নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: লালকিল্লা হিংসাৰ গোচৰত অভিযুক্ত দীপ সিদ্ধুক তিছ হাজাৰী আদালতে জামিন দিয়াৰ লগে লগে দিল্লী আৰক্ষীয়ে তেওঁক পুনৰ তিহাৰ কাৰাগাৰত গ্ৰেপ্তাৰ কৰে । এইবাৰ পুৰাতত্ব বিভাগে ধ্বংস কাৰ্য সন্দৰ্ভত তৰা এক গোচৰৰ অভিযোগত সিদ্ধুক গ্ৰেপ্তাৰ কৰা হয় । শনিবাৰে আবেলি দিল্লী আৰক্ষীৰ অপৰাধ শাখাই সিদ্ধুক গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে, ২৬ জানুৱাৰীত লালকিল্লাত ট্ৰেক্টৰ ৰেলীৰ সময়ত এক হিংসাত্মক ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনাত আৰক্ষীৰ ওপৰত আক্ৰমণ হোৱাৰ লগতে একাংশ দুস্কৃতিকাৰীয়ে লালকিল্লা লণ্ডভণ্ড আৰু ক্ষতিগ্ৰস্ত কৰিছিল । তাৰ পাছতে ঘটনা সন্দৰ্ভত ৰুজু কৰা এক গোচৰৰ ভিত্তিত দীপ সিদ্ধুক যোৱা ফেব্ৰুৱাৰীত অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল ।
২৬ জানুৱাৰীৰ ঘটনাৰ পাছত সেই স্থানত উপস্থিত হৈছিল এএছআইৰ দল আৰু তেওঁলোকে অনুসন্ধান কৰাৰ পাছতে ঐতিহাসিক স্থলী ধ্বংস কৰাৰ অভিযোগত পৃথককৈ এটা গোচৰ ৰুজু কৰিছিল । সেই গোচৰৰ ভিত্তিতে পুনৰ সিদ্ধুক গ্ৰেপ্তাৰ কৰা হয় ।