ETV Bharat / bharat

সঞ্জয় ৰাউতক EDৰ চমন : EDক প্ৰত্যাহ্বান শিৱসেনাৰ সাংসদগৰাকীৰ

author img

By

Published : Jun 28, 2022, 3:08 PM IST

EDয়ে সোমবাৰে সাংসদ সঞ্জয় ৰাউতৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰে (ED summons Sanjay Raut)। ৰাউতক মঙলবাৰে ১১ বজাত ইডিৰ কাৰ্যালয়লৈ তলব কৰা হৈছে । ৰাউতে ইডিৰ পৰা সময় বিচাৰিছে আৰু স্পষ্ট কৰি দিছে তেওঁ যিকোনো প্ৰকাৰে আইন মতে সহযোগ কৰিব । সংবাদমাধ্যমৰ সন্মুখত অনুসন্ধানকাৰী সংস্থাসমূহক সমালোচনা সাংসদগৰাকীৰ ।

ED
সঞ্জয় ৰাউতক EDৰ চমন

নেশ্যনেল ডেস্ক,২৮ জুন : মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকট অব্যাহত আছে (Political crisis in Maharashtra)। ইতিমধ্যে তীব্ৰ সংকটত আছে শিৱসেনা দল (Shiv Sena crisis)। বহু শিৱসেনা বিধায়কে মুখ্যমন্ত্ৰীৰ সংগ এৰিছে যদিও সঞ্জয় ৰাউতকে ধৰি কেইবাজনো বিধায়কে দলৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ পক্ষত আছে । উদ্ধৱ ঠাকৰেৰ পক্ষত থকা বিধায়কসকলৰ ওপৰত শেহতীয়াকৈ আন এক বিপদে দেখা দিছে ।

অৰ্জুন খোটকাৰৰ পাছত এইবাৰ সঞ্জয় ৰাউতৰ সন্মুখত সমস্যা । এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ (ED) টাৰ্গেট নেতাগৰাকী । EDয়ে সোমবাৰে সাংসদ সঞ্জয় ৰাউতৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰিলে (ED summons Sanjay Raut)। জাননীৰ জৰিয়তে ৰাউতক মঙলবাৰে ১১ বজাত ইডিৰ কাৰ্যালয়লৈ তলব কৰা হৈছে ।

অৱশ্যে, আলিবাগত হোৱা বৈঠকৰ বাবে ৰাউতে ইডিৰ পৰা সময় বিচাৰিছে আৰু স্পষ্ট কৰি দিছে যে তেওঁক কোনোৱে ফাঁচী দিলেও বা মুণ্ডচ্ছেদ কৰিলেও তেওঁ নিশ্চিতভাৱে আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

মুম্বাইস্থিত বাসগৃহত সংবাদমেল সম্বোধন কৰি ৰাউতে কয় যে তেওঁ কেতিয়াও পলাই নাযায় (Sanjay Raut reacts after ED summons him)। শিৱসেনাৰ আন একাংশ বিধায়কৰ দৰে তেওঁ গুৱাহাটীলৈও নাযায় । তেওঁ নিশ্চিতভাৱে EDৰ কাৰ্যালয়লৈ যাব আৰু আইনী প্ৰক্ৰিয়াত সহযোগ কৰিব । ED য়ে তেওঁক গ্ৰেপ্তাৰ কৰা উচিত বুলি দাবী কৰে ৰাউতে ।

আনহাতে তেওঁ কিছুমান আইনী বিষয় সম্পূৰ্ণ কৰিহে এই অনুসন্ধানলৈ যাব বুলি উল্লেখ কৰে । শিৱসেনা দল তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ৰাউতে । কিন্তু তেওঁ এই সম্পৰ্কত প্ৰশ্ন নকৰে বুলি উল্লেখ কৰে । যদি এই সময়ছোৱাত, অনুসন্ধানকাৰী সংস্থাবোৰে কিবা অনুভৱ কৰে, তেওঁ য'তেই থাকে তাৰ পৰাই গ্ৰেপ্তাৰ কৰিব পাৰে বুলি নেতাগৰাকীয়ে কয় । কাৰাগাৰলৈ যাবলৈও সাজু বুলি সঞ্জয় ৰাউতে মন্তব্য কৰে ।

ৰাউতে কয় যে এগৰাকী সাংসদ হিচাপে তেওঁ আইন প্ৰণেতা সেয়ে আইনৰ বিষয়ে তেওঁ নিজেও জানে । অনুসন্ধানকাৰী সংস্থাবোৰৰ স্থিতিক লৈ প্ৰশ্ন তুলি ৰাউতে কয় যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাবোৰে কিছুমান লোকৰ হেঁচাত আইনৰ যিমানেই অপব্যৱহাৰ নকৰক কিয় বা বহুতৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু হ'লেও তেওঁ আইন মানি চলিছে । সেয়ে ৰাউতে অনুসন্ধানৰ ভয়ত পলায় থকা নাই ।

যেতিয়া সকলো কামৰ পৰা আজৰি হ'ব তেতিয়া নিশ্চিতভাৱে এই অনুসন্ধানৰ সন্মুখীন হ'ব বুলি দাবী কৰে নেতাগৰাকীয়ে । বিজেপি আৰু একাংশ নেতাক উদ্দেশ্যি ৰাউতে কয় যে দেৱেন্দ্ৰ ফাডনাভিছ আৰু আনসকলে এই সকলোবোৰত সোমাব নালাগে । তেওঁৰ মতে বৰ্তমানৰ ৰাজনীতি হৈছে এটা পুখুৰী সদৃশ আৰু কেৱল ভেকুলীয়েহে এই পুখুৰীত জঁপিয়াই পৰে । তেওঁ যদি এই পুখুৰীত পৰে ফাডনাভিছ, বিজেপি, মোডী আৰু শ্বাহৰ সন্মান যাব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :MAHA political crisis : বিতৰ্কিত মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.