ETV Bharat / bharat

Chhattisgarh Assembly Elections 2023: নিৰ্বাচনত কেনে প্ৰভাৱ পেলাব বিনামূলীয়া আঁচনিয়ে ?

author img

By

Published : Aug 20, 2023, 11:24 AM IST

নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা নাই যদিও প্ৰতিটো দলে প্ৰস্তুতি আৰম্ভ কৰিছে । নিৰ্বাচনী ইস্তাহাৰত কোনে কিমান প্ৰতিশ্ৰুতি দিব পাৰে তাৰ আখৰাও আৰম্ভ হৈছে । আম আদমি পাৰ্টীয়ে ইতিমধ্যে ১০ টা গ্যেৰাণ্টি ঘোষণা কৰিছে । কিন্তু চৰকাৰৰ বিনামূলীয়া আঁচনিবোৰে ভোটাৰসকলক কেনেদৰে আকৰ্ষণ কৰিব ?

Chhattisgarh Assembly Elections 2023
নিৰ্বাচনত কেনে প্ৰভাৱ পেলাব বিনামূলীয়া আঁচনিয়ে

নেশ্যনেল ডেস্ক,২০ আগষ্ট : সমাগত ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিছে । কিছুমানে তেওঁলোকৰ ইস্তাহাৰক গ্যেৰাণ্টি কাৰ্ড আখ্যা দিছে । দলবোৰে বিভিন্ন ধৰণৰ বিনামূলীয়া সুবিধা আৰু সামগ্ৰী প্ৰদানৰ ঘোষণা কৰিছে । আম আদমি পাৰ্টীয়ে বিনামূলীয়া ৰেৱাৰী প্ৰদানৰ ঘোষণা কৰাকলৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে । কিন্তু বিনামূলীয়া আঁচনিবোৰৰ নিৰ্বাচনত কি প্ৰভাৱ আছে, ৰাজনৈতিক দলবোৰে ইয়াক কেনেদৰে লক্ষ্য কৰে আৰু ৰাজনৈতিক বিশেষজ্ঞসকলে ইয়াক কেনেদৰে পৰ্যালোচনা কৰে ।

প্ৰথমে যদি আম আদমি পাৰ্টীৰ কথা চোৱা যায়, তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত শনিবাৰে ৰাজ্যখনৰ জনসাধাৰণক ১০ টা গ্যেৰাণ্টি দিছে । লগতে বিনামূলীয়া স্বাস্থ্য, বিনামূলীয়া শিক্ষা, বিনামূলীয়া বিদ্যুৎ, মহিলাসকলক প্ৰতি মাহে ১০০০ টকা, বৃদ্ধসকলৰ বিনামূলীয়া তীৰ্থযাত্ৰা আদিৰ পৰিকল্পনা কৰিছে ।

কংগ্ৰেছ দলেও আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়া আঁচনি ঘোষণা কৰিছে । ১৫ আগষ্টত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অভিযান্ত্ৰিক আৰু চিকিৎসা প্ৰস্তুতিৰ বাবে বিনামূলীয়া অনলাইন প্ৰশিক্ষণ, উচ্চ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে । ইফালে কংগ্ৰেছে বিধানসভা নিৰ্বাচন ২০১৮-ৰ সময়তো ৰাজহুৱা ইস্তাহাৰত কিছুমান আঁচনিৰ কথা উল্লেখ কৰিছিল, যাৰ ভিতৰত আছে ঋণ ৰেহাই আৰু বিদ্যুত বিল আধা কৰা ।

আনহাতে বিজেপি দলেও বিনামূলীয়া আঁচনি ঘোষণা কৰাত পিছ পৰি থকা নাই । বিজেপি চৰকাৰে চাউল প্ৰতি কিলোগ্ৰামত ১ টকা আৰু ২ টকাত বিতৰণ কৰাৰ কথা ঘোষণা কৰি থৈছে । দলটোৱে পূৰ্বে বিভিন্ন ঘোষণা কৰিছিল ।

ইয়াৰ মাজতে আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ তথা ৰাষ্ট্ৰীয় সংগঠনৰ সাধাৰণ সম্পাদক ড৹ সন্দীপ পাঠকে কোৱা মতে আপে চৰকাৰ গঠন কৰিলে বিনামূলীয়া ৰেৱাৰী বিতৰণ কৰিব । যাৰ সমস্যা আছে তেওঁলোকে ভোট দিব নালাগে বুলিও তেওঁ কয় ।

কিন্তু বিজেপিৰ ৰাজ্যিক মিডিয়া বিভাগৰ মুৰব্বী অমিত চিমনানীয়ে কয় যে ছত্তীশগড়ত আম আদমি পাৰ্টীৰ কোনো প্ৰভাৱ নাই । তেওঁ দাবী কৰা মতে ছত্তীশগড়ত বিজেপি আৰু কংগ্ৰেছৰ মাজতে প্ৰতিদ্বন্দিতা হ'ব । কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে দলটোৱে কেৱল প্ৰৱঞ্চনাহে কৰিছে । কংগ্ৰেছৰ প্ৰতিশ্ৰুতি এতিয়াও অসম্পূৰ্ণ বুলি তেওঁ দাবী কৰে ।

ৰাজ্যিক কংগ্ৰেছৰ মুখপাত্ৰ ধনঞ্জয় সিং ঠাকুৰে বিজেপিক সমালোচনা কৰি কয় যে যদি বিজেপিয়ে ১৫ বছৰত ৰাজ্যখনৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলেহেঁতেন, তেন্তে ১৫ খন আসনতে সীমাবদ্ধ হৈ থাকিব নালাগিলহেঁতেন । বিজেপিয়ে বহু প্ৰতিশ্ৰুতি দিছিল কিন্তু সেইবোৰ পূৰণ কৰা হোৱা নাছিল বুলিও তেওঁ দাবী কৰে ।

ইফালে ৰাজনৈতিক বিশেষজ্ঞ তথা জ্যেষ্ঠ সাংবাদিক দিবাকৰ মুক্তিবোধে কয় যে নিৰ্বাচনত বিনামূলীয়া ৰেৱাৰী প্ৰদানৰ ঘোষণাৰ প্ৰভাৱ পৰিব । প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে এই ঘোষণাবোৰে নিৰ্বাচনক প্ৰভাৱিত কৰিব । বিজেপি হওক বা বৰ্তমানৰ কংগ্ৰেছ চৰকাৰে হওক । বিনামূলীয়া আঁচনিৰ ঘোষণাই ভোটাৰসকলৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই আহিছে । এই ঘোষণাবোৰে এইবাৰৰ নিৰ্বাচনতো প্ৰভাৱ পেলাব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Aam Aadmi Guarantee Card: নিৰ্বাচনমুখী ছত্তীশগড়ত কেজৰিৱালৰ 10 গেৰাণ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.