নিউজ ডেস্ক, ৩১ আগষ্ট : জ্যেষ্ঠ নেতা অৰবিন্দৰ সিং লাভলীক দিয়া হৈছে দিল্লী কংগ্ৰেছৰ দায়িত্ব । দলটোৰ ভিতৰচ'ৰাত কেইবাটাও বাক-বিকণ্ডা আৰু প্ৰবল চাপ অতিক্ৰম কৰি কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধী আৰু দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে অৱশেষত বৃহস্পতিবাৰে লাভলীক দিল্লী কংগ্ৰেছৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয় ।
উল্লেখ্য যে লাভলী হৈছে এগৰাকী শিখ নেতা । তেওঁ প্ৰাক্তন মন্ত্ৰী আৰু তিনিবাৰৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ ঘনিষ্ঠ সহায়ক । তেওঁ দিল্লী কংগ্ৰেছত অনিল চৌধুৰীৰ স্থান ল'ব । লাভলীৰ এই নিযুক্তি কংগ্ৰেছৰ বাবে বিভিন্ন কাৰণত গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ।
দিল্লী কংগ্ৰেছৰ মুৰব্বী হোৱাৰ প্ৰতিদ্বন্দ্বিতাত লাভলীৰ প্ৰতিদ্বন্দ্বী আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱেন্দ্ৰ যাদৱ । লাভলীয়ে এক কঠোৰ প্ৰতিদ্বন্দ্বিতাত দেৱেন্দ্ৰ যাদৱক পৰাজিত কৰে । উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰীজনৰ নিযুক্তি এনে এটা দিনত আহিছে, যিটো দিনত মুম্বাইত ইণ্ডিয়া মিত্ৰজোঁটৰ তৃতীয়খন বৈঠক আৰম্ভ হৈছে ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে দিল্লী আৰু পঞ্জাব কংগ্ৰেছৰ তীব্ৰ আপত্তি সত্ত্বেও কংগ্ৰেছ হাইকমাণ্ডে ২০২৪ চনৰ নিৰ্বাচনৰ বাবে আপৰ সৈতে মিত্ৰতাৰ সম্ভাৱনা অন্বেষণ কৰি আছে । আনহাতে, দিল্লী কংগ্ৰেছৰ বিদায়ী মুৰব্বী অনিল চৌধুৰী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ দল আপৰ শক্তিশালী সমালোচক আছিল ।
লাভলীৰ সভাপতি নিযুক্তিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনিল চৌধুৰীয়ে ইটিভি ভাৰতক কয়, "দিল্লীৰ নতুন সভাপতি হোৱাৰ বাবে মই মোৰ জ্যেষ্ঠ ভাতৃক অভিনন্দন জনাইছোঁ ।"
উল্লেখ্য যে ২০১৭ চনত লাভলীয়ে বিজেপিত যোগদান কৰিছিল । কিন্তু এবছৰৰ ভিতৰতে তেওঁ পুনৰ উভতি আহে । তেওঁ কংগ্ৰেছলৈ উভতি আহি কৈছিল যে কংগ্ৰেছ এৰি যোৱাটো তেওঁৰ বাবে এটা অপছন্দনীয় বিকল্প আছিল আৰু তেওঁ গেৰুৱা দলৰ বাবে অনুপযুক্ত ।
তেতিয়াৰে পৰা তেওঁ দলত একপ্ৰকাৰ একাষৰীয়া হৈ আছিল । কিন্তু বৃহস্পতিবাৰে তেওঁকেই দলটোৰ গুৰু দায়িত্ব প্ৰদান কৰাত মহা পুৰণি দলটোৰ বহুতকে আচৰিত কৰি তুলিছে । উল্লেখ্য যে দেৱেন্দ্ৰ যাদৱ হৈছে উত্তৰাখণ্ডৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত নেতা আৰু কংগ্ৰেছ ৱৰ্কিং কমিটীৰ তেওঁ স্থায়ী আমন্ত্ৰিত সদস্য । কিন্তু তেওঁ দিল্লীৰ ৰাজনীতিতো সক্ৰিয় হৈ আছে ।
লগতে পঢ়ক :INDIA Alliance Meeting : বিৰোধী বৈঠকৰ পূৰ্বে সিদ্ধি বিনায়কৰ মন্দিৰত উপস্থিত লালু প্ৰসাদ যাদৱ