ETV Bharat / bharat

পদ্মভূষণ বঁটাৰে সন্মানিত প্ৰখ্যাত চিত্ৰশিল্পী লক্ষ্মণ পাইৰ পৰলোকপ্ৰাপ্তি - আন্তঃৰাষ্ট্ৰীয় খ্য়াতিসম্পন্ন

চিৰবিদায় মাগিলে গোৱাৰ প্ৰথিতযশা চিত্ৰশিল্পী লক্ষ্মণ পায়ে । দেওৱাৰে গোৱাস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে পদ্মভূষণ বঁটা প্ৰাপ্ত শিল্পীগৰাকীয়ে । তেওঁৰ মৃত্যুত গোৱাৰ মুখ্যমন্ত্ৰীৰ লগতে বহু ৰাজনৈতিক নেতাই শোক প্ৰকাশ কৰিছে ।

চিৰবিদায় মাগিলে গোৱাৰ প্ৰথিতযশা চিত্ৰশিল্পী লক্ষ্মণ পায়ে

author img

By

Published : Mar 15, 2021, 6:54 PM IST

নেশ্য়নেল ডেস্ক,১৫ মাৰ্চ: দেওবাৰে দেহাৱসান ঘটে পদ্মভূষণ বঁটা প্ৰাপ্ত গোৱাৰ প্ৰসিদ্ধ চিত্ৰশিল্পী লক্ষ্মণ পাইৰ । গোৱাৰ কলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্য়ুৰ সময়ত বয়স আছিল ৯৫ বছৰ । দেওৱাৰে গোৱাস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে খ্যাতনামা চিত্ৰশিল্পী গৰাকীয়ে ।

লক্ষ্মণ পাইক পদ্মভূষণ, পদ্মশ্ৰী, নেহৰু বঁটা আৰু ললিত কলা একাডেমী বঁটাকে ধৰি বহু বঁটাৰে সন্মানিত কৰা হৈছিল । প্ৰথিতযশা চিত্ৰশিল্পী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি গোৱাৰ মুখ্যমন্ত্ৰী ড৹ প্ৰমোদ সাৱন্তে টুইটযোগে কয় যে, 'গোৱাই আজি এটা মূল্যৱান ৰত্ন হেৰুৱাইছে । কলাৰ ক্ষেত্ৰত তেওঁৰ অপৰিসীম অৱদান আমি সদায় মনত ৰাখিম' । লগতে লক্ষ্মণ পাইৰ শোকসন্তপ্ত পৰিয়ালৰ সমবেদনাও জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বিৰোধী দলৰ নেতা দিগম্বৰ কামটেয়ে চিত্ৰশিল্পী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু কয় যে, চিত্ৰশিল্পীজনে চিত্ৰকলাৰ সৈতে জীৱনৰ অন্তিম সময়লৈকে জড়িত হৈ আছিল । তেওঁ লগতে কয় যে, আন্তঃৰাষ্ট্ৰীয় খ্য়াতিসম্পন্ন চিত্ৰশিল্পী লক্ষ্মণ পাইৰ মৃত্যুয়ে কলাৰ ক্ষেত্ৰত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিব ।

শ্ৰীগোকৰ্ণ পাৰ্টাগলি মঠৰ শ্ৰীমদ বিধ্যাধীৰাজ তীৰ্থ স্বামীয়ে সন্মানীয় বিধ্যাধীৰাজ বঁটা তেওঁলৈ আগবঢ়াইছিল যদিও কৰ'ণা মহামাৰীৰ বাবে, তেওঁক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব পৰা নগ'ল । দিগম্বৰ কামটে লক্ষ্মণ পাইৰ আত্মাৰ চিৰশান্তি কামনা কৰে । কেন্দ্ৰীয় আয়ুষৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ ৱাই নায়েকেও প্ৰয়াত শিল্পীগৰাকীলৈ টুইটযোগে শ্ৰদ্ধাঞ্জলি জনায় ।

লগতে পঢ়ক: 'সৰু দুৰ্ঘটনা'ক লৈ ৰাজনীতি নকৰিবলৈ মমতাক আহ্বান গাডকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.