ETV Bharat / bharat

Heavy Rainfall in North India : উত্তৰ ভাৰতত তীব্ৰ বৰষুণত নিহত ১৪; হিমাচল সৰ্বাধিক ক্ষতিগ্ৰস্ত

উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত বিগত ২৪ ঘণ্টাত ধাৰাসাৰ বৰষুণ হৈছে । যাৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু হৈছে । আনহাতে, কোটি কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে । হিমাচল প্ৰদেশত বৃহৎ ভূমিস্খলনৰ লগতে দলং আৰু গাড়ী উটুৱাই নিয়া দেখা গৈছে । ইফালে ৰাষ্ট্ৰীয় ৰাজধানীত ১৯৮২ চনৰ পৰা জুলাই মাহত এটা দিনত সৰ্বাধিক বৰষুণ হৈছে ।

Heavy Rains in North India
Heavy Rains in North India
author img

By

Published : Jul 9, 2023, 6:15 PM IST

নিউজ ডেস্ক, ৯ জুলাই : প্ৰবল বৰষুণৰ ফলত উত্তৰ ভাৰতৰ কেইবাটাও স্থানত কমেও ১৪ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে । লগতে ভূমিস্খলনৰ ফলত বহু ঘৰ আৰু ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে । পথৰ ওপৰত বৃহৎ পৰিমাণৰ পানী জমা হোৱাৰ লগতে কেইবাখনো দলং উটুৱাই নিছে ।

এতিয়ালৈকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত আছে হিমাচল । ৰাজ্যখনত অতি কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । লগতে ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ একাধিক ঘৰ আৰু অন্যান্য প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে । উত্তৰাখণ্ডত এখন গাড়ী ভূমিস্খলনৰ ফলত খুন্দা খাই গংগাত ডুব যোৱাৰ ফলত কমেও তিনিজন লোক নিহত হৈছে । আনহাতে, ১৯৮২ চনৰ পৰা জুলাই মাহত দিল্লীত এটা দিনত সৰ্বাধিক বৰষুণৰ ৰেকৰ্ড কৰা হৈছে । লগতে বৰষুণে ৰাষ্ট্ৰীয় ৰাজধানীকো অচল কৰি পেলাইছে ।

উল্লেখ্য যে জম্মু-কাশ্মীৰত শনিবাৰে সন্ধিয়া পুঞ্চ জিলাত আকস্মিক বানপানীত উটি গৈ দুজন সেনা জোৱানৰ মৃত্যু হয় । ৰাজস্থানৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ ফলত শনিবাৰে পৃথক ঘটনাত চাৰিজন লোকৰ মৃত্যু হয় । চিত্তোৰগড়ত বজ্ৰপাতৰ ফলত এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃত্যু হয় । আনহাতে, সৱাই মাধোপুৰত দুটা পৃথক ঘটনাত দুজন পুৰুষ পানীত ডুব যায় ।

ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান, পঞ্জাব আৰু জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে । আইএমডিয়ে কয় যে উত্তৰ ভাৰতৰ ওপৰত এক পশ্চিমী বতাহে বিৰাজ কৰাৰ ফলত শনিবাৰ আৰু দেওবাৰে তীব্ৰ বৰষুণ হয় ।

আইএমডিয়ে ৯ জুলাইৰ দুপৰীয়া ১ বজাৰ বুলেটিনত কয়, "হিমাচল, উত্তৰাখণ্ড আৰু পঞ্জাব আৰু হাৰিয়ানাৰ কাষৰীয়া অঞ্চলত দেওবাৰে ধাৰাসাৰ বৰষুণ হয় । উত্তৰ-পশ্চিম ভাৰতত পৰৱৰ্তী ৫ দিনত পশ্চিম হিমালয় অঞ্চল, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত পাতল/মধ্যমীয়াৰ পৰা তীব্ৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । দেওবাৰে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়ৰ কাষৰীয়া জিলাবোৰতো ছেগাচোৰোকাকৈ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ১০-১৩ জুলাইলৈকে উত্তৰ প্ৰদেশত প্ৰচুৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।"

লগতে পঢ়ক :himachal weather : হিমাচলত ৰেড এলাৰ্ট জাৰি; ঘৰ খহি তিনিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.