ETV Bharat / bharat

চিলাৰ সূতাই ডিঙি কাটিলে ত্ৰিপুৰাৰ সাংবাদিকৰ

উৰণীয়া সেঁতুৰে দুচকীয়া বাহন লৈ যাত্ৰা কৰি দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ত্ৰিপুৰাৰ এজন জ্যেষ্ঠ সাংবাদিক ৷ উৰণীয়া সেঁতুখনত পূৰ্বৰে পৰা ফাঁচি থকা চিলাৰ সূতা ডিঙিত লগাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ত্ৰিপুৰাৰ এখন বহুল ভাৱে প্ৰচাৰিত স্থানীয় দৈনিক কাকত(local daily)ৰ সাংবাদিক কমল চৌধুৰী ৷

author img

By

Published : Jul 23, 2021, 9:30 AM IST

razor-sharp-kite-string-leaves-senior-tripura-journalist-seriously-injured
চিলাৰ সুতাই ডিঙি কাটিলে ত্ৰিপুৰাৰ সাংবাদিকৰ

আগৰতলা, 23 জুলাই : আগৰতলা উৰণীয়া সেঁতু (Agartala fly over)ৰ ওপৰেৰে যাত্ৰা কৰোতে এক ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ত্ৰিপুৰাৰ এজন জ্যেষ্ঠ সাংবাদিক ৷ দুচকীয়া বাহনযোগে যাত্ৰাৰত অৱস্থাত উৰণীয়া সেঁতুখনত পূৰ্বৰে পৰা ফাঁচি থকা চিলাৰ তীক্ষ্ণ সূতা(sharp kite string)ৰ বাবে ডিঙিত গুৰুতৰভাৱে আঘাত পায় সাংবাদিক জনে ৷ ত্ৰিপুৰাৰ এখন বহুলভাৱে প্ৰচাৰিত স্থানীয় দৈনিক(local daily) কাকতৰ সাংবাদিক কমল চৌধুৰীক এই ঘটনাৰ পিছত প্ৰত্যক্ষদৰ্শী লোক সকলে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় ৷

চিলাৰ সূতাই ডিঙিত গভীৰভাৱে কটাৰ ফলত চিকিৎসকে তেওঁৰ ডিঙিত সৰ্বমুঠ 22টা চিলাই কৰিবলৈ বাধ্য হয় ৷ এই ঘটনাৰ পিছত আগৰতলা প্ৰেছ ক্লাবৰ সম্পাদক প্ৰণৱ সৰকাৰৰ লগতে প্ৰেছ ক্লাব(press club)ৰ কাৰ্যকৰী সমিতিৰ আন জ্যেষ্ঠ সদস্যসকলে চিকিৎসালয়লৈ গৈ চৌধুৰীৰ খবৰ লয় । চৌধুৰী আগৰতলা প্ৰেছ ক্লাবৰ কাৰ্যবাহী সংস্থাৰো এজন নিৰ্বাচিত সদস্য ।

ইফালে, প্ৰত্যক্ষদৰ্শী সকলে জানিবলৈ দিয়ে যে, চৌধুৰী উৰণীয়া সেঁতুৰ ওপৰলৈ যোৱাৰ মাত্ৰ আধা কিলোমিটাৰ পিছত সেঁতুখনৰ কাষৰ বেৰৰ দুয়োফালে আৱদ্ধ হৈ থকা সূতাৰ দ্বাৰা এইদৰে আঘাতপ্ৰাপ্ত হয় ৷ প্ৰত্যক্ষদৰ্শী সকলে তেওঁক তৎক্ষণাৎ চিকিৎসাৰ বাবে আইজিএম চিকিৎসালয়(IGM hospital)লৈ লৈ যায় ৷ প্ৰাপ্ত তথ্য অনুসৰি, চহৰখনত চিলাৰ সূতাৰ পৰা সংঘটিত দুৰ্ঘটনা এয়াই প্ৰথম নহয়, যোৱাটো বছৰত এজন যুৱকো অনুৰূপ ধৰণে তীক্ষ্ণ চিলাৰ সূতাই ডিঙি কটাৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল ৷

লগতে পঢ়ক : Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.