ETV Bharat / bharat

Ramoji Foundation financial help : বিজ্ঞান আৰু কম্পিউটাৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে ৰামোজী ফাউণ্ডেচনৰ আৰ্থিক সাহায্য - Financial help to Sri Saraswati Shishumandir

দৰিদ্ৰ শিক্ষাৰ্থীৰ বিকাশৰ বাবে কাম কৰা শ্ৰী সৰস্বতী শিশু মন্দিৰলৈ ৰামোজী ফাউণ্ডেচনৰ ১০ লাখ টকাৰ আৰ্থিক সাহায্য । ইনাডুৰ কাৰ্যালয়ত শিশু মন্দিৰৰ কৰ্তৃপক্ষক ধনৰাশিৰ চেক প্ৰদান কৰে ।

Ramoji Foundation financial help
বিজ্ঞান আৰু কম্পিউটাৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে ৰামোজী ফাউণ্ডেচনৰ আৰ্থিক সাহায্য
author img

By

Published : Jun 17, 2023, 5:20 PM IST

নেশ্যনেল ডেস্ক,১৭ জুন : অন্ধ্ৰ প্ৰদেশৰ মালিকীপুৰম মণ্ডলৰ লাক্কাভাৰামৰ দ্বাৰা পৰিচালিত শ্ৰী সৰস্বতী শিশু মন্দিৰ উচ্চ বিদ্যালয়ত বিজ্ঞান আৰু কম্পিউটাৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে ১০ লাখ টকাৰ আৰ্থিক সাহায্য ৰামজী ফাউণ্ডেচনৰ । ইনাডু ইউনিটৰ ভাৰপ্ৰাপ্ত টি.ভি.চন্দ্ৰশেখৰপ্ৰসাদে শুকুৰবাৰে ৰাজমহেন্দ্ৰভাৰামৰ কাৰ্যালয়ত শ্ৰী সৰস্বতী শিশু মন্দিৰৰ কৰ্তৃপক্ষক ধনৰাশিৰ চেক প্ৰদান কৰে ।

চেকৰ লগতে ৰামোজী ফাউণ্ডেচনৰ অধ্যক্ষ ৰামোজী ৰাওৱে লিখা এখন পত্ৰও তেওঁলোকক প্ৰদান কৰা হয় । ৰামোজী ৰাওৱে পত্ৰখনত লিখিছে,"চাৰে তিনি দশকতকৈও অধিক সময় ধৰি লাক্কাভাৰাম আৰু ইয়াৰ আশে-পাশে থকা ৭ৰ পৰা ৮ খন গাঁৱত দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে কৰা শ্ৰী সৰস্বতী শিশু মন্দিৰৰ প্ৰচেষ্টা প্ৰশংসনীয় । মই জানি সুখী হৈছো যে ইয়াত ৪০০ গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে । শিক্ষাৰ্থীসকলৰ বিকাশৰ বাবে আপোনাৰ সেৱাবোৰ সময়ৰ সৈতে বৃদ্ধি কৰিব লাগে । শিশু মন্দিৰত গাঁৱৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে এটা বিজ্ঞান আৰু কম্পিউটাৰ পৰীক্ষাগাৰ স্থাপন কৰাৰ আপোনাৰ ধাৰণাক মই স্বাগতম জনাইছো । আপোনাৰ ইচ্ছা অনুসৰি পৰীক্ষাগাৰ স্থাপনৰ বাবে প্ৰয়োজনীয় ১০ লাখ টকা প্ৰদান কৰি মই অত্যন্ত সুখী ।"

চেক প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি পূব গোদাৱৰী জিলা সমিতিৰ সভাপতি মংগেনা ভেংকট নৰসিংহ ৰাৱে ভাষণ প্ৰদান কৰি কয় যে তেওঁ ৰামোজী ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰামোজী ৰাওলৈ এখন পত্ৰ লিখিছিল । শ্ৰী সৰস্বতী শিশু মন্দিৰত বিজ্ঞান আৰু কম্পিউটাৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে সমৰ্থনৰ প্ৰয়োজনৰ কথা তেওঁ পত্ৰখনত উল্লেখ কৰিছিল ।

সেই পত্ৰৰ প্ৰতি সঁহাৰি জনাই ৰামোজী ৰাওৱে ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা সদৰি কৰিছিল । পৰীক্ষাগাৰটো ৰামোজী ৰাওৰ এই অনুদানৰ দ্বাৰা নিৰ্মাণ কৰা হ'ব বুলিও মংগেনা ভেংকট নৰসিংহ ৰাৱে উল্লেখ কৰে । ইফালে ৰামোজী ৰাওৰ এই পদক্ষেপ লৈ আনন্দিত হৈছে শিশুমন্দিৰ কৰ্তৃপক্ষৰ লগতে অঞ্চলটোৰ সাধাৰণ নাগৰিকসকল ।

লগতে পঢ়ক :Cyclone Biparjoy: অমিত শ্বাহে পৰিদৰ্শন কৰিব বিপৰ্যয় প্ৰভাৱিত অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.