ETV Bharat / bharat

RPF ৰ জালত পৰিল ২২.১৮ কিল’গ্ৰাম ৰূপসহ দুজন লোক

author img

By

Published : Aug 26, 2021, 11:20 AM IST

বুধবাৰে ৰে'ল সুৰক্ষা বাহিনী(Railway Protection Force)য়ে আটক কৰিলে অবৈধভাৱে সৰবৰাহ কৰা ৰূপ(silver)সহ দুজন লোকক । ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ২২.১৮ কিল’গ্ৰাম ৰূপ । জব্দ কৃত ৰূপখিনিৰ মূল্য প্ৰায় ১৮ লাখ টকা ।

RPF seizes 22.18 kg silver worth Rs 18 Lakh
ৰে'ল সুৰক্ষা বাহিনীৰ অভিযানত জব্দ ২২.১৮ কিঃগ্ৰাঃ ৰূপ

নেশ্যনেল ডেস্ক, ২৬ আগষ্ট : অবৈধভাৱে ৰূপ সৰবৰাহ কৰিবলৈ গৈ ৰে'ল সুৰক্ষা বাহিনী(Railway Protection Force)ৰ জালত পৰিল দুজন লোক । বুধবাৰে ৰে'ল সুৰক্ষা বাহিনীয়ে ২২.১৮ কিলোগ্ৰাম ৰূপসহ দুয়োকে আটক কৰে । এটা বেগত ৰূপখিনি লুকুৱাই আনিছিল লোক দুজনে । ৰে'ল সুৰক্ষা বাহিনীৰ সন্দেহ হোৱাত দুয়োকে ৰখাই সোধা-পোছা কৰে আৰু তেওঁলোকে লগত অনা বেগৰ পৰা ৰূপখিনি জব্দ কৰে ।

কিন্তু ৰূপখিনিৰ বিশেষ তথ্য আগবঢ়াব পৰা নাছিল লোক দুজনে । ৰে'ল সুৰক্ষা বাহিনীয়ে এক বিবৃতিযোগে জনোৱা মতে, জব্দ কৃত ৰূপখিনিৰ মূল্য প্ৰায় ১৮ লাখ টকা । জেৰাৰ সময়ত লোক দুজনে কলকাতাৰ ছোভাবজাৰস্থিত এখন দোকানৰ পৰা ৰূপখিনি ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰে । কৰ আদায়ৰ পৰা ৰক্ষা পৰিবলৈ এনেদৰে অবৈধভাৱে ৰূপ সৰবৰাহ কৰি আহিছিল লোক দুজনে ।

ছোভাবজাৰৰ পৰা ৰূপ ক্ৰয় কৰি তেওঁলোকে স্থানীয় ব্যৱসায়ীক বিক্ৰী কৰে বুলি আৰক্ষীৰ জেৰাত দুয়োজনে স্বীকাৰ কৰে । ৰূপখিনি আৰু ধৃত লোক দুজনক সম্প্ৰতি GST বিষয়াৰ হাতত গটাই দিয়া হিছে ।

ৰে'ল সুৰক্ষা বাহিনীয়ে দুয়োকে পশ্চিমবংগৰ হাওৰা ষ্টেচনৰ পৰা আটক কৰে । এই লোক দুজন দীৰ্ঘদিন ধৰি মূল্যৱান সামগ্ৰীৰ অবৈধ সৰবৰাহৰে জড়িত হৈ আহিছে । এই অবৈধ সৰবৰাহৰে জড়িত হৈ থকা আন বহু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: skin-to-skin contact : বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ক 'অপমানজনক' আখ্যা বেণুগোপালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.