নেশ্যনেল ডেস্ক, 23 এপ্ৰিল : উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে সোমবাৰে সমলিংগ বিবাহক আইনী স্বীকৃতি বিচাৰি কৰা বিভিন্ন আবেদনৰ শুনানি গ্ৰহণ নকৰে ৷ কাৰণ পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠৰ অংশ হিচাবে থকা দুজন ন্যায়াধীশে বিষয়টো সন্দৰ্ভত অস্বস্তিত পৰা দেখিবলৈ পোৱা গৈছে বুলি জানিবলৈ দিয়ে ন্যায়ালয়ে ।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠে বৃহস্পতিবাৰে ঘোষণা কৰে যে সংবিধান বিচাৰপীঠে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে সমলিংগ বিবাহক আইনী স্বীকৃতি বিচৰা বিভিন্ন আবেদনৰ শুনানি গ্ৰহণ কৰিব । কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণৰ ক্ষেত্ৰত ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট অস্বস্তিত পৰা দেখি ২৪ এপ্ৰিলত আদালতত শুনানি গ্ৰহণ কৰা নহয় বুলি জাননী প্ৰকাশ কৰে (SC on Same sex Marriage Petitions) ।
উল্লেখ্য যে, মুখ্য ন্যায়াধীশ, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত সংবিধান বিচাৰপীঠে ' LGBTQAI+ সকলৰ সমকামী বিবাহৰ শুনানি গ্ৰহণ কৰি আছে ৷ উল্লেখ্য যে, সংবিধান বিচাৰপীঠে ১৮ এপ্ৰিলৰ পৰা আবেদনসমূহৰ শুনানি গ্ৰহণ আৰম্ভ কৰিছিল । সমলিংগ বিবাহক আইনী স্বীকৃতি বিচৰা বিভিন্ন আবেদনৰ সৈতে উচ্চতম ন্যায়ালয়ে মোকাবিলা কৰি আছে (Chief Justice DY Chandrachud) ।
ন্যায়ালয়ত জনোৱা এখন আবেদনৰ মতে, এহাল দম্পতীয়ে LGBTQAI+ ব্যক্তিসকলৰ যিকোনো ব্যক্তিক বিয়া কৰাবলৈ মৌলিক অধিকাৰ বলৱৎ কৰাৰ কথা উল্লেখ কৰিছিল ৷ ইয়াৰ দ্বাৰা সদনৰ লগতে সংখ্যাগৰিষ্ঠ লোকৰ মাজত তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰতি থকা অৱজ্ঞাৰ পৰা তেওঁলোক মুক্ত হ’ব পাৰিব বুলি আবেদনযোগে আদালতত জনায় (Arguments on Same Sex Marriage)৷
উল্লেখ কৰা প্ৰয়োজন যে, উচ্চতম ন্যায়ালয়ত বিচৰাধীন অৱস্থাত থকা বিষয়টোৱে সামাজিক জীৱনযাত্ৰাটো লাভ কৰি আহিছে বিশেষ চৰ্চা ৷ একাংশই সমকামী সম্পৰ্কৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আহিছে যদিও একাংশই বিষয়টো সন্দৰ্ভত প্ৰায়ে নেতিবাচক মতামত প্ৰকাশ কৰা দেখা পোৱা হৈ আহিছে ৷ চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে LGBTQAI+ সম্প্ৰদায়ৰ সমৰ্থনত থিয় দিয়া পৰিলক্ষিত হৈছে ৷ সমকামী বিবাহ কোনো ধাৰণা নহয় । ই এক প্ৰয়োজনীয়তা তথা এক অধিকাৰ বুলি উল্লেখ কৰাৰ লগতে ভাৰতৰ দৰে প্ৰগতিশীল দেশ এখনত সমলিংগ বিবাহ অপৰাধ নহয়, স্বাভাৱিক এক প্ৰক্ৰিয়াহে হ’ব লাগে বুলি LGBTQAI+ সম্প্ৰদায়ৰ কাষত থিয় দিছে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে (Vivek Agnihotri on same sex marriage) ।
লগতে পঢ়ক : Arguments on Same Sex Marriage: সমকামী বিবাহৰ আইনী বৈধতা সম্পৰ্কত উচ্চতম ন্যায়ালয়ত যুক্তি তৰ্ক