ETV Bharat / bharat

Alambagh railway colony accident : ঘৰৰ ছাদ খহি পৰি একেটা পৰিয়ালৰে ৫ গৰাকীৰ মৃত্যু - Alambagh railway colony

আলমবাগৰ ৰে'লৱে কলনীত ভয়ংকৰ ঘটনা । কলনীৰ এটা আৱাসৰ ছাদ খহি পৰি ৫ গৰাকী লোকৰ মৃত্যু হয় । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ শোক প্ৰকাশ ।

Alambagh railway colony accident
ঘৰৰ ছাদ খহি পৰি একেটা পৰিয়ালৰে ৫ জনৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 12:45 PM IST

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত শোকাৱহ দুৰ্ঘটনা । আলমবাগত থকা ৰে'লৱে কলনীৰ এটা ঘৰৰ ছাদ খহি পৰাৰ ফলত ৫ জন লোকৰ মৃত্যু হয় । নিহত লোককেইজন একেটা পৰিয়ালৰে আছিল । দুৰ্ঘটনাটোক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

জানিব পৰা মতে সতীশ চন্দ্ৰ নামৰ লোকজনে তেওঁৰ পৰিয়ালৰ সৈতে ৰে'লৱে কলনীত বাস কৰিছিল । তেওঁৰ মাতৃ এগৰাকী ৰে'ল কৰ্মচাৰী আছিল । কিন্তু শেহতীয়াকৈ তেওঁৰ মৃত্যু হৈছিল । যাৰ বাবে মাতৃৰ চাকৰিটো সতীশ চন্দ্ৰই লাভ কৰিছিল । তাৰ পাছৰে পৰা সতীশ চন্দ্ৰৰ পৰিয়ালটো আলমবাগত থকা ৰে'লৱে কলনীত আছিল । কিন্তু শনিবাৰে পৰিয়ালটোৰ মাজলৈ অমানিশা নামি আহিল । তেওঁলোকে থকা আৱাসৰ ছাঁদখন খহি পৰাৰ পাছতে পৰিয়ালটোৰ ৫ গৰাকীকৈ সদস্য ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে ।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে এই দুৰ্ঘটনাত ঘৰটোত থকা শিশুসহ ৫ গৰাকী সদস্যৰ মৃত্যু হয় । তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁলোকৰ তাত মৃত্যু হয় । সতীশ চন্দ্ৰই পত্নী আৰু ৩ সন্তানৰ সৈতে ঘৰটোত বাস কৰিছিল । ইফালে শোকাৱহ দুৰ্ঘটনাটোক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সমবেদনা জ্ঞাপন কৰিছে । ঘটনাটোৰ তদন্তৰ লগতে সাহায্যৰ কাম ততালিকে কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে ।

আলমবাগ ৰে'লৱে কলনীত সংঘটিত দুৰ্ঘটনাটোক লৈ উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকেও গভীৰ শোক প্ৰকাশ কৰিছে আৰু তাৎক্ষণিক সাহায্যৰ কামৰ বাবে নিৰ্দেশ দিছে । জানিব পৰা মতে ৰে'লৱে কলনীৰ পুৰণি ঘৰটোৰ ছাদ খহি পৰাত সতীশ চন্দ্ৰ, পত্নী সৰোজিনী দেৱী আৰু তেওঁলোকৰ সন্তানকেইটা ক্ৰমে হৰ্ষিত, হৰ্ষিতা আৰু ৫ বছৰীয়া অংশৰ মৃত্যু হয় । উপ মুখ্যমন্ত্ৰীৰ মতে ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলে চৰকাৰৰ তৰফৰ পৰা সকলো সম্ভৱ সহায় লাভ কৰিব ।

লগতে পঢ়ক :Building collapse in Maharashtra : মহাৰাষ্ট্ৰত খহি পৰিল চাৰি মহলীয়া অট্টাল্লিকা; নিহত ২, আহত ১

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.