ETV Bharat / bharat

পুনৰ প্ৰকৃতিৰ ৰোষত মহাৰাষ্ট্ৰ

author img

By

Published : Jul 24, 2021, 8:34 PM IST

প্ৰৱল বৃষ্টিপাত, বানপানী, ভূমিস্খলনৰ কৱলত মহাৰাষ্ট্ৰ । এতিয়ালৈ ৰাজ্যখনত ৬৫ জনৰ মৃত্যু । মৃতকৰ আত্মীয়সকলৰ বাবে ২ লাখ টকাৰ অনুদান ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । একেদৰে, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে নিহত সকলৰ পৰিয়ালৰ বাবে ৫ লাখ টকাৰ অনুদান ঘোষণা কৰিছে ৷

Landslide lashed Maharashtra
পুনৰ প্ৰকৃতিৰ ৰোষত মহাৰাষ্ট্ৰ

নেশ্যনেল ডেস্ক, ২৪ জুলাই : পুনৰ প্ৰকৃতিয়ে মহাৰাষ্ট্ৰত কালৰূপ ধাৰণ কৰিছে । ধাৰাসাৰ বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ ফলত কোংকন, মুম্বাই, কোলহাপুৰ, চাংলি আৰু চাটাৰাত প্ৰায় ৬৫ গৰাকী লোকে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । ৰায়গড় জিলাৰ তালাই গাঁৱত ভূমিস্খলনৰ ফলত কমেও ৩৮ জন লোক নিহত হোৱাৰ লগতে পোলাদপুৰৰ ভূমিস্খলনত ১১ জন লোকে মৃত্যুক সাৱটিছে । সাটাৰাত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বিভিন্ন দুৰ্ঘটনাত ১২ গৰাকী লোকৰ মৃত্যু হৈছে আৰু মুম্বাইৰ গোৱন্দিত এটা ঘৰ খহি পৰাত চাৰিজন লোকে মৃত্যুক সাৱটি লৈছে ।

প্ৰধানমন্ত্ৰীৰ অনুদান ঘোষণা

মহাৰাষ্ট্ৰৰ এনে পৰিস্থিতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ অনুদান ঘোষণা কৰিছে । ৰায়গড়ৰ ভূমিস্খলনত নিহত সকলৰ পৰিয়ালক ২ লাখ টকা আৰু আহত সকলক ৫০,০০০ টকাকৈ অনুদান দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ভাৰতৰ ৰাষ্ট্ৰপতিয়েও ৰাজ্যখনত বানপানীত ক্ষতিগ্ৰস্ত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । গৃহমন্ত্ৰী অমিত শ্বাহেও এই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে আৰু কেন্দ্ৰৰ পৰা সকলো সম্ভৱপৰ সহায়ৰ আশ্বাস দিছে ।

ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত অসুবিধা - মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ৰাজ্যখনৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে প্ৰশাসনক ২৪ ঘণ্টা কাম কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে, ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলসমূহ । তেওঁ লগতে ৰাজ্যখনত দুৰ্যোগ সম্পৰ্কীয় ঘটনাত নিহত সকলৰ পৰিয়ালক ৫ লাখকৈ অনুদান দিয়াৰ কথা ঘোষণা কৰে । ইফালে, উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰে ।

ৰায়গড়ত ৪৯ গৰাকী নিহত

ৰায়গড়ৰ তালাইত হোৱা ভূমিস্খলনৰ ফলত প্ৰায় ৩৮ গৰাকী আৰু পোলাদপুৰৰ ভূমিস্খলনত ১১ গৰাকী লোকৰ মৃত্যু হয় । ৰায়গড়ত এনডিআৰএফ(NDRF)এ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

সাতাৰাত নিহত ১২ গৰাকী

সাতাৰাত ভূমিস্খলনকে ধৰি বিভিন্ন দুৰ্ঘটনাত ১২ গৰাকী লোকৰ মৃত্যু হয় । পাটন জিলাত চাৰিজন লোকৰ মৃত্যু হয় আৰু তিনিটা পৰিয়াল সন্ধানহীন হৈ আছে । জিলাখনত প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

মুম্বাইত ঘৰ খহি পৰাত ৪ গৰাকী নিহত

মুম্বাইৰ গোৱন্দিৰ শিৱাজী নগৰত এটা ঘৰ খহি পৰাৰ ফলত চাৰি গৰাকী লোক নিহত হয় আৰু আন সাত গৰাকী আহত হৈছিল । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ।

ৰত্নাগিৰিত ১৮০০ গৰাকীক উদ্ধাৰ

ৰত্নগিৰিৰ চিপলুনত ১,৮০০ গৰাকী বানপীড়িত লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । চিপলুনৰ পোচাৰে-বৌধৱাড়ীত ভূমিস্খলনৰ ফলত ১৭ গৰাকী লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে । ইয়াৰ উপৰিও খেদ তালুকাৰ ধামনান্দত ১৭ টা ঘৰ খহি পৰা বহুকেইগৰাকী লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰিছে ।

বানপানীৰ বিষয়টোক গুৰুত্ব সহকাৰে লোৱা নাই ঠাকৰেয়ে - পাটিল

বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰকান্তদাদা পাটিলৰ মতে, মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে বান পৰিস্থিতিৰ বিষয়ত গুৰুত্ব দিয়া নাই কিয়নো তেওঁ ঘটনাস্থলীৰ পৰিৱৰ্তে তেওঁৰ বাসগৃহ মাতোশ্ৰীৰ পৰাহে কাম কৰি আছে । শুকুৰবাৰে আহমেদনগৰত দলীয় সাংগঠনিক বৈঠকত উপস্থিত থাকি তেওঁ বৰ্তমানৰ বান পৰিস্থিতিকলৈ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক লক্ষ্য কৰি লোৱা দেখা যায় ।

লগতে পঢ়ক:তেলেংগানাত বান: উদ্ধাৰ অভিযানত সহায় কৰিবলৈ কংগ্ৰেছ কৰ্মীক আহ্বান ৰাহুলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.