ETV Bharat / bharat

হিমেশ ৰেশমিয়াক নিজৰ বায়’পিকত অভিনয় কৰিবলৈ আহ্বান ৰাণু মণ্ডলৰ

author img

By

Published : Apr 21, 2022, 6:53 AM IST

পশ্চিমবংগৰ এটা ৰে’ল ষ্টেচনত লতা মংগেশকাৰৰ গীত গোৱা এটা ভিডিঅ‘ ভাইৰেল হৈ পৰাৰ পাছতেই দেশজুৰি চৰ্চালৈ আহিছিল ৰাণু মণ্ডল ৷ ইয়াৰ পাছতেই টেলিভিছনৰ বিভিন্ন ৰিয়েলিটি শ্ব’লৈ নিমন্ত্ৰণ লাভ কৰাৰ লগতে সংগীত পৰিচালক তথা গায়ক হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক নিজৰ ছবিত কণ্ঠদান কৰিবলৈ নিমন্ত্ৰণ কৰিছিল ৷ সম্প্ৰতি ৰাণু মণ্ডলৰ জীৱনভিত্তিক এখন ছবি নিৰ্মাণ কৰিবলৈ সাজু হৈছে পৰিচালক হৃষীকেশ মণ্ডল(Ranu Mandal Biopic) ৷

Ranu Mandal urges Himesh Reshammiya to act in her biopic
হিমেশ ৰেশমিয়াক নিজৰ বায়’পিকত অভিনয় কৰিবলৈ আহ্বান ৰাণুৰ

চিটাৰা ডেস্ক, 21 এপ্ৰিল : ৰাণু মণ্ডলে বলীউডৰ সংগীত পৰিচালক তথা গায়ক হিমেশ ৰেশমিয়াৰ 'তেৰি মেৰী কাহানী'ত গীত গাই সমগ্ৰ দেশত ধুমুহাৰ সৃষ্টি কৰিছিল । এই গানটো মূহুৰ্ততে সৰ্বত্ৰে ভাইৰেল হৈ পৰিছিল । গানটোৰ ৰেকৰ্ডিঙৰ বাবে নিমন্ত্ৰণ লাভ কৰাৰ পাছতেই ৰাণু মণ্ডল মুম্বাইলৈ উৰা মাৰিছিল আৰু সংগীতজ্ঞ হিমেশ ৰেশমিয়াৰ সৈতে গানটো ৰেকৰ্ডিং কৰিছিল ।

Ranu Mandal urges Himesh Reshammiya to act in her biopic
ৰাণু মণ্ডল

শেহতীয়াকৈ পৰিচালক হৃষীকেশ মণ্ডলে ৰাণু মণ্ডলৰ এখন বায়’পিক নিৰ্মাণ কৰিছে । ছবিখনৰ নাম 'মিছ ৰাণু মাৰিয়া'(Miss Ranu Maria) । ইশিকা দে’-এ বায়’পিকখনত ৰাণুৰ চৰিত্ৰত অভিনয় কৰিছে । হিমেশ ৰেশমিয়াৰ চৰিত্ৰত কোনে অভিনয় কৰিব, সেয়া এতিয়াও চূড়ান্ত হোৱা নাই । পৰিচালকজনে নিজেই হিমেশৰ চৰিত্ৰটো কৰাৰ কৰিব বিচাৰে যদিও বলীউডৰ কোনো সুৰকাৰে এতিয়ালৈকে তেওঁৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনোৱা নাই ।

হিমেশ ৰেশমিয়া

আনহাতে, ৰাণু মণ্ডলে হিমেশক চৰিত্ৰটো কৰিবলৈ অনুৰোধ কৰাৰ দায়িত্ব লৈছিল(Ranu urges Himesh to act in her biopic) । ৰাণুৱে হিমেশৰ বাবে এটা ভিডিঅ' বাৰ্তা প্ৰস্তুত কৰিছিল আৰু তেওঁ নিজৰ চৰিত্ৰত অভিনয় কৰিবলৈ অনুৰোধ জনাইছিল । তেওঁ ভিডিঅ'টো হোৱাটছ এপৰ জৰিয়তে হিমেশলৈ প্ৰেৰণ কৰিছে ।

হিমেশ ৰেশমীয়াৰ সহকাৰী ৰাহুলকো তেওঁক মান্তি কৰাবলৈ অনুৰোধ কৰা হৈছে । ৰাণু মণ্ডলে তেওঁৰ জীৱনীমূলক ছবিখনৰ বাবে দুটা গীতত কণ্ঠদানো কৰি আছে । সিদ্ধুৱেও ছবিখনত কণ্ঠদান কৰিব বুলি জানিব পৰা হৈছে ৷ কেইটামান গানৰ ইতিমধ্যে ৰেকৰ্ডিং কৰা হৈছে । পৰিচালক হৃষীকেশ মণ্ডলে ছবিখনৰ দৃশ্যগ্ৰহণ ২৩ মে'ৰ পৰা আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Palak Tiwari latest news: শ্বেতা তিৱাৰীক হট্ মামা বুলি ক’লে বেয়া পাই পলকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.