ETV Bharat / bharat

নিজৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি অভিহিত ৰাজ কুন্দ্ৰাৰ - ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ বাতৰি

মুম্বাই উচ্চ ন্যায়ালয়ত (Mumbai High Court) পৰ্ণোগ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় এটা গোচৰত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰে। কুন্দ্ৰাই আবেদনখনত গোচৰটোত তেওঁৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি বৰ্ণনা কৰিছে।

Raj Kundra moves Bombay HC, calls arrest 'illegal'
নিজৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি অভিহিত ৰাজ কুন্দ্ৰাৰ
author img

By

Published : Jul 23, 2021, 9:34 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুলাই : অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰাই মুম্বাই উচ্চ ন্যায়ালয়ত (Mumbai High Court) পৰ্ণোগ্ৰাফিক চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় এটা গোচৰত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰিছে । জানিব পৰা মতে কুন্দ্ৰাই আবেদনখনত গোচৰটোত তেওঁৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি বৰ্ণনা কৰিছে । ইফালে, একাংশ আৰক্ষী বিষয়াই মুম্বাইত তেওঁৰ বাসগৃহত অভিযান অব্যাহত ৰাখিছে ।

শেহতীয়াকৈ পৰ্ণোগ্ৰাফী তথা অশ্লীল ৱেব চিৰিজ (Web Series) নিৰ্মাণ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে আটক কৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাৰ (Shilpa Shetty)ৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা (Raj Kundra)ক । ইফালে ৰাজ কুন্দ্ৰাৰ অধিবক্তাই অশ্লীল চলচ্চিত্ৰৰ ওপৰত আৰক্ষীৰ গোচৰত ৰাজ কুন্দ্ৰাৰ ছবিৰ বিষয়বস্তুক পৰ্ণোগ্ৰাফী হিচাপে শ্ৰেণীবদ্ধ কৰাত আপত্তি জনাইছে । ৰাজ কুন্দ্ৰাই গোচৰটোত আগতীয়া জামিন বিচাৰিছিল যদিও তেওঁক শুকুৰবাৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।

এই গোচৰত বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হৈছে 11 জন লোকক ৷ যাৰ ভিতৰত আছে কুন্দ্ৰাৰ ঘনিষ্ঠ সহযোগী ৰিয়ান থৰ্প ৷ ৰিয়ানে তেওঁৰ কোম্পানীৰ তথ্য প্ৰযুক্তি দিশটো চোৱাচিতা কৰিছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰ: নীৰৱতা ভংগ কৰিলে শিল্পা চেট্টীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.