নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানৰ জয়চলমেৰত শনিবাৰে উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । মন্ত্ৰীগৰাকীক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে সকলো সংশ্লিষ্ট কতৃপক্ষ । অমিত শ্বাহক বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰী আৰু আন বিজেপি নেতাসকলে আদৰণি জনাব বুলি জানিব পৰা গৈছে ।
এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব (Amit Shah to attend BSF raising day), য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল ম: শফিনুল ইছলাম (DG of BGB to attend BSF foundation day) । জয়চলমেৰত উপস্থিত হৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰথমে তানোট ৰায় মাতা মন্দিৰ দৰ্শন কৰিব (Shah visit to Tanot Rai Mata Temple) আৰু তাৰ পাছতে বিএছএফৰ জোৱানসকলৰ সৈতে একেলগে মন্ত্ৰীগৰাকীয়ে আহাৰ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।
বিএছএফৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত বাংলাদেশ সীমান্ত সুৰক্ষা বাহিনীৰ মহা-পৰিদৰ্শক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে একেলগে উপস্থিত থাকিব । অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিসকলৰ সন্মুখত উটৰ কুচকাৱাজ, বিশেষভাৱে প্ৰশিক্ষিত বিএছএফ কুকুৰৰ কাৰ্যকলাপ, প্ৰশিক্ষিত জোৱানসকলৰ মটৰ পেৰেড আৰু পেৰাগ্লাইডিঙকে ধৰি মহিলা জোৱানসকলৰ শ্বাসৰুদ্ধকাৰী ষ্টাণ্ট (Breathtaking stunts of women) প্ৰদৰ্শন কৰা হ'ব । ইফালে অনুষ্ঠানটোৰ পাছতে অমিত শ্বাহে ৰাজ্যিক কাৰ্যকৰী সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :ভাৰতীয় নৌ সেনা দিৱস 2021