ETV Bharat / bharat

Agra potatoes export to NE : কিষাণ ৰে'লৰ জৰিয়তে অসমলৈ প্ৰেৰণ আগ্ৰাৰ আলু - Agra potatoes export to NE

উত্তৰ প্ৰদেশত আলুৰ উৎপাদন এইবাৰ যথেষ্ট ভাল (Potato production in Uttar Pradesh)। যাৰ বাবে কৃষকসকলে দক্ষিণৰ ৰাজ্যসমূহৰ দৰে উত্তৰ-পূবৰ ৰাজ্যসমূহলৈও আলু ৰপ্তানিৰ দাবী জনাইছিল । ৰে'ল বিভাগে ইতিমধ্যে এই দাবীৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ কিষাণ ৰে'লৰ জৰিয়তে আলু ৰপ্তানিৰ পদক্ষেপ লৈছে ।

Agra potatoes export to NE
কিষাণ ৰে'লৰ জৰিয়তে অসমলৈ প্ৰেৰণ আগ্ৰাৰ আলু
author img

By

Published : May 25, 2023, 4:39 PM IST

কিষাণ ৰে'লৰ জৰিয়তে অসমলৈ প্ৰেৰণ আগ্ৰাৰ আলু

নেশ্যনেল ডেস্ক,২৫ মে': উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ আগ্ৰাৰ আলু প্ৰেৰণ কৰিবলৈ বিশেষ পদক্ষেপ লৈছে ৰে'ল বিভাগে । আলু খেতিয়কৰ দাবীত উত্তৰ মধ্য ৰে'লৱেই কিষাণ ৰে'ল পৰিচালনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে । ইতিমধ্যে, আগ্ৰাৰ পৰা দক্ষিণ ভাৰতৰ ৰাজ্যসমূহলৈ আলু প্ৰেৰণ কৰা হৈছে । সোনকালেই ৰে'লৱেই এই আলু কিষাণ ৰে'লৰ দ্বাৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈও প্ৰেৰণ কৰিব (Agra potatoes export to North Eastern states)। কৃষকসকলে কিষাণ ৰে'লৰ দ্বাৰা আলু পৰিবহণৰ ক্ষেত্ৰত ভাড়া কমকৈ পৰিশোধ কৰিলে হ'ব । একে সময়তে, তেওঁলোকে আলুৰ বাবেও ভাল মূল্য পাব ।

সেয়েহে, কিষাণ ৰে'লৰ ১৫ ৰ পৰা ২০ টা ৰেক উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব । ইফালে কৃষকসকলে আশংকা কৰিছে যে কিষাণ ৰে'লৰ কয়লা বা চিমেণ্ট ডবাত আলু পৰিবহণ কৰিলে আলু নষ্ট হ'ব । যাৰ ফলত তেওঁলোকৰ ক্ষতি হ'ব । সেয়েহে, উত্তৰ মধ্য ৰে'লৱেৰ দ্বাৰা চাফাৰী ৰে'লৰ ডবা ক্ৰয় কৰা হৈছে (Carriage coaches to export Agra potatoes to NE)। কৃষকসকলৰ দাবীত কিষাণ ৰে'লত থকা আসনত আলুৰ মোনাবোৰ প্ৰেৰণ কৰা হ'ব ।

তাৎপৰ্যপূৰ্ণভাৱে, উত্তৰ প্ৰদেশত এইবাৰ আলুৰ যথেষ্ট উৎপাদন হৈছে । বিশেষ কৈ আগ্ৰাৰ কৃষকসকল আলুৰ উৎপাদনত অতি সুখী হৈছে । অৱশ্যে, তেওঁলোকে প্ৰায় আলুৰ মূল্য সঠিক ধৰণে নাপায় । ইফালে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আলুৰ এমএছপি প্ৰতি কুইন্টলত ৬৫০ টকাকৈ মুকলি কৰিছে । যিটো আলু শস্যৰ ব্যয়তকৈ কম বুলি গণ্য কৰা হৈছে । যাৰ বাবে কৃষকসকল হতাশ হোৱা দেখা গৈছে ।

ইয়াৰ মাজতে খেতিয়ক আৰু আলু ব্যৱসায়ীসকলে চৰকাৰক আলু ৰপ্তানি কৰিবলৈ নিৰন্তৰ দাবী কৰি আছে । এই বছৰো কৃষকসকলে ভাৰতীয় ৰে'লৱেক দেশৰ বিভিন্ন প্ৰান্তলৈ আলু প্ৰেৰণৰ বাবে কিষাণ ৰে'ল পৰিচালনাৰ দাবী জনাইছে ।

এনচিআৰ ৰে'লৱেৰ আগ্ৰা মণ্ডলৰ পিআৰঅ' প্ৰশস্ত্ৰী শ্ৰীবাস্তৱে কোৱা মতে কৃষকসকলে দাবী কৰিছে যে এইবাৰ কিষাণ ৰে'লত আলু পৰিবহণৰ বাবে কয়লা বা চিমেণ্টৰ ডবা স্থাপন কৰিব নালাগে । এই কম্পাৰ্টমেণ্টবোৰত আলু নষ্ট হয় । ইয়াৰ বাবে, তেওঁলোকে লোকচানৰ সন্মুখীন হ'ব লগা হয় । কৃষকসকলৰ ক্ষতিৰ কথা মনত ৰাখি ৰে'লৱেৰ বিষয়াসকলে অধিক পৰিশ্ৰম কৰিব লাগিব ।

গ্ৰীষ্ম বন্ধৰ বাবে অতিৰিক্ত ৰে'লৰ বাবে, এনচিআৰৰ ৰে'ল কৰ্তৃপক্ষই কিষাণ ৰে'লৰ বাবে যাত্ৰীবাহী ডবাৰ ব্যৱস্থা কৰিছে (Special Kisan Rail for Potatoes export)। ইয়াৰ পাছতহে, আগ্ৰাৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ কিষাণ ৰে'লৰ আসনত আলুৰ বেগবোৰ ৰাখি পৰিবহন কৰা হ'ব ।

যমুনা দলং ৰে'ল ষ্টেচনৰ পৰা কিষাণ ৰে'ল ইতিমধ্যে আলু লৈ অসমলৈ ৰাওনা হৈছে । কিষাণ ৰে'লৰ জৰিয়তে আগ্ৰাৰ পৰা অসমৰ চাংসাৰি ৰে'ল ষ্টেচনলৈ আলু প্ৰেৰণ কৰা হৈছে । ৰে'লৱেই আগ্ৰাৰ পৰা আলু পৰিবহণ কৰাৰ ক্ষেত্ৰত ভাড়াত ৰেহাই দিয়ে । যাৰ বাবে কম পৰিবহণ ব্যয়ত কৃষকৰ আলু আন এখন ৰাজ্য পায় ।

আগ্ৰাৰ পৰা মালয়েছিয়া, কুৱেইট, কাটাৰ, চৌদি আৰৱ, নেপাল আৰু অন্যান্য দেশলৈও আলু ৰপ্তানি কৰা হয় । কৃষকসকলে দাবী জনাইছে যে চৰকাৰে পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান, ভূটান আৰু দক্ষিণ আফ্ৰিকালৈও আলু ৰপ্তানি কৰিব লাগে ।

লগতে পঢ়ক :AFSPA will be removed from Assam : অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ'ব AFSPA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.