ETV Bharat / bharat

অস্থায়ী শ্ৰমিকক ১০০ শতাংশ নূন্যতম মজুৰি পৰিশোধৰ অশ্বাস ৰে'লৱেৰ

শ্ৰমিক কল্য়াণ-ই-আবেদনৰ জৰিয়তে চুক্তিবদ্ধ হোৱা অস্থায়ী শ্ৰমিকক ১০০ শতাংশ নূন্যতম মজুৰি পৰিশোধ কৰিব বুলি নিশ্চিত কৰিলে ভাৰতীয় ৰে'ল বিভাগে । দৈনিক উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা শ্ৰমিকৰ সুবিধাৰ্থে এই ৰে'ল বিভাগে এই পদক্ষেপ গ্ৰহণ কৰে ।

author img

By

Published : Mar 12, 2021, 1:49 PM IST

অস্থায়ী শ্ৰমিকক ১০০ শতাংশ নূন্যতম মজুৰি পৰিশোধৰ অশ্বাস ৰে'লৱেৰ
অস্থায়ী শ্ৰমিকক ১০০ শতাংশ নূন্যতম মজুৰি পৰিশোধৰ অশ্বাস ৰে'লৱেৰ

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: বৃহস্পতিবাৰে ভাৰতীয় ৰে'ল বিভাগে ঘোষণা কৰে যে, বিভাগটোত কৰ্মৰত অস্থায়ী শ্ৰমিকসকলক ১০০ শতাংশ নূন্যতম মজুৰি পৰিশোধ কৰা হ'ব । শ্ৰমিক কল্য়াণ-ই-আবেদনৰ জৰিয়তে এই সুবিধা প্ৰদান কৰিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে । ৰে'ল মন্ত্ৰালয়ে এক বিবৃত্তিযোগে প্ৰকাশ কৰে যে, মঙলবাৰে ভাৰতীয় ৰে'ল বিভাগৰ শ্ৰমিক কল্যাণ ই-আবেদনৰ জৰিয়তে ৩,৪৯,৫৯০ লাখ টকা মজুৰিৰ তথ্য পঞ্জীয়ন কৰা হৈছিল ।

ইয়াত উল্লেখ কৰা হৈছিল যে, মঙলবাৰেলৈকে মুঠ ১৫,৮১২ জন ঠিকাদাৰ আৰু ৩,৮১,৮৩১ জন অস্থায়ী শ্ৰমিকে এই পৰ্টেলত পঞ্জীয়ন কৰিছিল । লগতে, মুঠ ৪৮,৩১২ খন গ্ৰহণপত্ৰ(এলওএ), ৩,৪৯,৫৯০ লাখ টকা(৩,৪৯৫ কোটি টকাতকৈ অধিক) মজুৰিৰ তথ্য ভাৰতীয় ৰে'ল বিভাগৰ এই পৰ্টেলত পঞ্জীয়ন কৰা হৈছে । মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতীয় ৰে'ল বিভাগৰ শ্ৰমিক কল্য়াণ-ই-আবেদন ২০১৮ চনৰ ১ অক্টোবৰত বিকশিত আৰু উদ্বোধন কৰা হৈছিল ।

এই ই-আবেদনে নূন্যতম মজুৰি আইনৰ অধীনত কাম কৰাতো নিশ্চিত কৰে আৰু ভাৰতীয় ৰে'ল বিভাগত কাম কৰা অস্থায়ী শ্ৰমিকসকলক ঠিকাদাৰে নিয়মীয়াকৈ মজুৰি পৰিশোধৰ তথ্য ই-আবেদনত আপলোড কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । ই-আবেদনে মুখ্য নিয়োগকৰ্তা হিচাপে ৰে'ল বিভাগক, ঠিকাদাৰে অস্থায়ী শ্ৰমিকসকলক বিতৰণ কৰা মজুৰিৰ ওপৰত নিৰীক্ষণ ৰখাত সহায় কৰে । মন্ত্ৰালয়ৰ অধীনত থকা সকলো ৰাজহুৱা খণ্ডৰ উদ্যোগেও বৰ্তমান এই ই-আবেদন ব্যৱহাৰ কৰি আছে ।

লগতে পঢ়ক:বাংগালুৰুৰ মডেলক আক্ৰমণঃ প্ৰকৃততে দোষী কোন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.