ETV Bharat / bharat

প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী...

author img

By

Published : Aug 20, 2021, 7:04 AM IST

আজি দেশৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম দিনটোত আহক জানো তেওঁৰ বিষয়ে কিছু কথা...

Rajiv Gandhi's 77th Birth Anniversary
প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী...

নিউজ ডেস্ক, 20 আগষ্ট : আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী ৷ ৰাজীৱ গান্ধী দেশৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী আছিল ৷ তেওঁৰ জন্ম দিনটো ‘সদ্ভাৱনা দিৱস’ হিচাপে সমগ্ৰ দেশতে উদযাপন কৰা হয় ৷ এই দিৱসৰ উদ্দেশ্য হ’ল সমগ্ৰ দেশতে বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তি, আৰু সাৰ্বভৌমত্বৰ প্ৰচাৰ কৰা ৷

1984 চনৰ 31 অক্টোৱৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছতে মাত্ৰ 40 বছৰ বয়সতে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ৰাজীৱ গান্ধী ৷ যেতিয়া দেশে স্বাধীনতা লাভ কৰিছিল আৰু পণ্ডিত জৱাহৰলাল নেহৰু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল তেতিয়া ৰাজীৱ গান্ধীৰ বয়স আছিল মাত্ৰ 3 বছৰ ৷

ৰাজীৱ গান্ধীৰ জয় জয়ন্তীৰ দিনটোত আহক জানো তেওঁৰ সন্দৰ্ভত কিছু কথা...

সামাজিক জীৱনৰ প্ৰতি বেছি আগ্ৰহ নথকা ৰাজীৱ গান্ধীয়ে মাতৃৰ মৃত্যুৰ পিছতে মাত্ৰ 40 বছৰ বয়সতে ভাৰতৰ দৰে এখন দেশৰ শাসনভাৰ নিজৰ হাতত ল’বলগীয়া হৈছিল ৷ নিজৰ স্কুলীয়া শিক্ষা ডেৰাডুনৰ ৱেলহাম প্ৰেপৰ পৰা সমাপ্ত কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ কেমব্ৰিজৰ ত্ৰিনিটি কলেজত নামভৰ্তি কৰিছিল ৷ তাৰ পৰা তেওঁ লণ্ডনৰ ইম্পেৰিয়েল কেলেজত ভৰ্তি হৈছিল ৷ যদিও ৰাজীৱ গান্ধীয়ে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল কিন্তু তেওঁ শিক্ষা সমাপ্ত কৰা নাছিল ৷

ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাৱিপত্নী এডভিজ এন্ট’নিয়া এলবিনা মাইনোক কেমব্ৰিজ বিশ্ববিদ্যালয়ত লগ পাইছিল ৷ 1964 চনত তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৰাজীৱ গান্ধী আৰু বিয়াৰ পিছতে তেওঁৰ পত্নীয়ে নাম সলাই ছোনিয়া গান্ধী হয় ৷

ৰাজীৱ গান্ধীৰ সংগীতৰ প্ৰতি যথেষ্ট ৰাপ আছিল; বিশেষকৈ ৱেষ্টাৰ্ণ আৰু ভাৰতীয় ক্লাচিকেল মিউজিকৰ প্ৰতি ৷ সংগীতৰ উপৰিও ফটোগ্ৰাফীৰ প্ৰতিও ৰাপ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ৷

তেওঁ পূৰ্বৰে পৰা ৰাজনীতিৰ প্ৰতি আগ্ৰহী নাছিল ৷ কেৱল সময়ৰ মেৰপাকত পৰিহে তেওঁ ৰাজনীতিত সক্ৰিয়ভাৱে পদাৰ্পণ কৰিছিল ; বিশেষকৈ 1980 চনত তেওঁৰ উচ্ছাভিলাসী ভাতৃ সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত ৷ ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাতৃ সঞ্জয় গান্ধীৰ সমষ্টি আমেথিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ 1891 চনত তেওঁ ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷

দেশৰপৰা দুৰ্নীতিক শিপাৰে সৈতে উভালি পেলাবলৈ নিজৰ চেষ্টা আৰু প্ৰতিশ্ৰুতিৰ বাবে ৰাজীৱ গান্ধীয়ে “Mr Clean” উপাধি পাইছিল ৷

ৰাজীৱ গান্ধীয়ে নিজৰ গাড়ী নিজে চলাই ভাল পাইছিল ৷ সম্ভৱতঃ তেৱেই একমাত্ৰ প্ৰধানমন্ত্ৰী যি নিজৰ গাড়ী নিজে চলাইছিল ৷ আনকি তেওঁ নিজৰ নিৰ্বাচনী প্ৰচাৰতো নিজৰ গাড়ী নিজে চালাইছিল ৷

নিজৰ কাৰ্যকালতে ৰাজীৱ গান্ধীয়ে 1985 চনত ‘anti-defection law’ কাৰ্যকৰী কৰিছিল ৷ এই আইনৰ অধীনত সদনলৈ নিৰ্বাচিত এগৰাকী সাংসদে পৰৱৰ্তী নিৰ্বাচনলৈ বিৰোধী দলত যোগদান কৰিব নোৱাৰে ৷ দেশৰ এগৰাকী উদ্যমশীল আৰু জনপ্ৰিয় প্ৰধানমন্ত্ৰী হিচাপে মনত পেলোৱা হয় ৰাজীৱ গান্ধীক ৷

চলিত বৰ্ষৰ 20 আগষ্টত তেওঁ 77 বছৰত ভৰি দিলেহেতেন যদিহে 1991 চনত মানৱ বোমা আক্ৰমণত তেওঁৰ মৃত্য নহ’লেহেতেন ৷

লগতে পঢ়ক : ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰৰ ৰূপত এগৰাকী অসম জীয়ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.