নেশ্যনেল ডেস্ক, 15 জানুৱাৰী: নতুন বছৰটোৰ আৰম্ভণিতে সমগ্ৰ দেশতে মাঘ মাহত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় । কিয়নো এই মাহত দেশৰ বিভিন্ন প্ৰান্তত শস্য চপোৱা উৎসৱ হিচাপে উদযাপন কৰা হয় । এই উৎসৱ বিভিন্ন ঠাইত বেলেগ বেলেগ নামেৰে জনাজাত । অসমত এই উৎসৱক মাঘ বিহু বুলি কোৱা হয় ।
আনহাতে, তামিলনাডুত পোংগল আৰু পঞ্জাৱৰ লোহৰি নামেৰে জনাজাত ৷ এই শস্য চপোৱা উৎসৱক সকলোৱে আনন্দ উল্লাহেৰে উদযাপন কৰা পৰিলক্ষিত হয় । এই বিহুত মানুহে নতুন কাপোৰ পিন্ধে আৰু তেওঁলোকৰ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে দিনটো উদযাপন কৰে । লগতে বিভিন্ন মিঠাই, পিঠা-পনাৰ লগতে মাছ মঙহৰে লগে ভাগে এসাজ খাই উদযাপন কৰে এই উৎসৱটি ৷
মুঠৰ ওপৰত দেশৰ ভিন্ন লোকৰ ভাষা সংস্কৃতি বেলেগ হ’লেও এই উৎসৱটি একে সময়তেই সকলোৱে উদযাপন কৰে ৷ উৎসৱৰ নাম বেলেগ বেলেগ হ’লেও একে সময়তে উদযাপন কৰা পৰিলক্ষিত হয় এই উৎসৱটি ৷ এয়া এতিয়াৰে পৰা চলি অহা উৎসৱ নহয়, এয়া অতীজৰে পৰা চলি অহা তথা মানুহে বিশ্বাস কৰি অহা এক পৰম্পৰা তথা লোকবিশ্বাস ৷
আজি গুজৰাটত পালন কৰা তেনে এক পৰম্পৰা আৰু বিশ্বাসৰ বিষয়ে উল্লেখ্য কৰিম এই প্ৰতিবেদনত ৷ গুজৰাটত এষাৰ কথা আছে, প্ৰতি ১২খন গাঁৱৰ মূৰে মূৰে উপভাষা সলনি হয় । কিন্তু বাস্তৱত কেৱল ভাষাই নহয়, বহু কথাই সলনি হয় । জনজাতীয় সমাজত বহুতো আচৰিত ধৰণৰ বিশ্বাস আছে । কিন্তু উত্তৰায়ণ উৎসৱ উপলক্ষে ভগৱান চিৰিকা বুলি গণ্য কৰা ঘৰচিৰিকা উৰণৰ পৰম্পৰাৰ বিষয়ে প্ৰায় মানুহে নাজানে ।
মকৰ সংক্ৰান্তিৰ দিনা জনজাতীয় জনগোষ্ঠীসমূহে ঢোল বজাই এই অনন্য উৎসৱ পালন কৰে । এই পৰম্পৰা জনজাতীয় লোকৰ মাজত বছৰ বছৰ ধৰি চলি আহিছে ৷ উত্তৰায়ণ উৎসৱ উপলক্ষে ঘৰচিৰিকা উৰুৱাই বছৰটো নিৰ্ধাৰণ কৰা হয় (Uttarayan festival celebrates in Gujrat)। ইয়াক দিশ সূচক বুলি গণ্য কৰা হয় (Amazing Tradition Adivasi community) ।
ঘৰচিৰিকা উৰাৰ আগতে তিল আৰু চকা শস্য হিচাপে দিয়া হয় । উত্তৰ গুজৰাটৰ সাবৰকান্তৰ জনজাতীয় অঞ্চলটোৰ বাবে এয়া পৰৱৰ্তী বছৰৰ ঘটনাবোৰ চোৱাৰ দিন । এই দিনটোত বিশেষ পূজা কৰা হয় আৰু উৰুৱাই দিয়া হয় ঘৰচিৰিকা । যাৰ ভিত্তিত পৰৱৰ্তী বছৰটো নিৰ্ধাৰণ কৰা হয় (Fly a sparrow to know year forecast)। ফলত সাবৰকান্তৰ ইদাৰৰ জনজাতীয় অঞ্চলত ঘৰচিৰিকাক দেৱতা হিচাপে পূজা কৰি উৰুৱাই মুক্ত কৰা হয় ।
যদি ঘৰচিৰিকা সেউজীয়া গছত বহে তেন্তে পৰৱৰ্তী বছৰটো সকলোৰে বাবে ফলপ্ৰসূ হ’ব বিশ্বাস কৰা হয় । যদি ঘৰচিৰিকা শুকান ডাল বা কাঠৰ ওপৰত বহে তেন্তে বছৰটো আশানুৰূপ নহ’ব ৷ কিন্তু বিপৰীতে সেউজীয়া গছত বহিলে বছৰটো সুখী আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব ।
এইবাৰ তেওঁলোকৰ সুখৰ সীমা নাই কাৰণ এইবাৰ ঘৰচিৰিকা বহিছিল সেউজীয়া গছত । সেয়েহে এই আনন্দত জনজাতীয় লোকসকলে ঢোল বজাই নৃত্য কৰা পৰিলক্ষিত হয় ৷ যেতিয়াই এই ভাল খবৰটো চৰ্চালৈ আহে তেতিয়াই জনজাতি জনগোষ্ঠীৰ মানুহে গুড়, তিল, খেজুৰ খাই নিজৰ আনন্দ প্ৰকাশ কৰে । যদিও এই পৰম্পৰা সকলো গ্ৰামাঞ্চলত দেখা নাযায় তথাপিও কিছুমান পৰম্পৰা আদিবাসী সমাজত এতিয়াও চলি আহিছে ।
লগতে পঢ়ক: Many Food for new son in law : নতুন জোঁৱাইক আদৰিবলৈ ১৭৩ বিধ খাদ্য