ETV Bharat / bharat

লোকসভাৰ পিছত ৰাজ্যসভাৰো ৪৫ সাংসদক বহিষ্কাৰ

Rajya Sabha MPs suspended : উচ্চ সদনত সোমবাৰৰ দিনটোতো তীব্ৰ হুলস্থূলীয়া পৰিৱেশ আৰু শ্লোগান দিয়া পৰিলক্ষিত হয় । কিয়নো বিৰোধী সাংসদসকলে লোকসভাৰ দৰে ৰাজ্যসভাতো সংসদৰ নিৰাপত্তা উলংঘনৰ ওপৰত প্ৰতিবাদ অব্যাহত ৰাখে । আনহাতে, ৰাজ্যসভাত সাংসদসকলক নিলম্বিত কৰাৰ পিছত দিনটোৰ বাকী সময়ৰ বাবে সদন স্থগিত ৰখাৰ পূৰ্বে তিনিবাৰ স্থগিত ৰাখিবলগা হয় ।

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 7:16 PM IST

45 Rajya Sabha MPs suspended
লোকসভাৰ পিছত ৰাজ্যসভাৰো ৪৫ সাংসদক বহিষ্কাৰ

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ : সোমবাৰে লোকসভাৰ ৩৩ গৰাকী সাংসদে বহিষ্কৰণৰ পদক্ষেপৰ সন্মুখীন হোৱাৰ পিছতে ৰাজ্যসভাৰো ৪৫ গৰাকী সাংসদক 'সদনৰ কাম-কাজ ব্যাহত' কৰাৰ বাবে বহিষ্কাৰ কৰা হয় ।

ৰাজ্যসভাৰ পৰা নিলম্বিতসকলৰ ভিতৰত আছে ৰণদীপ সুৰজেৱালা আৰু জয়ৰাম ৰমেশো । ৰাজ্যসভাৰ এই সাংসদসকলক শীতকালীন অধিবেশনৰ বাকীছোৱা সময়ৰ বাবে বহিষ্কাৰ কৰা হৈছে ।

উচ্চ সদনতো সোমবাৰৰ দিনটোত হুলস্থূলীয়া পৰিৱেশ আৰু শ্লোগান দিয়া প্ৰত্যক্ষ কৰা হয় । কিয়নো বিৰোধী সাংসদসকলে লোকসভাৰ দৰে ৰাজ্যসভাতো সংসদৰ নিৰাপত্তা উলংঘনৰ ওপৰত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে । আনহাতে, ৰাজ্যসভাত সাংসদসকলক বহিষ্কাৰ কৰাৰ পিছত দিনটোৰ বাকী সময়ৰ বাবে সদন স্থগিত ৰখা হয় । কিন্তু ইয়াৰ পূৰ্বে সদনৰ দিনটোৰ কাৰ্যসূচী তিনিবাৰ স্থগিত ৰাখিবলগা হয় ।

ইয়াৰ পূৰ্বে ৰাজ্যসভাই দিনটোৰ শেষৰ ফালে আবেলি ৪.৩০ বজাত সদনৰ কাৰ্যক্ৰমণিকা পুনৰ আৰম্ভ কৰে । কিন্তু কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ সদস্যসকলে প্ৰতিবাদ কৰিবলৈ ধৰে আৰু শ্লোগান দিবলৈ আৰম্ভ কৰে । আনহাতে, অধ্যক্ষ জগদীপ ধনখৰে সকলো সদস্যক নিজৰ নিজৰ আসনলৈ উভতি যাবলৈ আৰু সদনৰ কাৰ্যসূচী ভালদৰে পৰিচালনা কৰাত সহায় কৰিবলৈ অনুৰোধ জনায় ।

"মই সদস্যসকলক আপোনালোকৰ আসনত বহিবলৈ অনুৰোধ জনাইছোঁ । আপোনালোকে আপোনালোকৰ আসনৰ বাহিৰে আন কোনো স্থানৰ পৰা কথা ক'ব নোৱাৰে ।" তেওঁ কয় । লগতে তেওঁ যোগ দিয়ে, "এইটো আমাৰ বাবে এক বিৰক্তিকৰ দিন আছিল ।"

অধ্যক্ষ ধনখৰে লগতে কয় যে বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ চেম্বাৰত লগ কৰিবলৈ কৰা আবেদনত সঁহাৰি দিয়া নাই আৰু সদস্যসকলে জম্মু-কাশ্মীৰৰ মাতৃ আৰু ভগ্নীসকলৰ সৈতে সম্পৰ্কিত বিষয়টোত সহযোগিতা কৰা নাই । ইয়াৰ পিছত অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে ৪৫ গৰাকী সাংসদক বহিষ্কাৰ কৰে । ইয়াৰে ভিতৰত ১১ গৰাকীক বিশেষাধিকাৰ সমিতিয়ে তেওঁলোকৰ ওপৰত প্ৰতিবেদন দাখিল নকৰালৈকে বহিষ্কাৰ কৰা হয় ।

কিন্তু বিৰোধী সদস্যসকল নমনীয় নোহোৱাৰ বাবে ধনখৰে কয়, "ই ভাৰতৰ বিৰুদ্ধে কৰা অপৰাধতকৈ কম নহয় । আমি ব্যাঘাত আৰু বিভ্ৰান্তিক অস্ত্ৰ কৰি আছোঁ । এইটো হ'বলৈ দিব নোৱাৰি ।"

উল্লেখ্য যে ৰাজ্যসভাৰ এই পদক্ষেপৰ লগতে অধীৰ ৰঞ্জন চৌধুৰী, টি আৰ বালু আৰু সৌগত ৰয়কে ধৰি ৩৩ গৰাকী বিৰোধী সদস্যক দিনটোৰ আৰম্ভণিতে লোকসভাত প্লেকাৰ্ড প্ৰদৰ্শন কৰা আৰু সংসদৰ নিৰাপত্তা উলংঘনৰ বিষয়ত শ্লোগান দিয়াৰ বাবে বহিষ্কাৰ কৰা হয় । বিৰোধী সদস্যসকলে এই বিষয়টোত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি দাবী কৰি সদনৰ কাৰ্যক্ৰম ব্যাহত কৰিছিল ।

ডিএমকেৰ ১০ গৰাকী, তৃণমূল কংগ্ৰেছৰ নগৰাকী, কংগ্ৰেছৰ আঠগৰাকী আৰু আইইউএমএল, জেডি(ইউ) আৰু আৰএছপিৰ এগৰাকীকৈ সদস্যকে ধৰি ৩০ গৰাকী সদস্যক শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে বহিষ্কাৰ কৰা হয় । আন তিনিগৰাকী কংগ্ৰেছ সদস্যক বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন নহাৰ বাবে বহিষ্কাৰ কৰা হয় ।

আনহাতে, বিগত সপ্তাহত ১৩ গৰাকী বিৰোধী সদস্যক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল আৰু এগৰাকীক কাৰ্যক্ৰম ব্যাহত কৰাৰ বাবে ৰাজ্যসভাৰ পৰা বহিষ্কা কৰা হৈছিল । ইয়াকে লৈ এতিয়া বহিষ্কৃত বিৰোধী সদস্যৰ মুঠ সংখ্যা ৯২ গৰাকী । ইয়াৰে ভিতৰত লোকসভাৰ ৪৬ গৰাকী আৰু ৰাজ্যসভাৰ ৪৬ গৰাকী ।

ইফালে দিনটোৰ আৰম্ভণিতে ৰাজ্যসভাই নাৰী সংৰক্ষণ আইনৰ ব্যৱস্থাসমূহ পুডুচেৰী আৰু জম্মু-কাশ্মীৰৰ বিধান সভালৈ সম্প্ৰসাৰিত কৰিবলৈ দুখন বিধেয়ক গৃহীত কৰে । কিন্তু সেই সময়তো বিৰোধী সদস্যসকলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখে ।

লগতে পঢ়ক :শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে লোকসভাৰ ৩৩ গৰাকী বিৰোধী সাংসদক বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.