ETV Bharat / bharat

India Pak relation: ভাৰতৰ সৈতে শান্তি আলোচনাৰ প্ৰস্তাৱ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ

ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে পাকিস্তানে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আগবঢ়াইছে এই আলোচনাৰ প্ৰস্তাৱ ৷ অৱশ্যে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ভাৰতে ৷

India Pak relation
India Pak relation
author img

By

Published : Aug 1, 2023, 10:43 PM IST

নেশ্যনেল ডেস্ক, 1 আগষ্ট: ভাৰতৰ সৈতে সকলো সমস্যা সমাধানৰ বাবে ইচ্ছা প্ৰকাশ কৰি শান্তি আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ৷ ভাৰতৰ সৈতে শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াই শ্বাহবাজ শ্বৰীফে কয় যে দুয়োখন দেশৰ বাবে ‘যুদ্ধ এটা বিকল্প নহয়’, কিয়নো দুয়োখন দেশে দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে যুঁজ দি আছে ৷

সোমবাৰে ইছলামাবাদত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি) আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভৰ দশম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আমাৰ কাৰো বিৰুদ্ধে একো নাই, আমি নিজেই নিজৰ চোৱাচিতা কৰিব লাগিব । আমি তেওঁলোকৰ (ভাৰতৰ) সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰস্তুত, কিয়নো যুদ্ধ কোনো বিকল্প নহয় ৷’’

তেওঁ আৰু কয়, ‘‘পাকিস্তান হৈছে এক পাৰমাণৱিক শক্তি ৷ কিন্তু পাৰমাণৱিক শক্তি আক্ৰমণকাৰী হিচাপে নহয় ৷ আমাৰ প্ৰতিৰক্ষাৰ উদ্দেশ্যে যোৱা 75 বছৰত আমি তিনিখন যুদ্ধ কৰিলো ৷ কিন্তু ইয়াৰ পৰিণতি কি হ’ল ৷ ই অধিক দৰিদ্ৰতা আৰু নিবনুৱা সৃষ্টি কৰিলে ৷’’

ইছলামাবাদস্থিত সন্ত্ৰাসবাদী সংগঠনসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৰ্তমান সৰ্বকালৰ নিম্নস্তৰত থকাৰ মূলতে হ’ল সন্ত্ৰাসবাদী সংগঠনসমূহ ৷

উল্লেখ্য যে পাকিস্তানে ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ আগবঢ়ালেও অৱশ্যে ভাৰতে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ নতুন দিল্লীয়ে নিজৰ স্থিতি বজাই ৰাখি কয় যে যেতিয়ালৈকে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদ, শত্ৰুতা বা হিংসা চলি থাকিব তেতিয়ালৈকে পাকিস্তানৰ সৈতে কোনো আলোচনা হ'ব নোৱাৰে ।

লগতে পঢ়ক: Sidhu Moosewala Murder Case: সিদ্ধু মুছেৱালাৰ হত্যাকাৰী শচীন বিষ্ণইক 10 দিনৰ বাবে দিল্লী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.