ETV Bharat / bharat

নাগপুৰত নীতিন গাডকাৰীক সৌজন্য সাক্ষাৎ সঞ্জয় দত্তৰ

author img

By

Published : Jun 6, 2021, 10:57 PM IST

বলীউডৰ অভিনেতা সঞ্জয় দত্তই অলপতে নাগপুৰৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সৌজন্যমূলক সাক্ষাৎ কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিছে য'ত অভিনেতা দত্তক গাডকাৰী আৰু তেওঁৰ পত্নী কাঞ্চৰ গাডকাৰীৰ সৈতে একেলগে দেখা গৈছে ।

Nagpur
নাগপুৰত নীতিন গাডকাৰীক সৌজন্য সাক্ষাৎ সঞ্জয় দত্তৰ

নেশ্যনেল ডেস্ক,৬ জুন: শেহতীয়াকৈ বলীউডৰ অভিনেতা সঞ্জয় দত্তই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক নাগপুৰত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিছিল । ইয়াৰ পাচতে বিভিন্ন মহলত চৰ্চা অব্যাহত আছে যদিও দেওবাৰে মন্ত্ৰীগৰাকীয়ে ইয়াক এক সৌজন্যমূলক সাক্ষাৎ বুলি উল্লেখ কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিছে য'ত অভিনেতা দত্তক গাডকাৰী আৰু তেওঁৰ পত্নী কাঞ্চৰ গাডকাৰীৰ সৈতে একেলগে দেখা গৈছে । সেই সময়ত তিনিওগৰাকীয়ে মাস্ক পৰিধান কৰি আছিল । ইনষ্টাগ্ৰাম পোষ্টটোত মন্ত্ৰীগৰাকীয়ে অভিনেতাগৰাকীৰ সৈতে এই সাক্ষাৎকাৰ সৌজন্যমূলক বুলি উল্লেখ কৰিছে ।

ইফালে সঞ্জয় দত্ত তেওঁৰ 'কে.জি.এফ. অধ্যায় ২'(k.g.f. chapter 2)ৰ মুক্তিৰ বাবে সাজু হৈছে, য'ত তেওঁক খলনায়কৰ চৰিত্ৰত দেখা যাব । চলচ্চিত্ৰখন কানাড়া ব্লকবাষ্টাৰ 'কেজিএফ: চেপ্টাৰ ১'ক অনুসৰণ কৰা হৈছে । ছবিখনত তামান্না ভাটিয়া আৰু অনন্ত নাগৰ সৈতে কানাড়া তাৰকা যশে অভিনয় কৰিছে । লগতে তেওঁক 'পৃথ্বীৰাজ'(Prithviraj) আৰু 'ভুজ: দ্য প্ৰাইড অৱ ইণ্ডিয়া'(Bhuj: The Pride of India)ত দেখা যাব।

উল্লেখ্য যে বিগত বছৰত সঞ্জয় দত্ত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । অৱশ্যে বিগত বছৰৰে অক্টোবৰ মাহত তেওঁ অনুৰাগীসকলক উদ্দেশ্যি কৈছিল যে তেওঁ এই ৰোগক পৰাস্ত কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:কেবিনেটত সমালোচনাৰ সন্মুখীন ত্ৰিপুৰা চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.