ETV Bharat / bharat

কেতিয়া মুকলি আকাশৰ তললৈ আহিব 41 জনকৈ শ্ৰমিক ?

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 10:42 AM IST

উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কয়াৰাৰ নিৰ্মাণাধীন সুৰংগত আৱদ্ধ হৈ পৰা ঘটনাই ভৰি দিলে 17 সংখ্যক দিনটোত । উদ্ধাৰ কামত নিয়োজিত বিষয়াসকলে শীঘ্ৰে 41 জন শ্ৰমিকক উলিৱাই অনাৰ আশ্বাস প্ৰদান কৰিছে ৷ সুৰংগটোত মেচিনৰ লগতে হাতেৰেও চলায় থকা হৈছে উদ্ধাৰ কাৰ্য ৷ লগতে উদ্ধাৰ কামত ভাৰতীয় সেনাৰ সহায় লোৱা হৈছে ।

Uttarakhand Uttarkashi Silkyara Tunnel
কেতিয়া মুকলি আকাশৰ তললৈ আহিব 41 জনকৈ শ্ৰমিকে

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ: অব্যাহত ছিল্কয়াৰা সুৰংগৰ উদ্ধাৰ অভিযান ৷ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কয়াৰাৰ নিৰ্মীয়মাণ সুৰংগত বন্দী হৈ থকা 41 জন শ্ৰমিক শীঘ্ৰে ওলাই আহিব বুলি আশাবাদী উদ্ধাৰকাৰী । শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই অনাৰ বাবে যৎপৰোনাস্তি প্ৰয়াস চলায় থকা হৈছে । কিন্তু সন্মুখীন হৈ অহা বাধাৰ বাবে সেয়া সফল হৈ উঠা নাই । উদ্ধাৰকাৰী দলটোৱে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ওচৰলৈ যাবলৈ অহৰহ উদ্ধাৰ অভিযানত ব্যস্ত হৈ আছে । উদ্ধাৰ অভিযানে 17 তম দিনত ভৰি দিলে ।

মন কৰিবলগীয়া যে উত্তৰাখণ্ডৰ উত্তৰকাশী ছিল্কয়াৰা সুৰংগত 17 দিন আৱদ্ধ হৈ আছে সাতখন ৰাজ্যৰ শ্ৰমিক । সুৰংগটোৰ পৰা শ্ৰমিকসকলক উলিয়াই অনাৰ বাবে উদ্ধাৰ কাম পূৰ্ণগতিত চলি আছে আৰু ৰাজ্যৰ লগতে কেন্দ্ৰৰ সকলো সংস্থাই উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । সুৰংগটো থিয়কৈৰ লগতে পথালিকৈও খান্দি থকা হৈছে । ভাৰতীয় সেনাইও উদ্ধাৰ কামত সহায় কৰিছে । সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে অক্সিজেন, খাদ্য আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱা হৈছে । চিকিৎসকৰ দলটোৱে শ্ৰমিকসকলক পৰামৰ্শ দি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিছে ।

সোমবাৰে উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত 36 মিটাৰ উলম্বভাৱে খনদা হয় আৰু 50 মিটাৰ বৰ্তমানেও খান্দিবলগীয়া আছে । সুৰংগটোত মুঠ 88 মিটাৰ উলম্ব ড্ৰিলিং কৰিব লাগিব । উলম্ব ড্ৰিলিঙৰ লগতে সুৰংগটোৰ ওপৰত 8 ইঞ্চিৰ সুকীয়া ড্ৰিলিংও কৰা হৈছে । এইটো এটা পৰীক্ষামূলকভাৱে কৰা হৈছে, য’ত 75 মিটাৰ পৰ্যন্ত ড্ৰিলিং কৰা হৈছে । কালি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব প্ৰমোদ কুমাৰ মিশ্ৰ, কেন্দ্ৰীয় গৃহ সচিব অজয় ​​কুমাৰ ভল্লা আৰু উত্তৰাখণ্ডৰ মুখ্য সচিব এছ.এছ. এ এখন বৈঠক অনুষ্ঠিত কৰি উদ্ধাৰ অভিযানৰ সৈতে জড়িত বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ।

ছিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আধুনিক যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে যদিও মেচিনবোৰত দেখা দিয়া কাৰিকৰী বিজুতিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিছে ৷ আমেৰিকান অগাৰ মেচিনকো এই কামত ব্যৱহাৰ কৰি থকা হৈছে ৷ নিগনিখনন কৌশলো (rat mining) এই অভিযানত ব্যৱহাৰ কৰা হৈছে ।

লগতে পঢ়ক: উত্তৰকাশী সুৰংগত আবদ্ধ শ্ৰমিকৰ মানসিক অৱস্থা কেনে; জানিব পৰা যাব ৰবটিক পদ্ধতিৰ জৰিয়তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.