ETV Bharat / bharat

Republic Day 2024 : বিশেষ হ'ব অহা বছৰৰ গণৰাজ্য দিৱস - Women special Republic Day 2024

২০২৪ চনৰ গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ'ব ভাৰতৰ নাৰী শক্তি (Republic Day 2024)। দিৱসৰ পেৰেড, প্ৰতীকপট আদি সকলোতে কেৱল মহিলাসকলে অংশগ্ৰহণ কৰিব । প্ৰতিৰক্ষা বিভাগে ইতিমধ্যে এই সন্দৰ্ভত প্ৰতিটো মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে ।

Republic Day 2024
বিশেষ হ'ব অহা বছৰৰ গণৰাজ্য দিৱস
author img

By

Published : May 7, 2023, 2:00 PM IST

নেশ্যনেল ডেস্ক,৭ মে': শেহতীয়া বছৰবোৰত ভাৰতে মহিলা সৱলীকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে (Women Empowerment in India)। প্ৰতিটো ক্ষেত্ৰতে মহিলাৰ অংশগ্ৰহণ আৰু যোগদানৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে । ৰাজনীতি, ক্ৰীড়া, সাহিত্য আদি প্ৰতিটো ক্ষেত্ৰতে মহিলাৰ সফলতাও অব্যাহত আছে । চৰকাৰে মহিলাৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰৰ ক্ষেত্ৰতো বহু আঁচনি ৰূপায়ণ কৰিছে । ইয়াৰ মাজত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । অহা বছৰ অৰ্থাৎ ২০২৪ চনৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত কেৱল মহিলাসকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে ।

সামৰিক আৰু অন্যান্য ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ অংশ হিচাপে গণৰাজ্য দিৱসৰ কুচকাৱাজত কেৱল মহিলাসকলে অংশগ্ৰহণ কৰিব পাৰিব বুলি প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই জনাইছে (Women special Republic Day 2024)। অৰ্থাৎ প্ৰতিটো বাহিনী, প্ৰতীকপট আৰু বিভিন্ন অনুষ্ঠানত মহিলাক হে অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ব ।

এই সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আনুষ্ঠানিক শাখাৰ দ্বাৰা অন্যান্য গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ সৈতে সকলো প্ৰতিৰক্ষা বাহিনীলৈ এটা টোকা প্ৰচাৰ কৰা হৈছে । সকলো মন্ত্ৰালয় আৰু বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি গণৰাজ্য দিৱসৰ কুচকাৱাজ আয়োজন কৰা হ'ব বুলিও কোৱা হৈছে (Only female will participate next Republic Day)।

প্ৰতিৰক্ষা বিভাগৰ সূত্ৰৰ মতে বিতং আলোচনাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে । সিদ্ধান্ত অনুসৰি কৰ্তব্য পথৰ গণৰাজ্য দিৱস ২০২৪ৰ কাৰ্যসূচীত মাৰ্চিং আৰু বেণ্ড, প্ৰতীকপট আদিত কেৱল মহিলাসকলেহে অংশগ্ৰহণ কৰিব পাৰিব । প্ৰতিৰক্ষা মন্ত্ৰালয়ে গৃহ পৰিক্ৰমা, সাংস্কৃতিক আৰু নগৰ উন্নয়নকে ধৰি অন্যান্য মন্ত্ৰালয়সমূহকো অহা বছৰত সকলো মহিলা পেৰেডৰ দ্বাৰা গণৰাজ্য দিৱস উদযাপন কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে ।

উল্লেখ্য যে যোৱা কেইটামান বছৰত বিভিন্ন ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ অভিযান আৰম্ভ কৰিছে । সেই অভিযানক সঁহাৰি জনাই প্ৰতিৰক্ষা বাহিনী আৰু অৰ্ধসামৰিক দলবোৰেও মহিলা কমাণ্ডাৰ আৰু উপ কমাণ্ডাৰ বাছনি কৰিছে । তেওঁলোকক যুঁজাৰুৰ ভূমিকাত নিয়োজিত কৰাৰ লগতে কমাণ্ডৰ হোৱাৰ সুযোগ দিয়া হৈছে ।

এনে সুযোগৰ বাবেই মহিলাসকলে ভাৰতীয় বায়ু সেনাত যুঁজাৰু পাইলট হ'বলৈ সক্ষম হৈছে আৰু জোৱান হিচাপেও সেনাত অন্তৰ্ভুক্ত হৈছে । শেহতীয়াকৈ, সেনাই মহিলা বিষয়াসকলৰ বাবে আৰ্টিলাৰী ৰেজিমেণ্টো মুকলি কৰিছে ।

লগতে পঢ়ক :Manipur latest news : মণিপুৰৰ চুৰাচান্দপুৰত ৩ ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.