দেশখনৰ সাৰ্বভৌমত্বৰ প্ৰতীক ভাৰতীয় জাতীয় পতাকাখনৰ চানেকি নিৰ্মাণ কৰোঁতাজন হৈছে এগৰাকী তেলেগু ব্যক্তি ৷ তেওঁ হ’ল পিংগালি ৱেংকায়া, এগৰাকী উচ্চ শিক্ষিত, বহুভাষাবিদ তথা কৃষি আৰু সাহিত্যত দখল থকা ব্যক্তি ৷ তেওঁৱেই জাতীয় পতাকাখনৰ চানেকি নিৰ্মাণ কৰি মহত্মা গান্ধীৰ হাতত প্ৰদান কৰিছিল ৷ গান্ধীজীয়ে তেওঁক পতাকাখনৰ সামান্য সাল-সলনি কৰিবলৈ পৰামৰ্শ দিছিল ৷ পৰৱৰ্তী পৰ্যায়ত ঘটা কেইবাটাও আমোদজনক ঘটনাৰ মাজেৰে সৰকি আহি পতাকাখনে আজিৰ ৰূপ পাইছেহি ৷
ত্ৰিৰংগ পতাকাখনে বিশাল, অদ্বিতীয় তথা বৈচিত্যৰে ভৰা ভাৰত ৰাষ্ট্ৰখনক প্ৰতিনিধিত্ব কৰে ৷ স্বতন্ত্ৰতা আন্দোলনৰ সময়ত নিৰসালভাৱে যুঁজি থাকিব পৰাকৈ অনুপ্ৰেৰণা যোগোৱা তথা জনসাধাৰণৰ মাজত একতা বৰ্তাই ৰাখিবৰ বাবে বিপ্লৱী গীত আৰু শ্ল’গানবোৰে এক প্ৰধান ভূমিকা পালন কৰিছিল ৷ ঠিক তেনেকৈয়ে ত্ৰিৰংগ পতাকায়ো স্বাধীনতা আন্দোলনৰ সময়ত মূখ্য ভূমিকা পালন কৰিছিল আৰু দেশখনৰ বিভিন্ন মূল্যবোধৰ হৈ থিয় দিয়া এই ত্ৰিৰংগ পতাকাখনৰেই আৰ্হি নিৰ্মাণ কৰিছিল পিংগালি ৱেংকায়াই ৷
পিংগালি ৱেংকায়াৰ জন্ম হৈছিল 1876 চনৰ 2 আগষ্টত কৃষ্ণা জিলাৰ মাচিলিপাট্টনামৰ কাষৰীয়া ভাট্টলাপেনুমাৰৰুত ৷ শিশু কালৰ পৰাই ৱেংকায়া আছিল এগৰাকী দেশভক্ত ৷ 19 বছৰ বয়সতেই তেওঁ দক্ষিণ আফ্ৰিকাৰ ব’ৱাৰ যুদ্ধত ভাগ লৈছিল ৷ মহাত্মা গান্ধীৰ সৈতে ৱেংকায়াৰ সম্বন্ধ স্থাপন হৈছিল পৰৱৰ্তী পৰ্যায়ত অৰ্ধ শতিকাজুৰি চলিবলগীয়া যুঁজখনৰ সময়চোৱাত ৷ 1921 চনত বেজাৱাড়াত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাখনত গান্ধীজীয়ে ৱেংকায়াক গেৰুৱা, সেউজীয়া আৰু শুকুলাৰ সমাহাৰেৰে এখন পতাকাৰ চানেকি নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিছিল ৷
1921 চনৰ 31 মাৰ্চ আৰু 1 এপ্ৰিল তাৰিখে বেজাৱাড়াত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাখনত প্ৰকৃত ত্ৰিৰংগ পতাকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় পাইছিল ৷ কস্তুৰবা গান্ধী, চৰ্দাৰ বল্লৱভাই পেটেল, মতিলাল নেহৰু, জৱাহৰলাল নেহৰু, বাবু ৰাজেন্দ্ৰ প্ৰসাদ, চি ৰাজাগোপালচাৰী আৰু তাংগুতুৰি প্ৰকাশমকে ধৰি শীৰ্ষ নেতাসকলে এই সভাকেইখনত ভাগ লৈছিল ৷ তেতিয়াই গান্ধীজীয়ে পিংগালি ৱেংকায়াক এখন ৰাষ্ট্ৰীয় পতাকাৰ চানেকি নিৰ্মাণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল ৷ ত্ৰিৰংগ পতাকাখনৰ বাচনি চূড়ান্ত হোৱাৰ পূৰ্বে তেওঁ প্ৰায় 30 খন পতাকাৰ বিভিন্ন চানেকি নিৰ্মাণ কৰিছিল ৷
মহাত্মা গান্ধীৰ এজন কট্টৰ অনুৰাগী ৱেংকায়াই এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপে পতাকখনত ৰাষ্ট্ৰীয় চেতনা প্ৰতিফলিত হোৱাতো বিচাৰিছিল ৷ এই ধাৰণাটো লৈয়েই তেওঁ 1916 চনত “এ নেশ্বনেল ফ্লেগ” নামেৰে এখন কিতাপ লিখিছিল ৷ তেওঁ কিতাপখনৰ জৰিয়তে সাম্ভাব্য পতাকাখনৰ 24 টা বিভিন্ন আৰ্হিৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ 1921 চনলৈকে তেওঁ বিভিন্ন দেশসমূহৰ পতাকাবোৰৰ অধ্যয়ন কৰিছিল ৷ ইয়াৰ পাচত তেওঁ বিভিন্ন ৰঙৰ ব্যৱহাৰেৰে পতাকাৰ 30 টা চানেকি নিৰ্মাণ কৰি উলিয়ায় আৰু এইসমূহ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাৰ সময়ত গান্ধীজীৰ হাতত অৰ্পণ কৰে ৷ গান্ধীজীয়ে ৱেংকায়াৰ প্ৰচেষ্টাৰ শলাগ লয় যদিও তেওঁ এই চানেকিবোৰৰ এটাও পছন্দ নকৰে ৷ ৱেংকায়াক তেওঁ এই ক্ষেত্ৰত কেইবাবাৰো পৰামৰ্শ দিয়ে আৰু বগা ৰংটোক ধৰ্মীয় বৈচিত্ৰতাৰ প্ৰতীক স্বৰূপে তেওঁৰ চানেকিত সংযোজন কৰিবলৈ কয় ৷ লালা হাংচৰাজে এটা যতৰ সংযোজন কৰিবলৈ পৰামৰ্শ দিয়ে আৰু গান্ধীজীয়ে এই পৰামৰ্শৰ প্ৰতি সমৰ্থন জনায় ৷
গান্ধীজীৰ পৰামৰ্শৰ ফলত চানেকি সম্পূৰ্ণ হওঁতে পলম হয় ৷ যাৰ ফলস্বৰূপে কংগ্ৰেছৰ বেজাৱাড়াৰ সৰ্বভাৰতীয় সন্মিলনত সমিতিয়ে পতাকাখন অনুমোদন কৰিব নোৱাৰে ৷ কিন্তু গান্ধীজীয়ে এটা প্ৰৱন্ধত উল্লেখ কৰিছিল যে, সেই সময়ত পলম হোৱাৰ বাবে ভালেই হৈছিল; কিয়নো ই ৱেংকায়াক এটা উদ্ভাৱনী চানেকি নিৰ্মাণ কৰি উলিওৱাত সহায় কৰিছিল ৷ কংগ্ৰেছৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে অনুমোদন পোৱা নাছিল যদিও ৱেংকায়াৰ পতাকাখনে জনগণৰ মাজত তাৎক্ষণিক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ মাজত দেশপ্ৰেমৰ ভাৱ জগাই তুলিছিল ৷ 1931 চনত ৰাষ্ট্ৰীয় কংগ্ৰেছে এই পতাকাখনক অনুমোদিত কৰে আৰু ৰাষ্ট্ৰীয় পতাকা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷
বাস্তৱিকতে এই পতাকাখনত ৰঙৰ ব্যৱহাৰ আৰু প্ৰতীকাত্মকতাক লৈ সমাজৰ কেইটামান পক্ষই অভিযোগ কৰিছিল ৷ হিন্দু আৰু মুছলমানক আন আন ধাৰ্মিক সমুদায়সমূহৰ তুলনাত অগ্ৰাধিকাৰ দিয়া বুলি সমালোচনা কৰিছিল ৷ সকলোৱে একেষাৰে গ্ৰহণ কৰিব পৰা ধৰণৰ এখন পতাকা প্ৰস্তুত কৰাৰ দাবী উত্থাপিত হৈছিল ৷ আনকি কংগ্ৰেছ দলে ভোগাৰাজু পাট্ৰাভি চিটাৰামায়াৰ আহ্বানত এই দাবীৰ তদন্ত কৰিবলৈ এখন বিশেষ সমিতিও গঠন কৰি দিছিল ৷ এই সমিতিখনত জৱাহৰলাল নেহৰু, বল্লৱভাই পেটেলৰ দৰে প্ৰমূখ নেতাসকল আছিল ৷
কেইবাগৰাকী বিশেষজ্ঞৰ পৰামৰ্শক সাৰোগত কৰি কংগেছ দলে গেৰুৱা ৰঙৰ মাজত ৰঙা ৰঙৰ যঁতৰ এটাৰ সহিতে নিজাকৈ এখন পতাকাৰ চানেকি প্ৰস্তুত কৰি উলিয়াইছিল ৷ কিন্তু কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে 1931 চনত অনুষ্ঠিত হোৱা এখন সভাত এই চানেকিখনক প্ৰত্যাখ্যান কৰে ৷ কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যসকলে পৰামৰ্শ আগবঢ়ায় যে, ৱেংকায়াৰ দ্বাৰা প্ৰস্তুত কৰা ত্ৰিৰংগ পতাকাখনে জনগণৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ গতিকে এই পতাকাখনক সলনি কৰাটো খুব সমিচীন নহ’ব ৷ তদুপৰি কংগ্ৰেছৰ কাৰ্যকৰী সমিতিখনে কয় যে , যদি প্ৰয়োজন হয় তেনেহ’লে তেওঁলোকে ত্ৰিৰংগ পতাকাখনৰ সামান্য সংশোধনো ঘটাব ৷
স্বাধীনোত্তৰ কালচোৱাত মূল যতৰৰ ঠাই লয় ধৰ্ম চক্ৰই ৷ পাচত কিছুমান প্ৰতিবেদনত প্ৰকাশ পাইছিল যে, এই সংশোধন কাৰ্য গান্ধীজীৰ বিৰুদ্ধে গৈ কৰা হৈছিল ৷ আনকি বৰ্তমানো ভাৰত চৰকাৰৰ ৱেবছাইটত উল্লেখ কৰা আছে যে, 1921 চনত বেজাৱাড়াত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ সৰ্বভাৰতীয় সন্মিলনখনত এজন তেলেগু যুৱকে গান্ধীজীক ৰাষ্ট্ৰীয় পতাকাখনৰ চানেকি প্ৰদান কৰিছিল ৷ ইয়াৰ পৰা এইটো সুনিশ্চিত কৰিব পৰা নাযায় যে, ৰাষ্ট্ৰীয় পতাকাখনৰ চানেকি পিংগালি ৱেংকায়াই নিজাবৱীয়াকৈ প্ৰস্তুত কৰিছিল ৷
কেইগৰাকীমান বিশেষজ্ঞই যুক্তি দৰ্শাই কৈছে যে, ৱেংকায়াই প্ৰস্তাৱ দিয়া প্ৰকৃত চানেকিখনৰ কেইবালানিও পৰিৱৰ্তন হৈছিল ৷ আন কেইজনমান ইতিহাসবিদে কয় যে, পতাকাখন প্ৰস্তুত কৰাৰ চূড়ান্ত পৰ্যায়ত অশোক চক্ৰটো সংযোজন কৰাৰ প্ৰস্তাৱ দিছিল জৱাহৰলাল নেহৰুৱে আৰু এই ধাৰণাটো আছিল নেহৰুৰ ঘনিষ্ঠ এজনৰ পত্নীৰ ৷ ইয়াৰ ভিত্তিতে বহুতেই সেই মহিলা গৰাকীকে বৰ্তমানৰ পতাকাখনৰ নিৰ্মাণ কৰোতা বুলি স্বীকৃতি দিব বিচাৰে ৷ কিন্তু এই দাবীৰ অন্য কোনো প্ৰমাণ নাই ৷ সেইবাবে বহুতেই পিংগালি ৱেংকায়াক ত্ৰিৰংগ পতাকাখনৰ প্ৰকৃত নিৰ্মাণকাৰী বুলি বিবেচনা কৰে ৷
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত সমান অনুপাতত ক্ৰমান্বয়ে শীৰ্ষত আছে গাঢ় গেৰুৱা ৰং, শুকুলা আছে মাজত আৰু গাঢ় সেউজীয়া আছে নিম্ন ভাগত ৷ পতাকাখনৰ দীঘ আৰু বাণীৰ অনুপাত হ’ল 3:2 ৷ ৱেংকায়াৰ দ্বাৰা নিৰ্মিত ৰাষ্ট্ৰীয় পতাকাখন সদায় দেশৰ দ্বাৰা পূজনীয় হৈ ৰ’ব ৷ যঁতৰটোৰ ঠাইত অশোক চক্ৰটো সংযোজন কৰাৰ বাদে মূল পতাকাখনত আন কোনো ধৰণৰ উল্লেখনীয় সাল-সলনি কৰা হোৱা নাছিল ৷