ETV Bharat / bharat

উত্তৰ প্ৰদেশ নিৰ্বাচনৰ পূৰ্বে হত্যা হ’ব অগ্ৰণী হিন্দুত্ববাদী নেতাৰ : ৰাকেশ টিকেট

author img

By

Published : Sep 1, 2021, 9:42 PM IST

Updated : Sep 1, 2021, 9:57 PM IST

এক আপত্তিজনক মন্তব্য প্ৰকাশ কৰি তেওঁ কয় যে, উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে কোনো এগৰাকী অগ্ৰণী হিন্দুত্ববাদী নেতাৰ হত্যা হ’ব পাৰে ৷ হাৰিয়ানাৰ সিৰসাত কৃষক সন্মিলনত অংশ লৈ ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকেটে বিজেপি চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

rakesh tikait controversial statement
ৰাকেশ টিকেট

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিগত কেইবামাহো ধৰি বিক্ষোভ প্ৰদৰ্শন কৰি অহা কৃষক নেতা ৰাকেশ টিকেটে বিজেপি দল আৰু কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখা গৈছে ৷ সিৰসাত টিকেটে কয় যে, বিজেপিতকৈ ভয়ংকৰ দল কোনো নাই ৷ এক আপত্তিজনক মন্তব্য প্ৰকাশ কৰি তেওঁ কয় যে, উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পূৰ্বে কোনো এগৰাকী অগ্ৰণী হিন্দুত্ববাদী নেতাৰ হত্যা হ’ব পাৰে ৷

হাৰিয়ানাৰ সিৰসাত কৃষক সন্মিলনত অংশ লৈ ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকেটে বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হয় ৷ টিকেটে কয় যে, উত্তৰ প্ৰদেশত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোনো এগৰাকী বিখ্যাত হিন্দুত্ববাদী নেতাৰ হত্যা হ’ব ৷ তেওঁ লগতে কয়, বিজেপিৰ পৰা বাচি থকা উচিত ৷ কাৰণ কোনো ডাঙৰ হিন্দুত্ববাদী নেতাক হত্যা কৰি বিজেপিয়ে দেশত হিন্দু-মুচলমানৰ ৰাজনীতি কৰি নিৰ্বাচন জিকিব খুজিছে ৷

ৰাকেশ টিকেটৰ চাঞ্চল্যকৰ মন্তব্য

ৰাকেশ টিকেটে কয় যে, আন ৰাজনৈতিক দলতকৈ বিজেপি অধিক ভয়ংকৰ ৷ যিসকলে বিজেপিৰ ভেটি গঠন কৰিছিল, তেওঁলোককো সম্প্ৰতি ঘৰত বন্দী কৰি ৰখা হৈছে ৷ টিকেটে কয় যে, ‘‘এই দেশ চৰকাৰী তালিবানীয়ে অধিকাৰ কৰিছে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিব লাগে গৰুক: এলাহবাদ হাই ক'ৰ্ট

কৃষক নেতাগৰাকীয়ে ইয়াৰ লগতে অভিযোগ তোলে যে, যিগৰাকী SDMৰ দ্বাৰা কৃষকৰ ওপৰত লাঠি চলোৱা হ’ল তেওঁৰ খুৰাক RSSৰ এগৰাকী উচ্চ পদাধিকাৰী ৷ এই চৰকাৰী তালিবানীৰ প্ৰথম গৰাকী সেনাপতি কৰ্ণেলৰ সৈতে মিলি আছে ৷ যদি এওঁলোকে আমাক খালিস্তানী বুলি কয় তেন্তে আমি তেওঁলোকক তালিবানী বুলি ক’ম ৷’’

ৰাকেশ টিকেটে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল 2022 চনৰ ভিতৰত কৃষকৰ আমদানি দুগুণ হ’ব ৷ কিন্তু সেয়া হৈ নুঠিল আৰু উৎপাদিত ফচলৰো দুগুণ দাম পোৱা নগ’ল ৷ ইয়াৰ বাহিৰেও টিকেটে চৰকাৰী নীতিৰ ওপৰত প্ৰশ্ন তোলে যে, দেশৰ বৃহৎ বৃহৎ কোম্পানীয়ে ঋণ ল’লে মাফ কৰা হয় আৰু সেই কোম্পানী বোৰেই ৰাজহুৱা সম্পত্তিসমূহ ক্ৰয় কৰে ৷ কিন্তু যদি কোনো কৃষকে ঋণ লৈ পৰিশোধ কৰিব নোৱাৰে তেতিয়া সেই কৃষকৰ ঘৰ-পাতি পৰ্যন্ত নিলাম কৰা হয় ৷ দহ লাখ টকাৰ ঋণ হ’লেও কৃষকৰ 50 লাখ টকীয়া সম্পত্তি বেচি দিয়াতো কেনে ধৰণৰ নিয়ম বুলি প্ৰশ্ন তোলে টিকেটে ৷ তেওঁ কয় যে, নিয়ম বনোৱা সকলৰ কোনোৱেই খেতিত হাল বা ট্ৰেক্টৰ চলাই পোৱা নাই ৷

লগতে পঢ়ক : Poster politics : হিন্দু দেৱ-দেৱতাৰ ৰূপত প্ৰকাশ ৰাজনৈতিক নেতাক

Last Updated : Sep 1, 2021, 9:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.