ETV Bharat / bharat

ৰাজ্যসভাত গৃহীত হ'ল জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি কৰ্পৰেছন(সংশোধনী) বিধেয়ক

author img

By

Published : Aug 4, 2021, 6:41 PM IST

বুধবাৰে ৰাজ্যসভাত জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি কৰ্পৰেছন(সংশোধনী) বিধেয়ক, ২০২১ গৃহীত হয় । ম'ৰেট'ৰীয়াম পিৰিয়ডৰ ৯০ দিনৰ ভিতৰত ৫ লাখ টকা পৰ্যন্ত বীমা দাবী বাধ্যতামূলকভাৱে পৰিশোধ কৰাৰ বাবে এই বিধেয়ক গৃহীত কৰা হৈছে । এই সংশোধনীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ম'ৰেট'ৰীয়াম পিৰিয়ডৰ অধীনত থকা পি এম চি বেংক অৱ মহাৰাষ্ট্ৰৰ দৰে বেংককো সামৰি ল'ব ।

Rajya Sabha passes Deposit Insurance and Credit Guarantee Corporation Bill
ৰাজ্যসভাত গৃহীত হ'ল জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি কৰ্পৰেছন বিধেয়ক

নেশ্যনেল ডেস্ক, ৪ আগষ্ট: বেংকত ধন জমা কৰি ৰখা গ্ৰাহকলৈ সকাহ কেন্দ্ৰৰ । ম'ৰেট'ৰীয়াম পিৰিয়ডৰ ৯০ দিনৰ ভিতৰত ৫ লাখ টকা পৰ্যন্ত বীমা দাবী বাধ্যতামূলকভাৱে পৰিশোধ কৰাৰ বাবে বুধবাৰে ৰাজ্যসভাই জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি কৰ্পৰেছন(সংশোধনী) বিধেয়ক, ২০২১(Deposit Insurance and Credit Guarantee Corporation Amendment Bill) গৃহীত কৰে । শুকুৰবাৰে সদনত বিধেয়কখন উত্থাপন কৰা হৈছিল । এই সংশোধনীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ম'ৰেট'ৰীয়াম পিৰিয়ডৰ অধীনত থকা পি এম চি বেংক অৱ মহাৰাষ্ট্ৰৰ দৰে বেংককো সামৰি ল'ব ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে(Nirmala Sitharaman) বিধেয়কখন গৃহীত কৰাৰ সময়ত কয় যে, এই বিধেয়কখন ষ্টাৰ্টআপ, চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ বাবে এক বৃহৎ সকাহ হ'ব । এই বিধেয়কখনে ব্যৱসায় কৰাৰ ক্ষেত্ৰতো সহায় কৰিব । বিধেয়কখনত উল্লেখ কৰা হৈছে যে, ম'ৰেট'ৰীয়াম পিৰিয়ডৰ দৰে বাধাৰ বাবে বেংকে অস্থায়ীভাৱে ইয়াৰ দায়িত্ব পালন কৰিবলৈ অক্ষম হ'লেও, ধন জমা কৰা গ্ৰাহকসকলে নিজৰ জমা ধনৰাশি জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি কৰ্পোৰেছনৰ দ্বাৰা অন্তৱৰ্তীকালীন পৰিশোধৰ জৰিয়তে জমা বীমাত বৃদ্ধি কৰিব পাৰে । ইয়াৰ বাবে বিধেয়কখনে জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি কৰ্পৰেছন আইন, ১৯৬১ত এটা নতুন ধাৰা অন্তৰ্ভুক্ত কৰিব বিচাৰিছে ।

যোৱা বছৰ, চৰকাৰে জমাৰ ওপৰত বীমা আৱৰণ পাঁচগুণ বৃদ্ধি কৰি ৫ লাখ টকালৈ বৃদ্ধি কৰিছিল । বিধেয়কখনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আগতীয়া অনুমোদনৰ সৈতে নিগমক প্ৰিমিয়ামৰ পৰিমাণৰ সৰ্বোচ্চ সীমা বৃদ্ধি কৰিবলৈ সক্ষম কৰাৰ বাবে আইনখনৰ ১৫ নং ধাৰা সংশোধন কৰিব বিচাৰিছে ।

ইয়াৰ উপৰিও, জমা বীমা আৰু ক্ৰেডিট গেৰাণ্টি কৰ্পৰেছন আইনৰ অধীনত বেংকবোৰে নিগমক ধন পৰিশোধ কৰাত পলম হ'লে শাস্তিমূলক সূত আদায় কৰিবলৈ নিগমক ক্ষমতা প্ৰদান কৰিব পাৰে । ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰে সকলো বেংকৰ কাম-কাজ নিৰীক্ষণ কৰি থাকে । তথাপিও শেহতীয়াকৈ সমবায় বেংকবোৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ম'ৰেট'ৰীয়াম পিৰিয়ড আৰোপ কৰাৰ ফলত ধন জমা কৰা লোকসকলৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰাত অক্ষম হোৱাৰ দৰে বহুতো ঘটনা ঘটিছে ।

লগতে পঢ়ক:বিৰোধীৰ প্ৰতিবাদ: তৃতীয়বাৰৰ বাবে স্থগিত লোকসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.