ETV Bharat / bharat

স্পীড পোষ্টৰ জৰিয়তে দেশজুৰি ভক্তই লাভ কৰিব শৱৰীমালাৰ 'স্বামী প্ৰসাদম' - ভক্ত

স্পীড পোষ্টৰ জৰিয়তে দেশজুৰি ভক্তই লাভ কৰিব শৱৰীমালাৰ 'স্বামী প্ৰসাদম' ৷ বুধবাৰে প্ৰকাশ হোৱা এখন বিভাগীয় বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে এই কথা ৷

স্পীড পোষ্টৰ জৰিয়তে দেশজুৰি ভক্তই লাভ কৰিব শৱৰীামালাৰ 'স্বামী প্ৰসাদম'

author img

By

Published : Dec 3, 2020, 1:18 PM IST

নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: বুধবাৰে প্ৰকাশ হোৱা এখন বিভাগীয় বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে যে, ডাক বিভাগে শৱৰীমালাৰ 'স্বামী প্ৰসাদম'ক দেশজুৰি ভক্তসকলৰ মাজত বিলোৱাৰ সিন্ধান্ত গ্ৰহণ কৰিছে ।

'দেশৰ ভক্তসকলৰ প্ৰতি লক্ষ্য় ৰাখি ডাক বিভাগে দেশৰ প্ৰতিটো কোণতে নিজৰ নেটৱৰ্কৰ ব্যৱহাৰ কৰি ভক্তসকলৰ দ্বাৰত শৱৰীমালা মন্দিৰৰ 'স্বামী প্ৰসাদম' বিতৰণৰ বুকিং আৰু পেকেজ বিকশিত কৰিছে' বুলি বিজ্ঞপ্তিখনত উল্লেখ কৰে ।

'কেৰালা ডাক চক্ৰই সেই উদ্দেশ্যে পণ্য তৈয়াৰ কৰাৰ বাবে ট্ৰাভানকোৰ দেৱস্বম বোৰ্ডৰ সৈতে এক চুক্তি কৰিছে । ভক্তসকলে দেশৰ ভিন্ন প্ৰান্তৰ ডাকঘৰত কেৱল 450 টকাৰ বিনিময়তে স্বামী প্ৰসাদম বুক কৰিব পাৰিব । প্ৰতিটো পেকেটত আবাভানা, আদিয়াসিষ্টম নে, বিভুতি, কুমকুম, হালধি আৰু অৰ্চনা প্ৰসাদম থাকিব । এগৰাকী ভক্তই একে সময়তে 10 পেকেট প্ৰসাদ বুক কৰিব পাৰিব' বুলিও বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।

স্পীড পোষ্টৰ জৰিয়তে প্ৰসাদ বুক কৰা সকললৈ লগে লগে স্পীড পোষ্টৰ নম্বৰ এছ.এম.এছেৰে অৱগত কৰা হ'ব । ভক্তই ৱেবচাইটত লগ ইন কৰি প্ৰসাদৰ গতিবিধি ট্ৰেক কৰিব পাৰিব ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰৰ ভুল নক্সা প্ৰদৰ্শিত লিংক আঁতৰাবলৈ ৱিকিপেডিয়াক নিৰ্দেশ ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.