।

পুনৰ ৰাজনীতিলৈ আহিব নেকি শশিকলা...?
পুনৰ ৰাজনীতিলৈ আহিব নেকি শশিকলা...?
author img

By

Published : Mar 5, 2021, 5:51 PM IST

নিউজ ডেস্ক,৫মাৰ্চ: এআইএডিএমকেৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক আৰু তামিলনাডুৰ প্ৰয়াত মুখ্যমন্ত্ৰী জে.জয়াললিতাৰ অন্যতম সহযোগী ভিকে শশিকলাৰ এক নাটকীয় বিবৃতি । পূৰ্বে ৰাজনীতিৰ পৰা আতৰি থকাৰ সিদ্ধান্ত লোৱা নেত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে পুনৰ ৰাজনীতিলৈ অহাৰ কথা চিন্তা কৰিব এআইএডিএমকেৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে । কুখ্যাত "মান্নাৰগুদী পৰিয়াল"ৰ শচিকলাই চাৰি বছৰৰ বাবে কাৰাবাসৰ অন্তত ২৭ জানুৱাৰীত মুক্তি দিয়া হৈছিল। বিলাসী বাহনেৰে এক প্ৰকাৰ ৰোড শ্ব'ৰে বেংগালুৰুৰ পৰা চেন্নাইলৈ উভতি আহি ৰাজনীতিত পুনৰ প্ৰৱেশৰ কথা ঘোষণা কৰে শশিকলাই ।

উল্লেখ্য যে তেওঁক এআইএডিএমকেৰ পৰা বৰ্খাস্ত্ৰ কৰা হৈছিল, আৰু পিছত তেওঁৰ ভতিজা টিটিভি ধিনাকৰণে দলৰ চিহ্নক লৈ এআইএডিএমকেৰ সৈতে শীতল যুদ্ধত লিপ্ত হৈছিল । পৰৱৰ্তী সময়ত অম্মা মাক্কাল মুনেত্ৰা কাট্টি (এএমএমকে) নামেৰে নতুন ৰাজনৈতিক দলৰ গঠন কৰিছিল । শচিকলাই এআইএডিএমকে দললৈ পুনৰ উভতিব পাৰে অথবা এএমএমকেক এআইএডিএমকেৰ সৈতে মিত্ৰতা কৰি প্ৰত্যাৱৰ্তন কৰাৰ পৰিকল্পনা কৰিব পাৰে । অৱশ্যে তেওঁৰ আগমনকলৈ আগ্ৰহী নহয় মুখ্যমন্ত্ৰী কে পালানীস্বামী আৰু উপ মুখ্যমন্ত্ৰী অ' পনীৰচেলভান ।

ইফালে গেৰুৱা শিবিৰৰ হৈও এজন আৰএছএছ শীৰ্ষ নেতা এছ.গুৰুমুৰ্থীয়ে শশিকলাৰ আগমন আৰু এআইএডিএমকেৰ সৈতে এএমএমকেৰ মিত্ৰতা সন্দৰ্ভত কেইবা বাৰো বৈঠকত মিলিত হৈছে কিন্তু দুয়োগৰাকী নেতা নিজৰ স্থিতিত অটল আছে । সমান্তৰালকৈ বিজেপি শিবিৰতো চিন্তাৰ কাৰণ হৈছে বৰ্তমান সময়ত কিয়নো শশিকলা আৰু ভতিজা টিটিভি ধিনাকৰণৰ তেওঁলোকৰ দল এএমএমকেৰ জৰিয়তে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে তেনেহ'লে ই উপ মুখ্যমন্ত্ৰী অ' পনীৰচেলভানৰ ভোট বেংকত আঘাট কৰিব । ইফালে বিজেপিৰ শীৰ্ষ নেতৃত্বই শশিকলাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি ৰাজনীতি ত্যাগ কৰিবলৈ বাধ্য কৰা বুলিও এক চৰ্চা অব্যাহত আছে । শশিকলাৰ পৰিয়ালে ব্যক্ত কৰা মতে শশিকলাই বিশেষ সুযোগৰ বাবে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক:জম্মু আৰু কাশ্মীৰত গ্ৰেনেড উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.