ETV Bharat / bharat

মহামাৰীৰ মাজতো শ্বেয়াৰ বজাৰত ভিৰ কৰিছে খুচুৰা বিনিয়োগকাৰীয়ে: এছ বি আই

author img

By

Published : Jun 22, 2021, 10:03 PM IST

ভাৰতীয় মধ্যবিত্ত বিনিয়োগকাৰীসকলে পৰম্পৰাগত সঞ্চয় সঁজুলি যেনে বেংক জমা, ফিক্সড ডিপজিট, ভৱিষ্যত নিধি একাউণ্ট, ডাকঘৰ সঞ্চয় আৰু ফিক্সড ডিপজিট আঁচনি, এল আই চি আদিত বিনিয়োগ কৰাটো পছন্দ কৰে ৷ আনহাতে আন কিছুমানে মূল্যৱান ধাতু আৰু ৰিয়েল ইষ্টেটতো বিনিয়োগ কৰে ।

Retail investors flock to stock market amid pandemic: SBI report
মহামাৰীৰ মাজতো শ্বেয়াৰ বজাৰত ভিৰ কৰিছে খুচুৰা বিনিয়োগকাৰীয়ে: এছ বি আই

নিউজ ডেস্ক, 22 জুন : খুচুৰা আৰু ঘৰুৱা বিনিয়োগকাৰীয়ে (Retail and household investors) বিগত 14 মাহত শ্বেয়াৰ বজাৰত বৃহৎ পৰিমাণে বিনিয়োগ কৰিছিল ৷ বিশ্বব্যাপী ক’ৰণা (Covid-19) মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰা সময়ত এছবিআই (SBI)ৰ এক গৱেষণাত প্ৰকাশ পাইছিল যে, ব্যক্তিগত বিনিয়োগকাৰীৰ দ্বাৰা বৰ্ধিত বিনিয়োগে আংশিকভাৱে দেশৰ বৃহৎ আন্তঃগাঁথনি বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে ৷ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰুপ চিফ ইকনমিক এডভাইজাৰ সৌম্য কান্তি ঘোষৰ সংকলিত তথ্য অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষত বজাৰত ব্যক্তিগত বিনিয়োগকাৰীৰ সংখ্যা ১৪২ লাখ বৃদ্ধি পাইছে ।

এছবিআই (SBI)ৰ প্ৰতিবেদনত কোৱা হৈছে যে, যোৱা বৰ্ষত খোলা 152 লাখ নতুন একাউণ্টৰ ভিতৰত 122.5 লাখ নতুন একাউণ্ট চি ডি এছ এল (CDSL)ত খোলা হৈছিল আৰু এন এছ ডি এল (NSDL)ত 19.7 লাখ একাউণ্ট খোলা হৈছিল । চলিত বিত্তীয় বৰ্ষত এই প্ৰৱণতা অব্যাহত আছে আৰু চলিত বৰ্ষৰ প্ৰথম দুমাহত (এপ্ৰিল-মে’) 44.7 লাখ নতুন খুচুৰা বিনিয়োগকাৰীয়ে একাউণ্ট খুলিছে । এয়া কেৱল শ্বেয়াৰৰ ব্যৱসায়ৰ বাবে খোলা নতুন একাউণ্টৰ সংখ্যাই নহয়, এন এছ ইৰ তথ্য অনুসৰি, ষ্টক এক্সচেঞ্জত মুঠ টাৰ্ণ অ'ভাৰৰ ব্যক্তিগত বিনিয়োগকাৰীৰ অংশও 2020 চনৰ মাৰ্চ মাহত 39% ৰ পৰা 2021 চনৰ মাৰ্চ মাহত 45% লৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক : প্ৰতাৰণাৰে তৃতীয় লিংগৰ সৈতে বিবাহ সম্পন্নৰ অভিযোগ; গোচৰ ৰুজু

ভাৰতীয় মধ্যবিত্ত বিনিয়োগকাৰীসকলে পৰম্পৰাগত সঞ্চয় সঁজুলি যেনে বেংক জমা, ফিক্সড ডিপজিট, ভৱিষ্যত নিধি একাউণ্ট, ডাকঘৰ সঞ্চয় আৰু ফিক্সড ডিপজিট আঁচনি, এল আই চি আদিত বিনিয়োগ কৰাটো পছন্দ কৰে ৷ আনহাতে আন কিছুমানে মূল্যৱান ধাতু আৰু ৰিয়েল ইষ্টেটতো বিনিয়োগ কৰে । অৱশ্যে, ক’ভিড-19 (Covid 19) লকডাউন সময়ত শ্বেয়াৰ বজাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ ফলত এই মধ্যবিত্ত ব্যক্তিগত বিনিয়োগকাৰীসকল শ্বেয়াৰ বজাৰৰ প্ৰতি আকৰ্ষিত হৈছে ।

বিশ্বব্যাপী, বিগত এবছৰত সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত বজাৰ মূলধন যথেষ্ট বৃদ্ধি পাইছে; কিন্তু ভাৰতৰ ক্ষেত্ৰত ই আন প্ৰধান দেশতকৈ অধিক হৈছে । চেঞ্চেক্সৰ বজাৰৰ মূলধন এবছৰত ১.৮ গুণ বৃদ্ধি পাইছে । আনহাতে ভাৰতৰ বেঞ্চমাৰ্ক 30 শ্বেয়াৰ সূচক বি এছ ই চেঞ্চেক্স 2020 চনৰ এপ্ৰিলৰ আৰম্ভণিতে 28,265 ৰ পৰা এতিয়া 52,000 লৈ বৃদ্ধি হৈছে ।

লগতে পঢ়ক : ২০০৫ চনৰ IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.