নেশ্যনেল ডেস্ক, ১৭ মে' : দেশৰ স্বাস্থ্য ব্যৱস্থাৰ উন্নয়নৰ বাবে চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে । দেশৰ প্ৰতিখন চৰকাৰী হাস্পতালৰ আন্তঃগাঁথনি উন্নত হোৱাৰ কথাও দম্ভালি মাৰি ফুৰিছে নেতাসকলে । কিন্তু উন্নয়নৰ নমুনাৰ পৰিচয় দিলে ৰাজস্থানৰ এখন চৰকাৰী হাস্পতালে । আপুনি শুনি আচৰিত হ'ব যে এইবাৰ হাস্পতালৰ ৰোগীৰ চকু কুটিলে নিগনিয়ে ।
হাস্পতালখনত চিকিৎসাধীন এগৰাকী পেৰেলাইজড অৰ্থাৎ পক্ষাঘাতগ্ৰস্ত মহিলাৰ চকু কুটিলে নিগনিয়ে । এই ঘটনাৰ পাছতে ৰাজস্থানত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । হাস্পতাল কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সৰৱ হৈছে ৰোগীৰ পৰিয়াল আৰু সৰ্বসাধাৰণ ৰাইজ ।
জানিব পৰা মতে ২৮ বছৰীয়া ৰূপৱতী নামৰ মহিলাগৰাকী যোৱা ৪৬ দিন ধৰি কোটাৰ মহাৰাও ভীম সিং চিকিৎসালয়ৰ নিউৰো ষ্ট্ৰোক ইউনিটত ভৰ্তি হৈ আছে । ইতিমধ্যে তেওঁ পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে বুলি জনা গৈছে । তেওঁ শৰীৰৰ কোনো অংশ লৰচৰ কৰিবও নোৱাৰে । আনকি কথা ক'বও নোৱাৰে মহিলাগৰাকীয়ে ।
মহিলাগৰাকীৰ স্বামী দেৱেন্দ্ৰ সিং ভাটিয়ে কোৱা মতে, তেওঁ সোমবাৰে আবেলি তেওঁৰ পত্নীৰ ওচৰতে আইচিইউত আছিল । তেতিয়াই নিগনিটোৱে মহিলাগৰাকীৰ সোঁ চকুত কামুৰিছিল (Rat eats up Paralysed woman Eyelashes In Kota)। তেওঁৰ পত্নীয়ে অলপ ডিঙিটো জোকাৰিছিল । যাৰ বাবে স্বামীৰ টোপনি ভাগিছিল আৰু মহিলাগৰাকীৰ চকুৰ পৰা তেজ ওলোৱা দেখি আতংকিত হৈ পৰিছিল ।
লগে লগে এই সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে তেওঁ কথা পাতিছিল ৷ তাত থকা চিকিৎসকসকলে চকু চিকিৎসকৰ পৰামৰ্শ লয় । স্বামীয়ে জনোৱা মতে প্ৰয়োজন হ'লে চকুৰ অস্ত্ৰোপচাৰও কৰা হ'ব পাৰে । আনহাতে একেটা নিউৰো ষ্ট্ৰোক ইউনিটৰ আইচিইউত ভৰ্তি হোৱা আন ৰোগীৰ পৰিয়ালে কয় যে আইচিইউত বৃহৎ সংখ্যক নিগনি আছে ।
ঘটনাটোৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও চিকিৎসালয় পৰিচালনা সমিতিয়ে সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে । তেওঁলোকে দাবী কৰা মতে আইচিইউত নিগনি নাই । সমগ্ৰ ঘটনাক লৈ এম.বি.এছ. চিকিৎসালয় কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
হাস্পতালখনৰ উপ-অধীক্ষক ডাঃ সমীৰ টণ্ডনে কয় যে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে । এই সন্দৰ্ভত ৱাৰ্ড ইন-চাৰ্জ আৰু ইন-চাৰ্জৰ পৰাও এক প্ৰতিবেদন বিচৰা হৈছে । এই ক্ষেত্ৰত হাস্পতাল কৰ্তৃপক্ষৰ দোষ নাই বুলিও মন্তব্য কৰে উপ-অধীক্ষকগৰাকীয়ে ।
এক টেলিফোনিক বাৰ্তালাপত, এম.বি.এছ. চিকিৎসালয়ৰ অধীক্ষক ডাঃ নবীন চাক্সেনাই কয় যে হাস্পতালখনত কীট নিয়ন্ত্ৰণৰ কাৰ্যসূচী চলাই থকা হৈছে । তাৰ পাছতো, নিগনিবোৰ কেনেকৈ আহিল তেওঁ সেই বিষয়ে নাজানে । কীটনাশক নিয়ন্ত্ৰণত কোনো বিভ্ৰান্তি আছে নেকি সেয়াও দেখা যাব বুলি তেওঁ উল্লেখ কৰে ।
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী পৰসাদী লাল মীনাই কোটাৰ চিকিৎসালয়সমূহ উন্নত কৰাৰ কথা কৈ আহিছে (Minister Parsadi Lal meena on Health Sector)। হাস্পতালৰ উন্নয়নৰ বাবে কোটি কোটি টকাৰ পুঁজি মুকলি কৰা হৈছে বুলিও তেওঁ দাবী কৰিছে । কিন্তু তেনে সময়তে চিকিৎসালয়খনৰ এনে দায়িত্বজ্ঞানহীন কাম লৈ বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে । যদি হাস্পতালখনৰ পৰিৱেশ উন্নত আছিল, তেনেহ'লে আইচিইউত নিগনি কেনেকৈ সোমাল বুলিও বহুতে প্ৰশ্ন কৰিছে ।
লগতে পঢ়ক :অজগৰৰ কণী ফুটি পোৱালি ওলোৱালৈ 54 দিনৰ বাবে বন্ধ কৰা হ’ল Highway ৰ কাম