ETV Bharat / bharat

পশ্চিম বংগ নিৰ্বাচন:মমতাৰ বাবে কঠিন যুঁজ, কিন্তু জয়ে দিব পাৰে ৰাষ্ট্ৰীয় স্বীকৃতি

মমতা বেনাৰ্জী, যাক সাধাৰণতে তেওঁৰ সংগ্ৰামী সত্বাৰ বাবে সকলোতে জনা যায়; কিন্তু তেওঁ এতিয়া হুইল চেয়াৰত বহি বিজেপি বিৰোধী অভিযানৰ নেতৃত্ব দিয়া দেখা গৈছে । নিৰ্বাচন আয়োগৰ নিৰীক্ষণৰ পিছতো তেওঁৰ ওপৰত আক্ৰমণ কৰোৱা হৈছে, যাক বিজেপি আৰু নিৰ্বাচনী আয়োগে ইতিমধ্যেই অস্বীকাৰ কৰিছে।

author img

By

Published : Mar 23, 2021, 9:40 AM IST

Retaining West Bengal tough for Mamata but win can get her national role
পশ্চিম বংগ নিৰ্বাচন:মমতাৰ বাবে কঠিন যুঁজ, কিন্তু জয়ে দিব পাৰে ৰাষ্ট্ৰীয় স্বীকৃতি

নিউজ ডেস্ক, 23 মাৰ্চ: পশ্চিম বংগৰ ভোট যুদ্ধত এতিয়া এফালে বিজেপি দল আৰু আনফালে বাকী দল সমূহ । বিজেপিৰ আগ্ৰাসী নিৰ্বাচনী ৰণ কৌশল মমতাৰ কাৰণে যে কঠিন হ'ব সেয়া স্বাভাৱিক; কিন্তু জয়ী হ'লে এয়া হ'ব মমতাৰ কাৰণে এক বৃহৎ ৰাষ্ট্ৰীয় স্বীকৃতি।

মমতাৰ সফলতাই সমগ্ৰ দেশতে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থান পাব পাৰে আৰু আৰম্ভণিৰে পৰা মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৰা ক্ষুৰধাৰ সমালোচনাই ইতিমধ্যে সেই কথা স্পষ্ট কৰি তুলিছে । ২০১৬ চনৰ নোটবন্দীয়ে হওঁক বা জি এছ টি অথবা নাগৰিক সংশোধনী আইন, আই এ এচ, আই পি এচ বিষয়া সকলৰ স্থানান্তৰিকৰণ হওঁক অথবা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আবণ্টন, মমতাই কিন্তু কোনো ফালেই সমালোচনাৰ বাট বন্ধ কৰা নাই ।

মমতা বেনাৰ্জীৰ মোদী বা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৰা অবিৰত আৰু আক্ৰমণাত্মক সমালোচনাই কিন্তু ইতিমধ্যেই মমতাই নিজৰ বাবে দেখা ৰাষ্ট্ৰীয় স্তৰত ৰাজনৈতিক সপোনৰ বিষয়টোক স্পষ্ট কৰি তুলিছে । তৃণমূল কংগ্ৰেছ সঁচাকৈয়ে এক সম্ভাৱনা, যিহেতু বিজেপি একমাত্ৰ বিকল্প। ইফালে কংগ্ৰেছ দল এতিয়া শক্তিহীন আৰু যথেষ্ট দুৰ্বল।

কংগ্ৰেছে পশ্চিম বংগৰ বিধান সভাৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বাওঁ শিবিৰৰ সৈতে অৱতীৰ্ণ হৈছে, যাৰ ফলত বিজেপি বিৰোধী ভোট সমূহ ভাগ হোৱাৰ সম্ভাৱনা অধিক । বিজেপিয়ে পশ্চিম বংগত হিন্দুত্ব অথবা ৰাষ্ট্ৰবাদৰ আধাৰত পূৰ্বেও নিৰ্বাচন খেলিছে আৰু সফলতাৰ মুখো দেখিছে । ২০১৯ চনত হোৱা লোকসভা নিৰ্বাচনেই ইয়াৰ প্ৰমাণ য'ত ৪২ খন লোকসভা আসনৰ ভিতৰত ১৮ খন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছিল ।

যোৱা লোকসভা নিৰ্বাচনৰ সফলতাৰ পাছৰে পৰাই বিজেপিয়ে পশ্চিম বংগত এক আগ্ৰাসী মনোভাৱেৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি আহিছে । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ভগৱান ৰামক কেন্দ্ৰ কৰি শ্লোগান দিয়া আৰম্ভ কৰে আৰু তৃণমূল চৰকাৰৰ বহু কেলেংকাৰি সামৰি যথেষ্ট সবল নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।

মমতাইও নিজৰ দলৰ সপক্ষে বিজেপিক ৰুধিবলৈ 'স্থানীয় আৰু বহিৰাগতৰ ধাৰণা'ক প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছে । নিজকে বংগৰ জীয়ৰী হিচাবে উল্লেখ কৰি প্ৰৱল বিজেপি বিৰোধী অভিযান আৰম্ভ কৰিছে। কিন্তু বিজেপিয়ে ইতিমধ্যেই বহু পুৰণি তৃণমূল কৰ্মী আৰু নেতাক নিজৰ ফালে নিবলৈ সক্ষম হৈছে, যিয়ে তৃণমূল দলক হানিছে এক মোক্ষম আঘাত।

মমতা বেনাৰ্জী, যাক সাধাৰণতে তেওঁৰ সংগ্ৰামী সত্বাৰ বাবে সকলোতে জনা যায়; কিন্তু তেওঁ এতিয়া হুইল চেয়াৰত বহি বিজেপি বিৰোধী অভিযানৰ নেতৃত্ব দিয়া দেখা গৈছে । নিৰ্বাচন আয়োগৰ নিৰীক্ষণৰ পিছতো তেওঁৰ ওপৰত আক্ৰমণ কৰোৱা হৈছে, যাক বিজেপি আৰু নিৰ্বাচনী আয়োগে ইতিমধ্যেই অস্বীকাৰ কৰিছে ।

যি কি নহওঁক, আঘাত প্ৰাপ্ত ভৰি আৰু হুইল চেয়াৰত বহি কৰা নিৰ্বাচনী প্ৰচাৰে তৃণমূলৰ কৰ্মী তথা সমৰ্থক সকলৰ মাজত মমতাৰ প্ৰতিবাদী সত্বাৰ কথা সজোৰে ঘোষণা কৰিছে যাৰ বাবে দলে হয়তো কিছু ভোট নিজৰ ফালে আনিবলৈ সক্ষম হ’ব ।

গেৰুৱা দল বিজেপিৰ বাবে পশ্চিম বংগত প্ৰধান সমস্যা এইয়ে যে, দলটোৰ এতিয়াও ৰাজ্যখনত সাংগঠনিক ভেটি সবল নহয় আৰু তৃণমূল কংগ্ৰেছৰ পৰা আমদানিকৃত নেতাইহে পশ্চিম বংগত গেৰুৱা দলক নেতৃত্ব দিছে । ৰাজ্য খনত গেৰুৱা দলৰ নেতাৰ সংখ্যা খুবেই তাকৰ যি হ'ব পাৰে দলটোৰ বাবে এক প্ৰৱল প্ৰত্যাহ্বান ।

যদি মমতাই অকলে পশ্চিম বংগত বিজেপিক ৰোধিবলৈ সক্ষম হয়, তেনেহলে কিন্তু এইয়া হ'ব সমগ্ৰ দেশতেই বিজেপি বিৰোধী শিবিৰৰ বাবে এক সফলতা। মমতাৰ সফলতাই তেওঁক সমগ্ৰ দেশৰে বিজেপি বিৰোধী এক সবল নেত্ৰী হিচাবে প্ৰতিষ্ঠিত কৰাব।

যদিও কংগ্ৰেছ দলে মমতাৰ দলৰ তথা বিজেপি বিৰোধী সংগ্ৰামৰ বিষয়ে প্ৰকাশ্যে একো মন্তব্য কৰা নাই, তথাপি ইতিমধ্যেই দেশৰ আন বিজেপি বিৰোধী ৰাষ্ট্ৰীয় নেতা সকল, যেনে এন চি পি নেতা শাৰদ পাৱাৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ডি এম কে প্ৰমুখ এম কে চৌলিন আদিৰ সমর্থন লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক-ৰাষ্ট্ৰীয় ৰাজধানী চহৰ দিল্লী (সংশোধনী) বিধেয়ক ২০২১ গৃহীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.