নেশ্যনেল ডেস্ক,7 ডিচেম্বৰঃ ৰাজস্থানৰ ভিলৱাৰা জিলাত ট্ৰাক আৰু মাৰুতি ভানৰ মুখামুখী সংঘৰ্ষত পাঁচজনকৈ লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে 12 জনকৈ লোক ৷ সূত্ৰই জনোৱা অনুসৰি ভানখনত থকা 15 জনকৈ যাত্ৰী এখন বিবাহ অনুষ্ঠানৰ পৰা উভটি আহি আছিল ৷
ঘটনাৰ তথ্য লাভ কৰাৰ পিছতেই তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় যশপুৰ আৰক্ষী চকীৰ ষ্টেচন ইনচাৰ্জ হৰীশ শংখন ৷ আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত আটাইকেইগৰাকী ব্যক্তিকে ভানখনৰ পাৰ বাহিৰলৈ উলিওৱা হয় আৰু আহত আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ভানখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ট্ৰাখখনৰ ভিতৰত সোমাই যায় ৷ দুৰ্ঘটনাটোৰ ফলত অঞ্চলটোত কেইবাঘন্টালৈ ব্যাহত হয় যাতায়ত ব্যৱস্থা ৷
লগতে পঢ়ক-অবৈধ সম্পত্তিৰ গোচৰত তেলেংগানাত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া