নিউজ ডেস্ক, ৮ জুন : ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (Reserve Bank of India) গৱৰ্ণৰ শক্তিকান্ত দাসে পেমেণ্ট ব্যৱস্থাত সেৱা উন্নত কৰাৰ লক্ষ্যৰে উন্নয়নমূলক পদক্ষেপৰ এখন তালিকা প্ৰস্তুত কৰিছে (RBI Governor Shaktikanta Das) । আৰবিআয়ে অনা-বেঙ্কিং প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (Prepaid Payment Instrument) জাৰিকৰ্তাসকলক ই-ৰুপী ভাউচাৰ জাৰি কৰাৰ অনুমতি প্ৰদান কৰিব । ইয়াৰ দ্বাৰা ই-ৰুপি ভাউচাৰৰ পৰিসৰ আৰু উপলব্ধতা সম্প্ৰসাৰিত হ'ব বুলি আশা কৰিছে (e RUPI to Prepaid Payment Instrument issuers) ।
ব্যৱহাৰকাৰী আৰু হিতাধিকাৰীসকলৰ লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে । "ভাউচাৰ পুনৰ লোড কৰা, প্ৰমাণীকৰণ প্ৰক্ৰিয়া, জাৰি কৰাৰ সীমা আদিৰ দৰে অন্যান্য দিশবোৰো ই-ৰুপি ভাউচাৰ ব্যৱহাৰৰ সুবিধাৰ বাবে সংশোধন কৰা হ'ব । শীঘ্ৰেই পৃথক নিৰ্দেশনা জাৰি কৰা হ'ব ।" ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰগৰাকীয়ে কয় । আৰবিআইৰ গৱৰ্ণৰে দ্বি-মাহিলি আৰবিআই মুদ্ৰা নীতি ঘোষণাৰ সময়ত কৰা তিনিটা পেমেণ্ট ব্যস্থা সম্পৰ্কীয় অতিৰিক্ত ব্যৱস্থাৰ এইটো এটা ঘোষণা আছিল (RBI monetary policy) ।
ই-ৰুপিই কি ?
২০২১ চনৰ আগষ্ট মাহত মুকলি কৰা ডিজিটেল ভাউচাৰ ই-ৰুপি ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমৰ (এন.পি.চি.আই.) ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (Unified Payments Interface, UPI) ব্যৱস্থাৰ অংশ । NPCI-এ (National Payments Corporation of India) ইয়াক বিত্তীয় সেৱা বিভাগ (Department of Financial Services), ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ (National Health Authority), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (Ministry of Health and Family Welfare) আৰু অংশীদাৰ বেংকৰ সহযোগত এই ব্যৱস্থা আৰম্ভ কৰে ।
বৰ্তমান বেঙ্কবোৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হৈ আৰু কৰ্পোৰেটৰ হৈ সীমিত পৰিমাণে নিৰ্দিষ্ট উদ্দেশ্যত এই ভাউচাৰ জাৰি কৰিছে । ই-ৰুপিৰ ব্যৱহাৰকাৰীসকলে কাৰ্ড, ডিজিটেল পেমেণ্ট এপ বা ইণ্টাৰনেট বেঙ্কিং অবিহনেই ই-ৰুপি গ্ৰহণ কৰা ব্যৱসায়ীসকলৰ ওচৰত ভাউচাৰখন প্ৰয়োগ কৰিবলৈ সক্ষম হ'ব ।
সংগঠন বা চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ডিজিটেল ভাউচাৰখন এছএমএছ বা কিউআৰ কোডৰ জৰিয়তে এক নিৰ্দিষ্ট উদ্দেশ্য বা কাৰ্যকলাপৰ বাবে হিতাধিকাৰীসকলে শ্বেয়াৰ কৰিব পাৰে । ই হৈছে এক সম্পৰ্কহীন এককালীন পৰিশোধ ব্যৱস্থা যাক NPCI-এ পৰিশোধৰ এক সহজ, সুৰক্ষিত আৰু নিৰাপত্তামূলক পদ্ধতি বুলি দাবী কৰে । এই প্ৰক্ৰিয়াত হিতাধিকাৰীসকলৰ বিৱৰণ সম্পূৰ্ণ গোপনীয় হ'ব । সমগ্ৰ লেনদেন প্ৰক্ৰিয়াটোৱে কেৱল প্ৰদান কৰা ডিজিটেল ভাউচাৰ ব্যৱহাৰ কৰে আৰু ই তুলনামূলকভাৱে দ্ৰুত আৰু একে সময়তে নিৰ্ভৰযোগ্যও । যিহেতু ই হৈছে প্ৰিপেইড ব্যৱস্থা, সেয়ে প্ৰয়োজনীয় পৰিমাণৰ ধন পূৰ্বতেই ভাউচাৰত সংৰক্ষিত কৰি ৰাখিব লাগিব ।
লগতে পঢ়ক :RBI Inflation Projection FY24 : ২০২৪ বিত্তীয় বৰ্ষৰ মুদ্ৰাস্ফীতিৰ পূৰ্বানুমান হ্ৰাস আৰবিআইৰ