নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল : অহা 10 মে’ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল (Karnataka Election 2023)। ৰাজ্যখনত বিজেপিয়ে ব্যাপক প্ৰচাৰ চলাইছে । বিজেপিৰ বহু হাই প্ৰফাইল নেতাই ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে ।
ইয়াৰ মাজতে ৰাজ্যখনৰ গুণ্ডলুপেট চহৰৰ মাদাহাল্লি চক্ৰৰ পৰা বিজেপি প্ৰাৰ্থী নিৰঞ্জন কুমাৰৰ হৈ এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah road show in Karnataka)। পুৱাই গৃহমন্ত্ৰীগৰাকীয়ে দেৱী চামুণ্ডেশ্বৰীৰ আশীৰ্বাদ লয় । মন্দিৰ পৰিচালনা সমিতিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । শ্বাহে প্ৰথমে গণপতিৰ উপাসনা কৰে আৰু তাৰ পাছত মা চামুণ্ডীৰ মন্দিৰ দৰ্শন কৰে (Amit Shah at Chamundi Temple)। মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ প্ৰতাপ সিং, এছ এ ৰামদাসকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে ।
তাৰ পাছত হেলিকপ্টাৰেৰে মহীশূৰৰ পৰা গুণ্ডলুপেটত উপস্থিত হয় । গুণ্ডলুপেট চহৰৰ মাদাহাল্লি চক্ৰৰ পৰা তেওঁ ৰোড শ্ব' আৰম্ভ কৰি বাছ ষ্টেণ্ড, ডাকঘৰ, তালুক কাৰ্যালয়ৰ পাচত, পুৰণি বাছ ষ্টেণ্ডত ৰোড শ্ব'টো সমাপ্ত কৰে ।
তাৰ পাচতেই এখন জনসভাত অঞ্চলটোৰ ৰাইজক সম্বোধন কৰি দিয়া ভাষণত অমিত শ্বাহে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰক তীব্ৰ সমালোচনা কৰে । অমিত শ্বাহে কয় যে, তেওঁ মুছলমানসকলক সংৰক্ষণ দিব । ডি কে শিৱকুমাৰক শ্বাহে প্ৰশ্ন কৰে তেওঁ কোনটো জাতিত সংৰক্ষণ বন্ধ কৰিব আৰু কোনটো জাতিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰিব (Amit Shah slams Congress)।
অমিত শ্বাহৰ মতে, বিজেপিয়ে গুণ্ডলুপেট জিলাখনৰ আটাইকেইখন আসনতে জয়ী হ'ব । অমিত শ্বাহে লগতে ৰাইজক বিজেপিৰ প্ৰাৰ্থী নিৰঞ্জন কুমাৰক বৃহৎ সংখ্যাগৰিষ্ঠতাৰে জয়ী কৰাবলৈ আহ্বান জনায় । অমিত শ্বাহৰ এই ৰোড শ্ব' ১০-১২ হাজাৰ বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে । অমিত শ্বাহে বিয়লি সক্লেশপুৰত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব । তাৰ পাছত, তেওঁ সন্ধিয়া মহীশূৰ বিমানবন্দৰত উপস্থিত হ'ব আৰু হুবলিলৈ ৰাওনা হ'ব ।
লগতে পঢ়ক :Angkita Dutta updates: কোন দিশে অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ; ৰাজ্যত চলিছে সৰৱ চৰ্চা