ETV Bharat / bharat

হোৱাইট ফাংগাছৰ বিৰল ঘটনা: ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আৰু খাদ্যনলীত সংক্ৰমণ

author img

By

Published : May 27, 2021, 9:02 PM IST

দিল্লীৰ গংগাৰাম চিকিৎসালয়ত হোৱাইট ফাংগাছৰ এক বিৰল ঘটনা পোহৰলৈ আহিছে ৷ য'ত ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আৰু খাদ্যনলীত হোৱাইট ফাংগাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে ৷

Rare case of white fungus reported in Delhi
হোৱাইট ফাংগাছৰ বিৰল ঘটনা: ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আৰু খাদ্যনলীত সংক্ৰমণ

নিউজ ডেস্ক, 27 মে’: দিল্লীৰ গংগাৰাম চিকিৎসালয়ত হোৱাইট ফাংগাছৰ এক বিৰল ঘটনা পোহৰলৈ আহিছে ৷ য'ত ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আৰু খাদ্যনলীত হোৱাইট ফাংগাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে ৷

ইনষ্টিটিউট অৱ লিভাৰ গেষ্ট্ৰোএণ্টেৰোলজী এণ্ড পানক্ৰিয়াটিক’ বিলিয়াৰী চাইন্সেছৰ অধ্যক্ষ ডাঃ অনিল অৰোৰাই কয় যে, ষ্টেৰইডৰ ব্যৱহাৰৰ পিছত ব্লেক ফাংগাছৰ সংক্ৰমণৰ খবৰ পোৱা গৈছিল আৰু প্ৰথমবাৰৰ বাবে খাদ্যনলী, ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ পিছত হোৱাইট ফাংগাছৰ সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈছে।

ডাঃ অনিল অৰোৰাই ঘটনাৰ উদ্ধৃতি দি কয় যে, এই কোনো চিকিৎসা ব্যৱস্থা উপলব্ধ নাই । আক্ৰান্ত মহিলাগৰাকীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম কিয়নো চাৰি সপ্তাহ আগতে স্তনৰ কৰ্কট ৰোগৰ বাবে তেওঁৰ কেম’থেৰাপী কৰা হৈছিল ৷ ইয়াৰ ফলত মহিলাগৰাকীৰ ক্ষেত্ৰত প্ৰতিকুল প্ৰভাৱ পৰিব পাৰে ৷

লগতে পঢ়ক: কি এই ব্লেক ফাংগাছ ? কৰিবলগীয়া আৰু নকৰিবলগীয়...

৪৯ বছৰীয়া মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল কিয়নো তেওঁ ১৩ মে'ত বমি আৰু কোষ্ঠ কাঠিন্য অনুভৱ কৰিছিল। যাৰ পাছতে দিল্লীৰ গংগাৰাম চিকিৎসালয়ত চিটিস্কেন কৰাত মহিলাগৰাকীৰ ক্ষুদ্ৰান্ত্ৰত এটা ছিদ্ৰ বিকশিত হৈ থকাৰ কথা ধৰা পৰে ।

লগতে পঢ়ক: ব্লেক আৰু হোৱাইট ফাংগাছৰ পাছত এইবাৰ আহিছে ‘য়েল্ল’ ফাংগাছ’

ডাঃ অৰোৰাই কৈছিল যে ৰোগীজনক চিকিৎসালয়লৈ অনাৰ সময়ত তেওঁৰ অৱস্থা অতি সংকটজনক আছিল । মহিলাগৰাকীয়ে উশাহ লোৱাতো অসুবিধা অনুভৱ কৰিছিল । যাৰ পাছতে ৰোগীগৰাকীৰ পেটৰ ভিতৰৰ তৰলখিনি বাহিৰলৈ উলিয়াই অনা হৈছিল আৰু ডাঃ সমীৰণ নন্দীৰ নেতৃত্বত এটা দলে অস্ত্ৰোপচাৰ সম্পন্ন কৰে ।

উল্লেখ্য যে, মহিলাগৰাকী বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু কেইদিনমানৰ পিছত তেওঁক অব্যাহতি দিয়া হ'ব ৷

লগতে পঢ়ক: আয়ুৰ্বেদিক ঔষধে ব্লেক ফাংগাছ প্ৰতিৰোধ কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.