ETV Bharat / bharat

Ramadan 2023: শৰীৰত শক্তিৰ অভাৱ নহ'বৰ বাবে ৰমজানৰ চেহেৰীত গ্ৰহণ কৰক এই খাদ্য

author img

By

Published : Mar 24, 2023, 11:51 AM IST

গোটেই ৰমজান মাহটো ৰোজা ৰাখি মানুহে প্ৰায়ে দুৰ্বল হৈ পৰে । কিন্তু যদিহে চেহেৰী আৰু ইফতাৰত খোৱা খাদ্যৰ প্ৰতি গুৰুত্ব দিয়া হয়, তেন্তে এইটো কোনো সমস্যা নহ’ব । গতিকে চেহেৰীত কি খাব লাগে জানো আহক ।

Ramadan 2023 Foods to eat for Sehri to stay energetic
শৰীৰত শক্তিৰ অভাৱ নহ'বৰ বাবে ৰমজানৰ চেহেৰীত গ্ৰহণ কৰক এই খাদ্য

ইছলামৰ পবিত্ৰ মাহ ৰমজান আজিৰ পৰা অৰ্থাৎ ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে । এই গোটেই মাহটোত মুছলমান ধৰ্মালম্বী লোকে ৰোজা ৰাখে । য’ত তেওঁলোকে সূৰ্য উদয় আৰু সূৰ্যাস্তৰ পিছতহে খাদ্য আৰু পানী গ্ৰহণ কৰে । পুৱা সূৰ্য উদয়ৰ পূৰ্বে চেহেৰী আৰু সন্ধিয়া নামাজৰ পিছত ইফতাৰ কৰা হয় । ৰমজান প্ৰায় ত্ৰিশ দিনলৈকে থাকে(Ramadan 2023)। সম্পূৰ্ণ উপবাস ৰখা লোকসকলে সাধাৰণতে অতি দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে । যাৰ আঁৰৰ কাৰণ হ’ল চেহেৰী আৰু ইফতাৰ সঠিকভাৱে নকৰা(Ramadan 2023 Foods to eat for Sehri)। যদি চেহেৰী আৰু ইফতাৰত খোৱা খাদ্যৰ প্ৰতি যদি গুৰুত্ব দিয়া হয়, তেন্তে এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায়(What are Ramadan dates for 2023)।

চেহৰীৰ সময়ত কি কি খাদ্য গ্ৰহণ কৰিব লাগে জানো আহক-

  • চেহেৰীৰ সময়ত আপোনাৰ খাদ্য লঘু ৰাখক আৰু কেৱল স্বাস্থ্যকৰ খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰক ।
  • পুৱা আঁহযুক্ত খাদ্য খাব লাগে । আপেল, নাচপতি, আঙুৰ, বা বীন আৰু গোটা শস্য আদি ফল-মূল খাব লাগে, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে । ফাইবাৰে পেটটো বহু সময়লৈকে ভৰপূৰ কৰি ৰাখে । যাৰ বাবে আপুনিও গোটেই দিনটোৰ বাবে পৰ্যাপ্ত শক্তি লাভ কৰে ।
  • চেহেৰী খাই মচুৰ দাইল আৰু দৈ খাবলৈ চেষ্টা কৰক । দৈয়ে হজম শক্তি ভালদৰে ৰাখে আৰু লগতে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়ামও দিয়ে । ইয়াৰ লগতে সকলো ধৰণৰ দালি খাই শৰীৰে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিনও লাভ কৰে(Ramadan 2023 Foods to eat for Sehri )।
  • পুৱা দুগ্ধজাত সামগ্ৰী সেৱন কৰিলেও গোটেই দিনটোৰ বাবে ভাল শক্তি দিব পাৰি । পুৱা গাখীৰ খালেও পেটটো বহু সময়লৈকে ভৰি থাকিব । চেহেৰীৰ বাবে কিবা এটা খোৱাৰ পিছতো গাখীৰ এগিলাচ খাব পাৰে বা তিনি-চাৰি টুকুৰা পানীৰ খাব পাৰে ।
  • চেহেৰী আৰু ইফতাৰ দুয়োটাতে খেজুৰ খোৱা হয় । কাৰণ খেজুৰে শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে পেটটো বহু সময়লৈকে ভৰি থাকে । এইটো খালে আপুনি বহু ঘণ্টা ধৰি ভোক অনুভৱ নকৰিব । খেজুৰৰ উপৰিও শুকান ফল যেনে কাজু বাদাম, আলমণ্ড, কিচমিচ আদিও খাব পাৰে ।
  • চেহেৰীত কিবা এটা খোৱাৰ আধা ঘণ্টা আগতে এগিলাচ পানী খাব লাগে আৰু তাৰ পিছত খোৱাৰ আধা ঘণ্টাৰ পিছতহে পানী খাব লাগে । খাদ্য খোৱাৰ আগতে বেছি পানী খাব নালাগে অন্যথা পেট ভৰি পৰিব আৰু খাব নোৱাৰিব ।
  • ৰমজান প্ৰায় ত্ৰিশ দিনলৈকে থাকে । সম্পূৰ্ণ উপবাসে ৰখা লোকসকলে সাধাৰণতে অতি দুৰ্বল অনুভৱ কৰিবলৈ আৰম্ভ কৰে । যাৰ আঁৰৰ কাৰণ হ’ল চেহেৰী আৰু ইফতাৰ সঠিকভাৱে নকৰা । অৰ্থাৎ চেহেৰী আৰু ইফতাৰত খোৱা খাদ্যৰ প্ৰতি যদি গুৰুত্ব দিয়া হয়, তেন্তে এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায় ।
  • চেহেৰীত কেতিয়াও গধুৰ খাদ্য খাব নালাগে, অন্যথা বদহজমৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

লগতে পঢ়ক: Ramadan 2023: ৰমজান মাহৰ ৰোজা সম্পূৰ্ণ কৰিলে লাভ কৰিব এই সুফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.