ETV Bharat / bharat

50 কোটিতকৈ অধিক মূল্যৰ ৱাকফ ভূমি দখল কৰাৰ গুৰুতৰ অভিযোগ আতিকৰ ভাতৃ-পত্নীৰ বিৰুদ্ধে

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:29 AM IST

ৱাকফ ভূমি দখল কৰাৰ অভিযোগত (Prayagraj Waqf property grabbed) মাফিয়া আতিক আহমেদৰ ভাতৃ-পত্নীক বিচাৰি প্ৰয়াগৰাজ আৰক্ষীৰ অভিযান ৷

Prayagraj Waqf property grabbed
50 কোটিতকৈ অধিক মূল্যৰ ৱাকফ ভূমি দখল কৰাৰ গুৰুতৰ অভিযোগ আতিকৰ ভাতৃ-পত্নীৰ বিৰুদ্ধে

নেশ্যনেল ডেস্ক, 21 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ সল্লাহপুৰ অঞ্চলস্থিত মাফিয়া আতিক আহমেদৰ ভাতৃ আৰু তেওঁৰ পত্নী জেনবসহ 6 গৰাকী লোকে লগ হৈ ৱাকফৰ 50 কোটি টকাতকৈ অধিক সম্পত্তিত কব্জা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ সম্পত্তিখিনি চোৱা চিতা কৰা এজনে এই অভিযোগ উত্থাপন কৰি ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ৷ সম্প্ৰতি আটাকেইগৰাকী অভিযুক্তই পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে কেইবাবাৰো অভিযুক্তৰ ঘটনা সন্দৰ্ভত জেৰাৰ বাবে মাতে যদিও এতিয়াও অভিযুক্তই আৰক্ষীৰ ওচৰত হাজিৰ হোৱা নাই ৷ ইয়াৰ পিচতে আৰক্ষীয়ে আটাইকেইজন অভিযুক্তৰ বাসগৃহলৈ জাননী জাৰি কৰিছে ৷ ইয়াৰ পিচতো অভিযুক্তই আৰক্ষীৰ ওচৰত হাজিৰ নহ’লে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে আদালতৰ পৰা চমন জাৰি কৰিব বুলি সকীয়নি প্ৰদান কৰিছে ৷

সল্লাহপুৰত ৱাকফৰ কোটি টকাৰ সম্পত্তি: জানিব পৰা অনুসৰি প্ৰয়াগৰাজৰ চহৰৰ পৰা কিছু দূৰৈত অৱস্থিত সল্লাহপুৰত মাফিয়া আতিক আহমেদৰ কনিষ্ঠ ভাতৃ খালিদ অজীম ওৰফে আশ্ৰফে পত্নীৰ সৈতে লগ হৈ ৱাকফ বোৰ্ডৰ 50 কোটিতকৈও অধিক সম্পত্তি কব্জা কৰিছে ৷ বিগত মাহত সম্পত্তিখিনিৰ চোৱা চিতা কৰা মাবুদ নামৰ কেয়াৰ টেকাৰগৰাকীয়ে আশ্ৰফ, তেওঁৰ পত্নীৰ সৈতে 6 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ মাবুদে জয়নাব, তেওঁৰ ভাতৃ ছাদ্দাম আৰু জাইদ, মুতাৱালী মহম্মদ আসিয়াম তেওঁৰ পত্নী জিনন্তৰ লগতে শিৱলী প্ৰধান আৰু তাৰিকৰ বিৰুদ্ধে পুৰা মুফতি আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে ।

মুতাৱালী আৰু তেওঁৰ পত্নীয়ে মাফিয়াক ভূমি হস্তান্তৰ কৰিছিল:

চুন্নী ৱাকফ বোৰ্ডৰ ভূমিৰ তত্ত্বাৱধায়ক মাবুদে এজাহাৰত অভিযোগ কৰিছে যে ছাল্লাপুৰৰ চুন্নী ৱাকফ বোৰ্ডৰ ৫০ কোটিতকৈও অধিক মূল্যৰ ভূমি আছে। মুতাৱালী মহম্মদ আসিয়াম আৰু তেওঁৰ পত্নী জিন্নাতে আশ্ৰাফৰ পত্নী জয়নাব আৰু তেওঁৰ ভাতৃসকলৰ সৈতে লগ হৈ এই ভূমি দখল কৰিছে। সম্প্ৰতি এই ঘটনাৰ লগত জড়িত অভিযুক্ত আশ্ৰফৰ ভাতৃ আৰু ছাদ্দাম কাৰাগাৰত বন্দী হৈ আছে। ইফালে আশ্ৰফৰ পত্নী জয়নাব মাৰ্চৰ পৰা পলাতক হৈ আছে। যোৱা 10 মাহ ধৰি আৰক্ষীয়ে জয়নাবক বিচাৰি অভিযান চলাই আছে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ মুতাৱালী আৰু তেওঁৰ পত্নীয়ে ভূমিখিনি মাফিয়াক হস্তান্তৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে মাবুদে ।

এই অভিযোগৰ পিচতে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ তত্ত্বাৱধায়ক মাবুদে অভিযোগ কৰা অনুসৰি ৱাকফ ভূমিতো ষড়যন্ত্ৰ আৰম্ভ হৈছিল। এবছৰৰ পূৰ্বে মাবুদে ৱাকফ বৰ্ডৰ ওচৰত অভিযোগ কৰিছিল যদিও কোনো ব্যৱস্থা লোৱা হোৱা নাছিল। ইয়াৰ পিচত, আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰা হৈছিল। যেতিয়া মে’ মাহত ৱাকফ বোৰ্ডৰ সম্পত্তিৰ তত্ত্বাৱধায়কৰ অভিযোগৰ ওপৰত বিষয়টোৰ তদন্ত আৰম্ভ হৈছিল তেতিয়া এই অভিযোগবোৰ সঁচা বুলি প্ৰমাণিত হৈছিল ৷

লগতে পঢ়ক: ছত্তীশগড়ৰ সুকমাত নক্সালবাদীয়ে জ্বলালে যাত্ৰীবাহী বাছসহ কেবাখনো বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.