ETV Bharat / bharat

ভাৰত মাতা মন্দিৰ : অবিভক্ত ভাৰতক পূজা কৰা একমাত্ৰ মন্দিৰ

author img

By

Published : Oct 16, 2021, 6:04 AM IST

স্বাধীনতা সংগ্ৰামীসকলৰ দৰে, ভাৰতৰ স্বাধীনতা আন্দোলন শক্তিশালী কৰাত কেইবাটাও স্মাৰকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । এনে এক অনন্য স্মাৰক হৈছে ভাৰত মাতা মন্দিৰ । য'ত অবিভক্ত ভাৰতৰ এক মাৰ্বলৰ মানচিত্ৰ আছে, য'ত স্বাধীনতা আন্দোলনৰ নেতাসকলে সভা আহ্বান কৰিছিল । য'ত আফগানিস্তান, বেলুচিস্তান, পাকিস্তান, বাংলাদেশ, বাৰ্মা আৰু সিংঘল (বৰ্তমান শ্ৰীলংকা)ক একেখন মানচিত্ৰত সামৰি লোৱা হৈছে । চাও আহক সন্দৰ্ভত ইটিভি ভাৰতৰ সংবাদদাতা গোপাল মিশ্ৰাৰ এক প্ৰতিবেদন ।

ভাৰত মাতা মন্দিৰ:অবিভক্ত ভাৰতক পূজা কৰা একমাত্ৰ মন্দিৰ

নেশ্যনেল ডেস্ক,১৪ অক্টোবৰ : ১৯৪৭ চনৰ ১৫ আগষ্ট, এই বিশেষ দিনটোতে ইংৰাজ শাসনৰ পৰা মুক্ত হৈ ভাৰতে লাভ কৰিছিল স্বাধীনতা । ইতিমধ্যে দেশে সম্পূৰ্ণ কৰিলে স্বাধীনতাৰ ৭৪ বছৰ । এই শুভক্ষণত ভাৰতৰ গৌৰৱময় ইতিহাস পুনৰ ৰাইজক অৱগত কৰিবলৈ চৰকাৰে আৰম্ভ কৰিছে আজাদী কা অমৃত মহোৎসৱৰ । ৭৫ সংখ্যক স্বাধীনতা দিৱসত আমি স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো স্বাধীনতা সংগ্ৰামৰ সেইসকল অখ্যাত নায়ক আৰু স্বাধীনতা সংগ্ৰামীসকলক ।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ আন এক গুৰুত্বপূৰ্ণ স্মৃতি হিচাপে এতিয়াও আছে বাৰাণসীত । সেয়া হৈছে ভাৰত মাতা মন্দিৰ । দেখিবলৈ ই এটা মন্দিৰৰ দৰেই যদিও ইয়াত প্ৰৱেশৰ পিছত আপুনি দেখা নাপাব কোনো প্ৰতিমা বা ভগৱানৰ ফটো । কাৰণ ইয়াৰ ভিতৰত আছে ১৯১৭ চনৰ অবিভক্ত ভাৰতৰ এক অদ্ভূত 3D মানচিত্ৰ ।

ভাৰত মাতা মন্দিৰ : অবিভক্ত ভাৰতক পূজা কৰা একমাত্ৰ মন্দিৰ

ইয়াতে কাজাখস্তান, আফগানিস্তান, পাকিস্তানক অবিভক্ত ভাৰত হিচাপে দেখুওৱা গৈছে । বাৰাণসীৰ এই মন্দিৰৰ নিৰ্মাণশৈলীও অতি আচৰিত ধৰণৰ । মন্দিৰ নিৰ্মাণ কৰা ৰঙা শিল, মাৰ্বল আদিয়ে মন্দিৰটোক আৰু বেছি আকৰ্ষিত কৰি তুলিছে । ১৯১৭ চনৰ পাছত এই মন্দিৰৰ নিৰ্মাণ আৰম্ভ হৈছিল ।

১৯২৪ চনতে নিৰ্মাণ সম্পূৰ্ণ হৈছিল এই মন্দিৰৰ । কিন্তু স্বাধীনতা আন্দোলন আৰু বেছি শক্তিশালী হোৱাৰ আশংকাত ব্ৰিটিছে মুকলি কৰি দিয়া নাছিল এই ভাৰত মাতা মন্দিৰ । অৱশ্যে ১২ বছৰ পাছত ১৯৩৬ চনত মহাত্মা গান্ধীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল মন্দিৰটো । মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ চৌহদত অৱস্থিত এই মন্দিৰটো দেশপ্ৰেমী, জাতীয়তাবাদী পৰ্যটকসকলৰ এক অন্যতম কেন্দ্ৰবিন্দু ।

মন্দিৰত থকা কিছুমান ছবিয়ে স্বাধীনতা সংগ্ৰামৰ কাহিনীবোৰ পুনৰ জীৱিত কৰি তোলে । মহাত্মা গান্ধীকে ধৰি সেই সময়ৰ অন্যান্য মহান বিপ্লৱী যুঁজাৰুসকলৰ ফটো আছে মন্দিৰটোত । এইটোৱে হৈছে পৃথিৱীৰ একমাত্ৰ মন্দিৰ য'ত অবিভক্ত ভাৰতক পূজা কৰা হয় ।

স্বাধীনতা সংগ্ৰামত যথেষ্ট অৱদান আছে এই ভাৰত মাতা মন্দিৰৰ । সংগ্ৰামীসকলৰ মাজত ভাৰত মাতাৰ প্ৰতি বিশ্বাস আৰু শ্ৰদ্ধা জগাবলৈ নিৰ্মাণ কৰা হৈছিল এই মন্দিৰটো ।

লগতে পঢ়ক :ক'ভিড-১৯ : ভাৰতত নতুনকৈ ১৮,৯৮৭ গৰাকী লোক আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.