ETV Bharat / bharat

Father tries to crush daughter: হিন্দু যুৱকৰ লগত বিয়া হোৱাৰ বাবেই নিজ কন্যাক দেউতাকৰ হত্যাৰ চেষ্টা

author img

By

Published : Jul 29, 2022, 8:37 AM IST

এজন পিতৃয়ে দিনৰ পোহৰতে নিজ কন্যাক অটোৰে খুন্দিয়াই হত্যাৰ অপচেষ্টা চলায় (Father tried to kill his own daughter) ৷ গৰ্ভৱতী অৱস্থাত থকা ছোৱালীজনীয়ে অৱশ্যে কোনোপধ্যে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ।

rajasthan-father-tries-to-crush-daughter-with-an-auto-as-she-married-a-hindu-boy
হিন্দু যুৱকৰ লগত বিয়া হোৱাৰ বাবেই নিজ কন্যাক দেউতাকৰ হত্যাৰ চেষ্টা

নেশ্যনেল ডেস্ক, 29 জুলাই: দিনৰ পোহৰতে এজন পিতৃয়ে নিজ কন্যাক অটোৰে খুন্দিয়াই হত্যা কৰাৰ চেষ্টা চলায় (Father tried to kill his own daughter) । গৰ্ভৱতী অৱস্থাত থকা ছোৱালীজনীয়ে অৱশ্যে কোনোপধ্যে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় । ইফালে ঘটনা প্ৰত্যক্ষ কৰি সেই স্থানত উপস্থিত লোকসকল আগুৱাই অহাৰ পূৰ্বেই অভিযুক্ত পিতৃয়ে নিজৰ অটোখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে ।

ঘটনাটো ৰাজস্থানৰ ভৰতপুৰৰ ৷ মহানগৰীখনৰ অন্তৰ্গত নমক কটৰা অঞ্চলৰ মালি মহল্লাৰ বাসিন্দা ইছলাম খানৰ কন্যা নাগমা খানে পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে গৈ নৰেন্দ্ৰ কুমাৰ ছাইনী নামৰ এজন হিন্দু যুৱকৰ লগত বিয়া হৈছিল যিটো কথা পিতৃয়ে গ্ৰহণ কৰিব পৰা নাছিল ।

বৃহস্পতিবাৰৰ ঘটনাটোৰ পাছতেই নাগমাই অভিযোগ কৰে যে, পিতৃয়ে তেওঁলোকক হত্যা কৰাৰ উদ্দেশ্য আছিল আৰু লগত এটা বন্দুকো লৈ আহিছিল (Country-made gun)। ক’লে, "মই আনকি তেওঁক সন্মুখৰ পৰা অনুৰোধ কৰিছিলো যে মই গৰ্ভৱতী; কিন্তু তথাপিও তেওঁ সেই কথাৰ গুৰুত্ব নিদিলে ।' লগতে নাগমাৰ স্বামী নৰেন্দ্ৰ কুমাৰে উল্লেখ কৰা অনুসৰি, তেওলোক অহা মটৰচাইকেলখনক অটোত অহা দেউতাকে আগৰে পৰাই অনুসৰণ কৰি আহিছিল ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত যুৱক-যুৱতী দুয়োয়ে ঘৰৰ পৰা দিল্লীলৈ পলায়ন কৰি গৈ আৰ্য্য সমাজ মন্দিৰ(Arya Samaj Mandir)ত বিবাহপাশত আবদ্ধ হয় আৰু বিয়াৰ কেইদিনমান পিছত দুয়ো ভৰতপুৰলৈ উভতি যায় । আনহাতে নাগমাৰ পিতৃ ইছলাম খানে তেওঁৰ ছোৱালীক প্ৰলোভনেৰে অপহৰণ কৰি নি বলপূৰ্বকভাৱে বিয়া কৰোৱা বুলি যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ তৰিছিল । এনে পৰিপেক্ষিতত আৰক্ষীক দিয়া গোচৰ আৰু পৰিয়ালৰ লোকৰ পৰা হ’ব পৰা যিকোনো অঘটনৰ ভয়ত যুৱকজনে তেওঁৰ ডাঙৰ ভাতৃ আৰু পত্নীক মধ্যপ্ৰদেশৰ কাটনীলৈ লৈ যায় (Katni in Madhya Pradesh) । ইয়াৰ পিছত মথুৰাত গৈ দুমাহ থকাৰ সময়তে নাগমা হৈছিল গৰ্ভৱতী ৷

পিছত পুনৰ ভৰতপুৰলৈ উভতি আহি দুয়ো ভৰতপুৰৰ ৰঞ্জিত নগৰৰ এটা ভাড়াঘৰত থাকিবলৈ লয় । বৃহস্পতিবাৰে বিয়লি স্বামী নৰেন্দ্ৰই পত্নী নাগমাৰ ৰুটিন চেকআপৰ বাবে জননা হাস্পতাললৈ লৈ যায় য’ত নাগমাৰ পিতৃ ইছলামে দুয়োৰে ওপৰত চকু ৰাখি কন্যা নাগমাক নিজৰ অটোৰে চেপি হত্যা কৰিবলৈ চেষ্টা কৰে ।

আনহাতে আক্ৰমণৰ এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই সেই স্থানত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে দুয়োজনকে থানালৈ লৈ যায় । থানাত স্বামী-স্ত্ৰীৰ পৰা এজাহাৰ লোৱাৰ পিছত আৰক্ষীৰ বাহনেৰে দুয়োকে তেওলোকৰ ঘৰত নমাই থোৱাৰ ব্যৱস্থা কৰে । মথুৰাগেট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত স্বামী-স্ত্ৰীয়ে ৰুজো কৰা গোচৰৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক: Misbehave with woman passenger: মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা ষ্টেচন মাষ্টৰৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.