ETV Bharat / bharat

22 জানুৱাৰীত অৰ্ধ ছুটী পালন কৰিব স্বাস্থ্যসেৱা প্ৰতিষ্ঠান এইমছে

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 9:24 AM IST

Updated : Jan 23, 2024, 10:07 AM IST

22 জানুৱাৰীত অৰ্ধ ছুটী পালন কৰিব ভাৰতৰ প্ৰধান স্বাস্থ্যসেৱা প্ৰতিষ্ঠান এইমছে ৷ অযোধ্যাত ৰাম মন্দিৰ অভিষেক অনুষ্ঠানৰ বাবে আধা দিনৰ ছুটী পালন কৰিব বুলি প্ৰতিষ্ঠানটোৱে শনিবাৰে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে ।

Delhi AIIMS to be closed
Delhi AIIMS to be closed

নেশ্যনেল ডেস্ক, 21 জানুৱাৰী: অযোধ্যাত ৰাম মন্দিৰ অভিষেক অনুষ্ঠানৰ বাবে 22 জানুৱাৰীত অৰ্ধ ছুটী পালন কৰিব ভাৰতৰ প্ৰধান স্বাস্থ্যসেৱা প্ৰতিষ্ঠান এইমছে ৷ দিল্লীস্থিত স্বাস্থ্যসেৱা প্ৰতিষ্ঠানটোৱে শনিবাৰে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে এই কথা ।

শনিবাৰে এইমছে এক বিজ্ঞপ্তিযোগে কয়, "ভাৰত চৰকাৰে 18 জানুৱাৰী, 2024 তাৰিখে vide O.M ref: F.No. 12/7/2023- JCA, DoPT এক নিৰ্দেশনাযোগে সোমবাৰৰ দিনা, অযোধ্যাত ৰামলল্লা প্ৰাণ প্ৰতিষ্ঠা কৰা দিনটোত অৰ্ধ ছুটী 2.30 বজালৈকে ঘোষণা কৰিছে । সকলো কৰ্মচাৰীৰ বাবে অৱগত কৰা হৈছে যে 22.01.2024 তাৰিখে 2.30 বজালৈকে প্ৰতিষ্ঠানটো বন্ধ থাকিব । সকলো কেন্দ্ৰৰ মুৰব্বী, বিভাগৰ মুৰব্বী, ইউনিট আৰু শাখা বিষয়াক অনুৰোধ জনোৱা হৈছে যে তেওঁলোকৰ অধীনত কাম কৰা সকলো কৰ্মচাৰীৰ জ্ঞাতসাৰে এই বিষয়ে অৱগত কৰক ।"

বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে, “কিন্তু যিহেতু এইমছ নতুন দিল্লী 21.02.2024 লৈকে এমাহৰ বাবে হাই এলাৰ্টত থকাৰ বাবে সকলো জটিল চিকিৎসা সেৱা কাৰ্যক্ষম হৈ থাকিব ।"

উল্লেখযোগ্য যে, ভাৰতীয় আৱেগৰ প্ৰতি লক্ষ্য ৰাখি 22 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালয় অৰ্ধ ছুটী হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে । ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ বাবে সোমবাৰে সকলো বেংক বন্ধ থাকিবলৈ অনুৰোধ জনাইছে বিত্ত মন্ত্ৰণালয়ে । অযোধ্যাত অনুষ্ঠিত হোৱা গ্ৰেণ্ড ইভেণ্টৰ বাবে বন্ধ থাকিব শ্বেয়াৰ মাৰ্কেটো । বম্বে ষ্টক এক্সচেঞ্জে এক বিবৃতিযোগে 2024 চনৰ 22 জানুৱাৰীত BSE StAR MF Segment ত ট্ৰেডিং ছুটী পালন কৰিব বুলি জানিবলৈ দিয়ে ।

অযোধ্যাত ৰাম মন্দিৰ অভিষেক উপলক্ষে অহা 22 জানুৱাৰীৰ দিনা অৰ্ধ ছুটী হ’ব দিল্লী চৰকাৰী কাৰ্যালয়ত ।

লগতে পঢ়ক: ৰাম মন্দিৰৰ প্ৰতিকৃতি নিৰ্মাণেৰে চমক গুৱাহাটীৰ ৰাহুলৰ

Last Updated : Jan 23, 2024, 10:07 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.