আগৰতলা,১৬ নৱেম্বৰ : ত্ৰিপুৰাৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal slams Congress)। তেওঁৰ অভিযোগ অনুসৰি স্বাধীনতা যুঁজৰ সময়ত জনজাতীয় লোকসকলৰ ত্যাগক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে তদানীন্তন কংগ্ৰেছ চৰকাৰে । কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আম্বাচা মহকুমাৰ দশমীঘাট খেলপথাৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ জনজাতীয় গৌৰৱ দিৱস উদ্বোধন কৰি এই মন্তব্য কৰে (Sarbananda Sonowal at Janjatiya Gaurav Diwas)।
মন্ত্ৰীগৰাকীয়ে কয় যে দেশত ১১ কোটি জনজাতি সম্প্ৰদায়ৰ লোক বাস কৰে । স্বাধীনতাৰ যুঁজৰ সময়ত জনজাতি সম্প্ৰদায়ৰ বহুলোকে স্বাধীনতাৰ বাবে ব্ৰিটিছৰ অপশাসনৰ বিৰুদ্ধে যুঁজ দিছিল আৰু দেশৰ হকে জীৱন উচ্ছৰ্গা কৰিছিল । কিন্তু পূৰ্বৰ চৰকাৰখনে বিশেষকৈ কংগ্ৰেছ চৰকাৰে স্বাধীনতাৰ যুঁজত জনজাতি লোকসকলৰ ত্যাগক স্বীকৃতি দিয়া নাছিল । তেওঁলোকে কেতিয়াও এই বিষয়ে চিন্তা কৰা নাই বুলিও অভিযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হৈছে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যিয়ে জনজাতিৰ লোকসকলক সন্মান প্ৰদান কৰিছে আৰু সমগ্ৰ দেশতে বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছে (Janjatiya Gaurav Diwas 2022)।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শক্তিশালী নেতৃত্বত জনজাতীয় সম্প্ৰদায়সমূহে সৰ্বাংগীন উন্নয়ন আৰু তেওঁলোকৰ উপযুক্ত অধিকাৰ উপলব্ধি কৰিছে বুলিও তেওঁ দাবী কৰে । সৰ্বানন্দ সোণোৱাল নিজেও এগৰাকী জনজাতীয় লোকৰ সন্তান হিচাপে গৌৰৱান্বিত বুলি উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰত এতিয়া উন্নয়নৰ দিশত আগবাঢ়িছে । ত্ৰিপুৰা চৰকাৰেও জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীদগৰাকীয়ে ।
অনুষ্ঠানত উপস্থিত থাকি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰিবলৈ সকলোকে আহ্বান জনাইছে । বিজেপি চৰকাৰে ৰাজ্যখনত জনজাতিৰ উন্নতিৰ বাবে কাম কৰি আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে ট্ৰাইবেল বিভাগৰ নাম সলনি কৰি জনজাতি বিভাগ কৰা, আগৰতলা বিমানবন্দৰৰ নাম মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰলৈ পৰিৱৰ্তন কৰা, ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত শাসিত জিলা পৰিষদৰ নাম ত্ৰিপুৰা আঞ্চলিক পৰিষদলৈ সলনি কৰাৰ সিদ্ধান্ত চৰকাৰে লৈছে আৰু প্ৰস্তাৱটো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে (Tripura CM on tribes welfare work of BJP)।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জনজাতীয় গৱেষণা আৰু সাংস্কৃতিক প্ৰতিষ্ঠান তথা সংগ্ৰহালয় স্থাপনৰ কাম ইতিমধ্যে ৩৫ কোটি টকাৰ ব্যয়েৰে আৰম্ভ কৰা হৈছে । তেওঁ কোৱা মতে ত্ৰিপুৰা চৰকাৰ সকলোৰে চৰকাৰ । বিৰোধী দলবোৰক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোক প্ৰব্ৰজনকাৰী আৰু নিৰ্বাচন অহাৰ লগে লগে তেওঁলোক ত্ৰিপুৰালৈ আহে আৰু চৰকাৰৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ চেষ্টা কৰে ।
লগতে পঢ়ক :Snowfall in Kinnaur: কিন্নৌৰত শূন্যৰ তললৈ নামিল তাপমাত্ৰা